প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ গ্ৰামাঞ্চলত কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২০ জুন তাৰিখে মুকলি কৰিব গৰীব কল্যাণ ৰোজগাৰ অভিযান

প্ৰব্ৰজিত শ্ৰমিকসকলক সহায় কৰিবলৈ এক অভিযান পদ্ধতিৰে কাম কৰিবলৈ ৬ খন ৰাজ্যৰ ১১৬ খন জিলাত ১২৫ দিন ধৰি একেৰাহে চলিব কাম

এই অভিযানে আন্তঃগাঁথনিৰ উপৰিও নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো আেনিব ব্যাপক পৰিবৰ্তন

গৰীব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ৫০,০০০ কোটি টকাৰ ৰাজহুৱা কাম সম্পাদন কৰা হ’ব

Posted On: 18 JUN 2020 9:24AM by PIB Guwahati

উভতি অহা প্ৰব্ৰজনকাৰী শ্ৰমিক তথা গ্ৰামাঞ্চলৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকক কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰিবলৈ কেন্দ্ৰ চৰকাৰে এক ব্যাপক পৰিসৰৰ গ্ৰামীণ সাৰ্বজনীন কৰ্মসংস্থান নিশ্চয়তা আঁচনি “গৰীব কল্যাণ ৰোজগাৰ অভিযান” আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ২০ জুন তাৰিখে দিনৰ ১১ টা বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্প মুকলি কৰিব। বিহাৰৰ খাগাৰিয়া জিলাৰ বেলদৌৰ ব্লকৰ তেলিহাৰ গাওঁত আৰম্ভ হ’ব এই প্ৰকল্প। আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে অনলাইনৰ মাধ্যমেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শাৰীৰিক দূৰত্ব বজায় ৰাখি উমৈহতীয়া সেৱা কেন্দ্ৰ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ মাধ্যমেৰে ৬খন ৰাজ্যৰ ১১৬ খন জিলাৰ গাওঁবাসীয়েও এই অনুষ্ঠানত যোগ দিব।


বিশেষ গুৰুত্ব সহকাৰে ১২৫ দিন ধৰি এই অভিযান চলাই নিয়া হ’ব। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থানৰ সুযোগ সৃষ্টি কৰিবলৈ ২৫ ধৰণৰ কামৰ ব্যৱস্থা কৰা হ’ব আৰু ভাৰতৰ গ্ৰামাঞ্চলতো বিভিন্ন পৰিকাঠামো প্ৰস্তুত কৰা হ’ব। ইয়াৰ বাবে ৫০ হাজাৰ কোটি টকাৰ এক আঁচনি সাজু কৰা হৈছে।

বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাড়খণ্ড আৰু উৰিষ্যা - এই ছখন ৰাজ্যৰ ১১৬ খন জিলাৰ উভতি অহা ২৫ হাজাৰতকৈও অধিক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰ মাজতে ২৭ খন উচ্চাকাঙ্খী জিলাও আছে। এই জfলাবোৰৰ দুই-তৃতীয়াংশ প্ৰব্ৰজনকাৰী শ্ৰমিক ইয়াৰ ফলত উপকৃত হ’ব।

গ্ৰামোন্নয়ন, পঞ্চায়তীৰাজ, পথ পৰিবহণ আৰু ঘাইপথ, খনি, পানীয় জল আৰু পয়ঃনিষ্কাষণ, পৰিৱেশ, ৰে’ল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, নতুন আৰু পুণৰ্নবীকৰণযোগ্য উৎস, সীমান্ত পথ, টেলিকম আৰু কৃষি - এই ১২ টা বিভিন্ন মন্ত্ৰালয় বা দপ্তৰৰ যৌথ প্ৰয়াসেৰে এই কাৰ্যসূচী ৰূপায়িত হ’ব।

*****

VRRK/VJ/RD



(Release ID: 1632439) Visitor Counter : 254