আয়ুষ

‘‘য়োগা এট হোম, য়োগা উইথ ফেমিলি’ শিবিৰৰ সৈতে ২০২০ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস পালনৰ দিশত অগ্ৰসৰ আয়ুষ মন্ত্ৰালয়

Posted On: 16 JUN 2020 1:13PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে জনসাধাৰণৰ জীৱন স্তব্ধ কৰি তুলিছে৷ এই পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস পালন কৰিবলৈ আয়ুষ মন্ত্ৰালয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে৷  ২১ জুন ২০২০ তাৰিখে পুৱা ৬.৩০ বজাত আয়ুষ মন্ত্ৰালয়ে দূৰদৰ্শনৰ জৰিয়তে এই কাৰ্যসূচী প্ৰচাৰ কৰিব৷

চলিত বৰ্ষৰ যোগ দিৱসত আয়ুষ মন্ত্ৰালয়ে ‘‘য়োগা এট হোম, য়োগা উইথ ফেমিলি’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰিছে৷ বিগত বৰ্ষসমূহত বিশ্বৰ জনসাধাৰণে যোগ দিৱস পালনৰ জৰিয়তে ভাৰতৰ সংস্কৃতি তথা পৰম্পৰা উদযাপিত কৰিছিল৷

আজি সমগ্ৰ বিশ্বই ক’ভিড-১৯ৰ দ্বাৰা বিপৰ্যস্ত হোৱাৰ সময়ত যোগ সঁচাকৈয়ে বৰ্তমানৰ পৰিস্থিতিৰ বাবে প্ৰাসংগিক হৈ পৰিছে, যিহেতু ই শাৰীৰিক তথা মানসিক কল্যাণো সাধন কৰে৷ ১১ জুন ২০২০ তাৰিখৰ পৰা প্ৰচাৰ ভাৰতীয়ে ডিডি ভাৰতীয়ে পুৱা ৮ বজাৰ পৰা ৮.৩০ বজালৈ যোগ কাৰ্যসূচী সম্প্ৰচাৰ কৰি আহিছে৷

এই বাৰৰ যোগ দিৱসত আকৰ্ষণীয় পুৰষ্কাৰৰ সৈতে  এক ভিডিঅ’ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷

‘য়োগা এট হোম, য়োগা উইথ ফেমিলি’ এইবাৰ দেশৰ বিভিন্ন প্ৰতিষ্ঠানে উদযাপন কৰিব৷ মহীশূৰ জিলা প্ৰশাসনে মহীশূৰৰ যোগ সংঘৰ সহযোগিতাত ১ লাখ লোকৰ সৈতে এই বাৰৰ যোগ দিৱস উদযাপন কৰিব৷ ইণ্টাৰনেচনেল নেচাৰ’পেথি অৰ্গনাইজেছন (আইএনঅ’) শীৰ্ষক এক এনজিঅ’য়ে ইয়াৰ ২৫ লাখ সদস্যৰ সৈতে তেওঁলোকৰ ঘৰৰ পৰা যোগ দিৱস উদযাপন কৰিব৷ ঠিক সেইদৰে কৰ্ণাটকৰ ধৰ্মস্থলৰ এছডিএম গ্ৰুৰ অব্ ইন্সটিটিউচনে এইবাৰ ২১ জুন তাৰিখে পুৱা ৭ বজাত তেওঁলোকৰ ৫০,০০০ অনুৰাগীৰ সৈতে যোগ দিৱস পালন কৰা কথা ঘোষণা কৰিছে৷ আনহাতে বহুতো সংস্থাই ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফ’ৰ্মৰ জৰিয়তেও যোগ দিৱস পালন কৰিব বুলি জানিবলৈ দিছে৷

***

MV/SK/MANN



(Release ID: 1632010) Visitor Counter : 192