প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লাওছৰ প্ৰধানমন্ত্ৰী ড০ থংলৌন ছিচৌলিথৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 12 JUN 2020 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লাওছৰ প্ৰধানমন্ত্ৰী ড০ থংলৌন ছিচৌলিথ আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

 

দুয়োগৰাকী নেতাই বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীৰ ফলত স্বাস্থ্য আৰু আর্থিক ক্ষেত্রত সৃষ্টি হোৱা সংকটক লৈ আলোচনা কৰে৷ লাওছে এই মহামাৰীৰ সংক্রমণ ৰোধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

ক’ভিড-১৯ৰ পাছত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু দুয়োখন দেশৰ মাজত গৃহীত পদক্ষেপ আৰু অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰাৰ সন্দৰ্ভত দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

লাওছৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক যোগাযোগৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে ভাট ফৌত বিশ্ব ঐতিহ্যশালী অঞ্চলৰ সংস্কাৰমুলক কাম-কাজ সন্তোষ প্রকাশ কৰে৷ লাওছৰ বিভিন্ন উন্নয়নমূলক প্রকল্প, সক্ষমতা বৃদ্ধি আৰু বৃত্তিৰ সন্দৰ্ভত ভাৰতে আগবঢ়োৱা সহায়ৰ বাবে ড০ ছিচৌলিথে প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

ভাৰতৰ অন্যতম প্রতিৱেশী লাওছৰ উন্নয়নমূলক কাম-কাজত অংশীদাৰ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে৷

*****

VRRK/KP/DB



(Release ID: 1631550) Visitor Counter : 175