পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

বাঘজান গেছ বিস্ফোৰণ আৰু অগ্নিকাণ্ড – পেট্ৰ’লিয়াম বিভাগৰ সৈতে আমেৰিকাৰ শক্তি বিভাগৰ আলোচনা

Posted On: 13 JUN 2020 8:16PM by PIB Guwahati

অসমৰ বাঘজানৰ ভয়াবহ গেছ নিৰ্গত আৰু অগ্নিকাণ্ড সন্দৰ্ভত পেট্ৰ’লিয়াম বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয়। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াবৰ্গৰ লগতে অইল ইণ্ডিয়া লিমিটেড আৰু অ’এনজিচিৰ মুখ্য পৰিচালন সঞ্চালকসকল আৰু দুৰ্যোগ ব্যৱস্থাপনা দল আৰু অন্যান্য বিশেষজ্ঞসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগ আৰু আমেৰিকাৰ তেল আৰু গেছ দুৰ্যোগ বিশেষজ্ঞসকলৰ সৈতে বিগত ১২ জুন, ২০২০ তাৰিখে এক বিশেষ বৈঠকত মিলিত হয়। মূলতঃ অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ গেছ খাদৰ পৰা গেছ নিৰ্গত হৈ সংঘটিত হোৱা অগ্নিকাণ্ড নিৰ্বাপনৰ বিষয়তে এই বৈঠক অনুষ্ঠিত হয়। উল্লেখ্য যে এই বৈঠকত ছিংগাপুৰৰো একাধিক বিশেষজ্ঞ উপস্থিত থাকে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞসকলে আমেৰিকাতো সংঘটিত একেধৰণৰেই গেছজনিত অগ্নিকাণ্ড নিৰ্বাপনৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। ইফালে ভাৰতীয় পক্ষই বাঘজানত সম্প্ৰতি অগ্নি নিৰ্বাপনৰ বাবে চলি থকা কাৰ্যাৱলীৰ বিষয়ে সদৰী কৰে। তেল খাদৰ মুখ বন্ধ কৰা, জুঁই সম্প্ৰসাৰণ বন্ধ কৰা, জল ব্যৱস্থাপনা, আৱৰ্জনা নিষ্কাশন, ড্ৰোনকো আদি কৰি বিভিন্ন আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আদি সন্দৰ্ভতো ব্যক্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ প্ৰতিনিধি তথা বিশেষজ্ঞসকলে এই পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেড আৰু অ’এনজিচিয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰসংশা কৰে আৰু তেল খাদৰ মুখ বন্ধ কৰা আৰু অগ্নি নিৰ্বাপন কৰাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। অনাগত দিনত দুয়োপক্ষই পুনৰ মুখামুখি হৈ পৰিস্থিতি সন্দৰ্ভত ভাৱ বিনিময় কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে আৰু লগতে তেল খাদৰ মুখ বন্ধ কৰা কামৰ অগ্ৰগতিৰো বুজ ল’ব। উল্লেখ্য যে ভাৰত-আমেৰিকা কৌশলগত শক্তি অংশীদাৰীত্ব কাৰ্যসূচীৰ অংশ হিচাপে এই আলোচনা সম্পন্ন হৈছিল।

 

*****
 

YB/RD



(Release ID: 1631485) Visitor Counter : 202