স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ ৰ শেহতীয়া তথ্য
আৰোগ্য লাভৰ হাৰ ৪৯.৯৫%লৈ বৃদ্ধি
পোষ্ট কৰা হৈছে:
13 JUN 2020 4:26PM by PIB Guwahati
বিগত ২৪ ঘণ্টাত দেশত সৰ্বমুঠ ৭১৩৫ গৰাকী ক’ভিড-১৯ আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে। শেহতীয়াকৈ দেশত ক’ভিড সংক্ৰমিত লোকসকলৰ সুস্থ হৈ উঠাৰ হাৰ বৃদ্ধি পাইছে, এই মুহূৰ্তত ইয়াৰ পৰিমাণ ৪৯.৯৫ শতাংশ হৈছেগৈ। ইয়াৰ ফলত মুঠ সুস্থ হৈ উঠাৰ সংখ্যা হ’ল ১,৫৪,৩২৯ জন। বৰ্তমান ১,৪৫,৭৭৯ জন ক’ভিড-১৯ ত সংক্ৰমিত ৰোগী চিকিৎসকৰ তত্ত্বাৱধানত আছে।
আইচিএমআৰত ক’ভিড সংক্ৰমণৰ নমুনা পৰীক্ষাৰ ক্ষমতা আৰু বৃদ্ধি কৰিছে। দেশত বৰ্তমান ৬৪২ খন চৰকাৰী আৰু ২৪৩ খন বেচৰকাৰী অৰ্থাৎ মুঠ ৮৮৫ টা পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘণ্টাত ১,৪৩,৭৩৭ টা নমুনা পৰীক্ষা কৰা হৈছে। এই পৰ্যন্ত মুঠ ৫৫,০৭,১৮২ টা নমুনা পৰীক্ষা কৰা হৈছে।
দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ ক’ভিড-১৯ ৰ বাবে এখন নিদানিক ব্যৱস্থাপনা বিধি প্ৰকাশ কৰিছে, এইখন নিম্নোক্ত লিংকত গৈ চাব পাৰিব –
https://www.mohfw.gov.in/pdf/ClinicalManagementProtocolforCOVID19.pdf
এই নতুন বিধিয়ে ক’ভিড-১৯ ৰ ব্যৱস্থাপনা কিদৰে কৰিব পাৰি সেই সন্দৰ্ভত বিভিন্ন দিশ প্ৰদান কৰিছে, বিশেষকৈ নিদানিক জটিলতাৰ বিভিন্ন পৰ্যায় সন্দৰ্ভত ইয়াত উল্লেখ কৰা হৈছে। সংক্ৰমণ প্ৰতিৰোধ আৰু ৰোগ নিয়ন্ত্ৰণৰ দিশবোৰো এই জটিলতাৰ পৰ্যায় অনুসৰি উল্লেখ কৰা হৈছে। ইয়াত ৰোগীৰ নিৰ্ধাৰিত উপগোটৰ বাবে নিৰ্ধাৰিত ‘ইনভেষ্টিগেশ্যনেল’ থেৰাপীবোৰো উল্লেখ কৰা হৈছে।
ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া জানিবলৈ https://www.mohfw.gov.in/ লিংকটো ক্লিক কৰক।
ক’ভিড-১৯ ৰ বিষয়ে কোনো কথা প্ৰকাশ কৰিবলৈ বিচাৰিলে technicalquery.covid19[at]gov[dot]in অথবা ncov2019[at]gov[dot]in - শীৰ্ষক এই দুটা ই-মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব। ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬ অথবা ট’ল ফ্ৰী নম্বৰ ১০৭৫ তো ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰবোৰৰ তালিকাৰ বাবে তলৰ লিংকত ক্লিক কৰক -
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .
****
MV/SG/RD
(ৰিলিজ আই ডি : 1631484)
অতিথি কক্ষ : 283
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam