PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 13 JUN 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্য; আৰোগ্যৰ হাৰ ৪৯.৯৫%লৈ বৃদ্ধি পাইছে

বিগত ২৪ ঘণ্টাত মুঠ ৭১৩৫ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ১,৫৪,৩২৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৯.৯৫%৷ বৰ্তমানে ১,৪৫,৭৭৯ ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ১,৪৩,৭৩৭ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ মুঠ ৫৫,০৭,১৮২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লাৱ পিপলছ্ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী ড থংগলুন ছিছ’লিথৰ সৈতে টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাৱ পিপলছ্ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী ড থংগলুন ছিছ’লিথৰ লৈতে ক’ভিড-১৯ সম্পৰ্কীয় গোলকীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

তানজানিয়াৰ ৰাষ্ট্ৰপতি ড. জন পোম্বে জোচেফ মাগুফুলিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তানজানিয়াৰ ৰাষ্ট্ৰপতি ড. জন পোম্বে জোচেফ মাগুফুলিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৬ ৰ জুলাই মাহত তেওঁৰ ডাৰ-এস-চালাম ভ্ৰমণৰ কথাও স্মৰণ কৰে আৰু প্ৰাচীন কালৰে পৰা ভাৰতৰ বন্ধু, তানজানিয়াৰ সৈতে সম্পৰ্ক বজায় ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তানজানিয়াৰ চৰকাৰ আৰু জনসাধাৰণৰ চাহিদা অনুযায়ী উন্নয়নৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত ভাৰত সদায়েই অঙ্গীকাৰবদ্ধ বুলিও কয় শ্ৰী মোদীয়ে৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য সেৱাৰ যোগান শৃংখলৰ এক ৱেবভিত্তিক সমাধান ‘আৰোগ্যপথ’ মুকলিৰ জৰিয়তে গুৰুত্বপূৰ্ণ যোগানসমূহৰ বাবে বাস্তৱভিত্তিক তথ্য প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে৷

চিএছআইআৰ নেচনেল হেল্থ কেয়াৰৰ এক যোগান শৃংখল প’ৰ্টেলে মুকলি কৰা https://www.aarogyapath.in ৰ জৰিয়তে গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱা সামগ্ৰীৰ বাস্তৱিক সময়ৰ উপলব্ধতা নিশ্চিত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

‘মাই লাইফ মাই য়োগা’ শীৰ্ষক ভিডিঅ’ ব্ল’গিং জমা কৰাৰ তাৰিখ ২১ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ঘোষণা কৰা ‘মাই লাইফ, মাই য়োগা ’ শীৰ্ষক এক ভিডিঅ’ ব্ল’গিং প্ৰতিযোগিতাৰ ভিডিঅ’ জমা কৰাৰ অন্তিম তাৰিখ ২১ জুন ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷ বিশ্বজনীন এই প্ৰতিযোগিতা আয়ুষ মন্ত্ৰালয়ে আইচিচিআৰৰ সহযোগিতাত অনুষ্ঠিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

    • চণ্ডীগড়ঃ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত প্ৰশাসনে ৩০.০৬.২০২০ তাৰিখলৈ লকডাউন বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
    • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ম’বাইলভিত্তিক এপ ‘ঘৰ ঘৰ নিগৰানি’ মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে ঘৰে ঘৰে নিৰীক্ষণ সম্ভৱ হ’ব৷
    • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্য সচিবে কয় যে ৰাজ্যখনে ক’ৰোনা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত৷
    • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ১,০১,১৪১ জন৷ ইয়াৰে ৪৯,৬১৬ জন হ’ল সক্ৰিয় ৰোগী৷
    • গুজৰাটঃ ৰাজ্যখনত মুঠ ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ২২,৫৬২ জন৷
    • ৰাজস্থানঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,১৮৬ জন৷
    • মধ্য প্ৰদেশঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৪৪৩ জন৷
    • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৪৫ জন৷
    • অৰুণাচল প্ৰদেশঃ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ৩৫ মেট্ৰিকটন চানা অৰুণাচল প্ৰদেশলৈ মে’ আৰু জুনত যোগান ধৰা হৈছে৷
    • অসমঃমুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭১৮ জন৷ ২৫ জন নতুন ৰোগী অসমত ধৰা পৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২১২৩ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১৫৮৪ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৮ জন৷
    • মণিপুৰঃ মুখ্যমন্ত্ৰীয়ে ইউএনএচিচিঅ’ বিদ্যালয়ত ক’ভিড-১৯ শুশ্ৰূষা কেন্দ্ৰ পৰিদৰ্শন কৰে৷
    • মিজোৰামঃ মিজোৰাম ৰাজ্যিক গ্ৰামীণ আজীৱিকা অভিযানৰ অধীনত গ্ৰামীণ সংস্থাসমূহে কোৱাৰেণ্টিন কেন্দ্ৰসমূহলৈ শাক-পাচলিৰ যোগান ধৰিছে৷
    • নাগালেণ্ডঃ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনৰ জনসাধাৰণৰ মানসিক স্থিতিৰ সৰ্বেক্ষণ আৰম্ভ কৰিছে৷
    • ছিক্কিমঃ ছিক্কিমৰ প্ৰথম দুজন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছত আজি তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷
    • কেৰালাঃ মুঠ ১৩০৩ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷
    • তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৪০৬৯৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮২৮১ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৩৬৭ জন৷ 
    • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৫১৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৯৫ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৭৯ জন৷ আৰোগ্য লাভ কৰিছে ৩৪৪০ জনে৷
    • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫৮৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮৬৫ জন৷ আৰোগ্য লাভ কৰিছে ২৬৪১ জনে৷ মৃত্যুৰ সংখ্যা হ’ল ৮২ জন৷
    • তেলেংগানাঃ  মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০৩২ জন৷ মৃত্যুৰ সংখ্যা ১৭৪ জন৷

ফেক্ট চেক

 



(Release ID: 1631454) Visitor Counter : 235