ৰেল মন্ত্ৰালয়

ৰাজ্যই বিচৰা ধৰণে ‘শ্ৰমিক বিশেষ ৰে’ল’ৰ ব্যৱস্থা কৰি যাব ভাৰতীয় ৰে’ল-য়ে

প্ৰয়োজন অনুসাৰে ২৪ঘণ্টাৰ ভিতৰত ৰে’লগাড়ীৰ যোগান ধৰা হ’ব- দোহাৰিলে ৰে’ল বোৰ্ডৰ অধ্যক্ষই

এই পৰ্যন্ত ৪৩৪৭খন ‘শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে প্ৰায় ৬০লাখ লোকৰ সৰবৰাহ

Posted On: 09 JUN 2020 5:07PM by PIB Guwahati

ৰাজ্যসমূহে বিচৰা ধৰণে আৰু বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক নিৰাপদে আৰু আৰামদায়কভাবে স্ব-ভূমিলৈ ওভতাই অনাৰ বাবে প্ৰয়োজন হোৱা শ্ৰমিক বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰাৰ বাবে সাজু আছে ভাৰতীয় ৰেল।

এই পৰ্যন্ত ভাৰতীয় ৰে’ল বিভাগে চলাচল কৰোৱা ৪৩৪৭খন ‘শ্ৰমিক বিশেষ ৰে’লগাড়ী’ৰে প্ৰায় ৬০লাখ লোকক তেওঁলোকৰ স্বভূমিলৈ সৰবৰাহ কৰা হৈছে। উল্লেখ্য যে যোৱা ১মে’ ২০২০ৰ পৰা ‘শ্ৰমিক বিশেষ ৰে’লগাড়ী’ৰ প্ৰচলন কৰিছিল ৰে’ল বিভাগে।

ৰাজ্যসমূহৰ প্ৰয়োজন অনুসাৰে ২৪ঘণ্টাৰ ভিতৰত ‘শ্ৰমিক বিশেষ ৰে’লগাড়ী’ৰ যোগান ধৰা হ’ব বুলি ইতিমধ্যে ৰে’ল বিভাগৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। ইফালে, কিমান সংখ্যক ‘শ্ৰমিক বিশেষ ৰে’লগাড়ী’ৰ প্ৰয়োজন হ’ব আৰু  কোন তাৰিখে কিমান সংখ্যক যাত্ৰীয়ে সংশ্লিষ্ট ৰে’লসমূহৰে যাত্ৰা কৰিব সেই সন্দৰ্ভত সাম্ভাব্য তথ্য আগতীয়াকৈ ৰে’ল বিভাগক দিয়াৰ বাবে ইতিমধ্যে ৰাজ্যচৰকাৰসমূহক ৰে’ল মন্ত্ৰালয়ৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

এই প্ৰসংগত ৰে’ল বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে যোৱা ২৯ মে’ আৰু ৩জুন তাৰিখে ৰাজ্যসমূহলৈ দুখনকৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ দুখনত, ৰাজ্যসমূহৰ প্ৰয়োজন অনুসাৰে ২৪ঘণ্টাৰ ভিতৰতে ‘শ্ৰমিক বিশেষ ৰে’লগাড়ী’ৰ যোগান ধৰা হ’ব বুলি প্ৰতিশ্ৰুতি দোহাৰিছে অধ্যক্ষগৰাকীয়ে। একে প্ৰসংগতে তেওঁ আজিও ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিবসকললৈ আন এখন পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, স্ব-ভূমিলৈ উভতিব খোজা প্ৰব্ৰজিত শ্ৰমিকসকলক সেই সুযোগ প্ৰদান কৰিবলৈ সন্মানীয় উচ্চতম ন্যায়ালয়ে যোৱা ২৮ মে’ ২০২০ত নিৰ্দেশ জাৰি কৰাৰ পিচত ৰে’ল বিভাগে সেই অনুসাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিশেষ তত্পৰতা প্ৰদৰ্শন কৰিছে।

***

DJN/SG/MKV/KB



(Release ID: 1630755) Visitor Counter : 207