স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

আৰোগ্যৰ হাৰে অতিক্ৰম কৰিলে আক্ৰান্তৰ হাৰ

আইচিএমআৰ-য়ে সম্পন্ন কৰিলে ৫০লাখৰো অধিক নমুনাৰ পৰীক্ষা

ক’ভিড-১৯ৰ প্ৰবন্ধনত ৰাজ্যক সহযোগিতাৰ বাবে ৬খন মহানগৰীত কেন্দ্ৰীয় দলক নিয়োগ

Posted On: 10 JUN 2020 4:20PM by PIB Guwahati

শেহতীয়া ২৪ঘণ্টাত সুস্থ হৈ ঘৰলৈ উভটিছে ৫৯৯১গৰাকী লোকে। ইয়াকে লৈ দেশত এই পৰ্যন্ত ১,৩৫,২০৫গৰাকী কভিড-১৯ আক্ৰন্তই আৰোগ্য লাভ কৰিলে। ইফালে, আজিৰ তাৰিখত দেশত ১,৩৩,৬৩২গৰাকী লোকৰ দেহত কভিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হৈছে। উল্লেখ্য যে, আজি প্ৰথমবাৰৰ বাবে দেশত আৰোগ্য ব্যক্তিৰ সংখ্যাই আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিলে। আজিৰ তাৰিখত আৰোগ্যৰ হাৰ ৪৮.৮৮শতাংশ বুলি নিৰুপিত কৰা হৈছে।

ইফালে, আইচিএমআৰ-য়ে সম্পন্ন কৰা নমুনা পৰীক্ষাৰ হাৰেও ৫০লাখৰ পৰিসংখ্যা অতিক্ৰম কৰিছে। আজি এই সংখ্যা হৈছেগৈ ৫০,৬১,৩৩২। শেহতীয়া ২৪ ঘণ্টাত আইচিএমআৰ-য়ে ১,৪৫,২১৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰিছে। ন’ভেল ক’ৰোনাৰ সংক্ৰমণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজন হোৱা নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে আইচিএমআৰ-য়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে প্ৰয়াসৰ ফলশ্ৰুতিতে আজিৰ তাৰিখত দেশত চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৫৯০টালৈ আৰু ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰ সংখ্যা ২৩৩টালৈ, অৰ্থাত মুঠ পৰীক্ষাগাৰৰ সংখ্যা ৮২৩টালৈ বৃদ্ধি পাইছে।

ভিড-১৯ৰ প্ৰবন্ধনত ৰাজ্যসমূহক কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু পৌৰ স্বাস্থ্য বিষয়াসকলে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে ৬খন মহানগৰীত কেন্দ্ৰীয় দলক নিয়োগ কৰা হৈছে। মহানগৰকেইখন হৈছে মুম্বাই, আহমেদাবাদ, চেন্নাই, কলকাটা, দিল্লী আৰু বেংগালুৰু।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SG/KB



(Release ID: 1630745) Visitor Counter : 235