শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত ইপিএফঅ’য়ে নিষ্পত্তি কৰিলে ৩৬.০২ লাখ দাবী

৭৪%ত কৈও অধিক হিতাধিকাৰীয়েই হ’ল নিম্ন বেতনপ্ৰাপ্ত লোক

Posted On: 09 JUN 2020 4:33PM by PIB Guwahati

ক’ভিড-১৯ৰ লকডাউনে জৰ্জৰিত কৰা ইপিএফঅ’ৰ সদস্যসকলৰ জীৱন সহজ কৰি তোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ লকডাউনৰ নিষেধাজ্ঞাৰ মাজতো ইপিএফঅ’য়ে ১১,৫৪০ কোটি টকা তেওঁলোকৰ সদস্যসকললৈ মুকলি কৰি দি প্ৰায় ৩৬.০২ লাখ দাবী নিষ্পত্তি কৰিছে৷ ইয়াৰে ১৫.৫৪ লাখ দাবী নিষ্পত্তিৰ জৰিয়তে প্ৰদানমন্ত্ৰী গৰিব কল্যাণ যোজনা (পিএমজিকেৱাই)ৰ অধীনত প্ৰায় ৪৫৮০ কোটি টকা মোকলাই দিয়া হৈছে৷

ইপিএফঅ’ৰ এই পদক্ষেপসমূহৰ জৰিয়তে ১৫,০০০ টকাতকৈ কম দৰমহা পোৱা লোকসকল বিশেষভাৱে উপকৃত হৈছে৷ সামাজিক ব্যৱধানৰ নীতি পালন কৰি ইপিএফঅ’য়ে ৫০%ত কৈও কম কৰ্মচাৰীৰ সৈতে লকডাউনত নিজৰ কৰ্ম সম্পাদন কৰিছে৷ এপ্ৰিল-মে’ ২০১৯ৰ সময়ছোৱাত ৩৩.৭৫ লাখতকৈও অধিক দাবী নিষ্পত্তি কৰা হৈছে, এপ্ৰিল-মে’ ২০২০ৰ সময়ছোৱাত মুঠ ৩৬.০২ লাখ দাবী নিষ্পত্তি কৰা হৈছে৷  কৰ্মচাৰীসকলে দায়িত্ব পালন কৰাৰ উপৰিও দাবী নিষ্পত্তিত কৃত্ৰিম বুদ্ধিমত্তাইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

উৎসৰ্গিত কৰ্মশক্তিৰ সহায়ত ইপিএফঅ’য়ে প্ৰতিদিনে ৮০,০০০ত কৈও অধিক দাবী নিষ্পত্তিৰ জৰিয়তে প্ৰায় ২৭০ কোটি টকাৰ  পৰিশোধ কৰিছে যিয়ে এই সংকটৰ সময়ত সদস্যসকলৰ বাবে সামাজিক নিৰাপত্তাৰ নিশ্চিতি প্ৰদান কৰিছে৷

 

*****

RCJ/SKP/IA/MANN



(Release ID: 1630474) Visitor Counter : 261