PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
04 JUN 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্য
বিগত ২৪ ঘণ্টাত মুঠ ৩৮০৪ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ গতিকে, এই পৰ্যন্ত মুঠ ১,০৪,১০৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৭.৯৯%৷ বৰ্তমানে ১,০৬,৭৩৭ জন সক্ৰিয় ৰোগী আছে৷ এই পৰ্যন্ত ৪২,৪২,৭১৮ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে
দিল্লীৰ লেঃ গৱৰ্ণৰৰ সৈতে ক’ভিড-১৯ ব্যৱস্থাপনাৰ প্ৰস্তুতি সন্দৰ্ভত খতিয়ান ল’লে ডাঃ হৰ্ষ ৱৰ্ধনে
‘‘দিল্লীত ৰোগীৰ সংখ্যা আৰু মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত পৰীক্ষণৰ হাৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰিছে’’, এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে৷
অধিক বিৱৰণ বাবে
ভাৰত-অষ্ট্ৰেলিয়া ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ
অধিক বিৱৰণৰ বাবে
প্ৰধানমন্ত্ৰী আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জেচিন্ত ন্যিউচিৰ মাজত টেলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰীয়ে মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জেচিন্ত ন্যিউচিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ সন্দৰ্ভত সৃষ্টি হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰে৷
অধিক বিৱৰণৰ বাবে
জৰ্জিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে জৰ্জিয়াৰ ৰাষ্ট্ৰপতি ছালোমে জৌৰাবিচিভিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে৷ ক’ভিড-১৯ সন্দৰ্ভত বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰি দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷
অধিক বিৱৰণ বাবে
আৰপিএফৰ কৰ্তব্য আৰু সত্বাই উমাল কৰি তুলিছে সকলোৰে হৃদয়
ৰে’লৱে মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আৰপিএফৰ কনষ্টেবল শ্ৰী ইন্দৰ সিং যাদৱৰ কাৰ্যক প্ৰশংসা কৰি তেওঁৰ বাবে নগদ পুৰষ্কাৰৰ কথা ঘোষণা কৰে৷ শ্ৰী যাদৱে এখন ৰে’লৰ পিছে পিছে দৌৰি এটি ৪ মহীয়া শিশুক গাখীৰৰ যোগান ধৰিছিল৷
অধিক বিৱৰণৰ বাবে
টিউলিপ-ইউএলবি আৰু স্মাৰ্ট চিটীসমূহৰ নতুন স্নাতকসকলক ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰাৰ এক কাৰ্যসূচী
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’ আৰু ৰাজ্যিক গৃহ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ পুৰীয়ে যুটীয়াভাৱে সমগ্ৰ দেশতে নগৰৰ স্থানীয় সংস্থা (ইউএলবি) আৰু স্মাৰ্ট চিটীৰ নতুনকৈ স্নাতক উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰাৰ বাবে ‘দা আৰবান লাৰ্ণিং ইণ্টাৰ্ণশ্বিপ প্ৰ’গ্ৰাম (টিউলিপ)’ শীৰ্ষক এক কাৰ্যসূচীৰ আজি মুকলি কৰে৷ এই কাৰ্যসূচীৰ বাবে তেওঁলোকে এটা প’ৰ্টেলো মুকলি কৰে৷ মুকলি অনুষ্ঠানত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাৰে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰা; এআইচিটিইৰ অধ্যক্ষ শ্ৰী অনিল সহস্ৰবুদ্ধি আৰু দুয়োটা মন্ত্ৰালয় তথা এআইচিটিইৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷
অধিক বিৱৰণৰ বাবে
ড০ জিতেন্দ্ৰ সিঙে জম্মু-কাশ্মীৰৰ পৌৰ নিগমৰ প্ৰতিনিধিৰ সৈতে ক’ভিডৰ মোকাবিলা সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰে
কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে জম্মু-কাশ্মীৰৰ পৌৰ নিগমৰ প্ৰতিনিধিৰ সৈতে ক’ভিড সন্দৰ্ভত মোকাবিলা কৰাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হয়৷ আলোচনা প্ৰসংগত তেওঁ প্ৰতিনিধিসকলৰ সৈতে ৰাজ্যখনলৈ ঘূৰি অহা লোকৰ মুক্ত সঞ্চালন নিশ্চিতিৰ বাবে উল্লেখ কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ হোষ্ট-ডিৰেক্টেড এণ্টিভাইৰেল বিকশিত কৰিব এনচিভিটিচিয়ে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- কেৰেলাঃ পালাক্কাড় জিলাত আৰু এজন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ কালি ৮২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
- তামিলনাডুঃ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈছে ২৫৮৭২ জন লোক৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১১৩৪৫ জন৷ মৃত্যুৰ সংখ্যা ২০৮ জন৷ মুকলি কৰি দিয়া হৈছে ১৪৩১৬ জনক৷
- কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৩৭৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৩৩ জন৷ আৰোগ্য লাভ কৰিছে ২২৭৩ জনে৷ মৃত্যুৰ সংখ্যা হ’ল ৭১ জন৷
- তেলেংগানাঃ ৩ জুন পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০২০ জন৷
- মহাৰাষ্ট্ৰঃ নতুনকৈ ২৫৬০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৪,৮৬০ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯,৯৩৫ জনে৷
- গুজৰাটঃ ৪৮৫ জন লোক নতুনকৈ ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,১০০ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭৬৬ জন৷
- মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৮৫৮৮ জন৷ ইয়াৰে ৩৭১ জন লোকৰ মৃত্যু হৈছে৷
- ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৯৭২০ জন৷ ইয়াৰে ৬৮১০ জন লোকে আৰোগ্য লাভ কৰিছে৷
- চট্টিশগড়ঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৬৬৮ জন৷ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮৯ জন৷
- গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১২৬ জন৷
- অৰুণাচল প্ৰদেশঃ বহিঃ ৰাজ্যত আৱদ্ধ প্ৰায় ৯৫০০ জন লোক ৰাজ্যখনলৈ ঘূৰি আহিছে আৰু ৰাজ্যখনৰ পৰা প্ৰায় ২০০০ লোক বাহিৰলৈ ওলাই গৈছে৷
- অসমঃ দুবাৰকৈ ক’ভিড-১৯ত নিগেটিভ ফলাফল পোৱাৰ পিছত ২৯ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৪৪২ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪২৮ জন৷
- মণিপুৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১২১ জন৷
- মিজোৰামঃ ১৫ জুলাই ২০২০ তাৰিখে মিজোৰামত বিদ্যালয়সমূহ খোলা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক শিক্ষা মন্ত্ৰীয়ে৷
- নাগালেণ্ডঃ নাগালেণ্ডত ২০,০০০ ত কৈও অধিক শিক্ষাৰ্থীয়ে ৰাজ্যিক শিক্ষা বিভাগে অনুষ্ঠিত কৰা অনলাইন পৰীক্ষাত অৱতীৰ্ণ হৈছে৷
- ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ হাপানিয়া এক্সিবিচনত ৪০০খন বিচনাযুক্ত ক’ভিড শুশ্ৰূষা কেন্দ্ৰ স্থাপন কৰা হৈছে৷
পিআইবি ফেক্ট চেক



(Release ID: 1629457)
Visitor Counter : 310
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam