PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 JUN 2020 6:57PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্যআৰোগ্যৰ হাৰ ৪৮.৩১%লৈ বৃদ্ধি, মৃত্যুৰ হাৰ ২.৮০%লৈ নিম্নগামী

বিগত ২৪ ঘণ্টাত ৪,৭৭৬গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে ১০০,৩০৩গৰাকী ৰোগী আৰোগ্য হৈছে৷৷ দেশৰ আৰোগ্যৰ হাৰ ৪৮.৩১%৷ ইফালে মৃত্যুৰ হাৰ ২.৮০লৈ নিম্নগামী হৈছে৷ বৰ্তমান ১,০১,৪৯৭ গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1628970

গ্ৰামীণ ভাৰতক ঐতিহাসিক উসাহ যোগোৱাৰ বাবে কেবিনেট বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কেবিনেটে আজি ঐতিহাসিক অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনত অনুমোদন জনাইছে৷ কৃষি খণ্ডৰ পৰিৱৰ্তন আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত এয়া এক দূৰদৰ্শী পদক্ষেপ৷অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধনৰ জৰিয়তে কেতবোৰ সামগ্ৰী যেনে-ধান, যৱ, ঘেঁহু, মাহজাতীয় শস্য, তৈলবীজ, খোৱা তেল, পিয়াঁজ আৰু আলুক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে৷ এই ব্যৱস্থাই ব্যক্তিগত বিনিয়োগকাৰীসকল অত্যাধিক নিয়ামক হস্তক্ষেপৰ ভয়ৰ পৰা মুক্ত হৈ পৰিব৷ উপাদন, মজুতকৰণ, পৰিবহণ, বিতৰণ আৰু যোগান ধৰাৰ স্বাধীনতা লাভ কৰি ব্যাপক হাৰত পাদন কৰা সম্ভৱ হৈ পৰিব আৰু ইয়াৰ সমান্তৰালভাৱে কৃষি খণ্ডত ব্যক্তিগত/প্ৰত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা শীতলীকৰণ গৃহত বিনিয়োগ বৃদ্ধি আৰু খাদ্য যোগান শৃংখলাৰ আধূনিকীকৰণত সহায় ব৷সংসাধন, সমূহ, পাইকাৰী বিক্ৰেতা, বৃহ খুচুৰা বিক্ৰেতা, ৰপ্তানিকাৰীসকলক লৈ কৃষকসকলৰ সবলীকৰণ কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1629032

বিনিয়োগ আকৰ্ষণ বৃদ্ধিৰ বাবে বিভাগবোৰৰ সচিব আৰু প্ৰকল্প উন্নয়ন কোষৰ গোটসমূহক লৈ কৰ্তৃত্বপ্ৰাপ্ত গোট গঠনত কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে আজি বিনিয়োগ আকৰ্ষণ বৃদ্ধিৰ বাবে বিভাগবোৰৰ সচিব আৰু প্ৰকল্প উন্নয়ন কোষৰ গোটসমূহক লৈ কৰ্তৃত্বপ্ৰাপ্ত গোট গঠনত অনুমোদন জনায়৷ এই নতুন ব্যৱস্থাই ভাৰতৰ ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হোৱাৰ লক্ষ্যত উপনীত হোৱাত উদ্গনি যোগাব৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1629036

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ-বৰ্তমানলৈকে অগ্ৰগতিৰ খতিয়ান

১.৭০লাখ কোটি টকীয়া প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অংশ হিচাপে চৰকাৰে মহিলা, দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকলৈ বিনামুলীয়া খাদ্য সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ সন্দৰ্ভত ঘোষণা কৰে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে এই পেকেজৰ অতি খৰতকীয়াকৈ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ নিৰীক্ষণ কৰিছে৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ(পিএমজিকেপি)ৰ অধীনত বৰ্তমানলৈকে ৪২ কোটি দৰিদ্ৰ লোকে ৫৩,২৪৮ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছেপিএম-কিষাণৰ প্ৰথম কিস্তি হিচাপে .১৯ কোটি কৃষকক ১৬,৩৯৪ কোটি টকা প্ৰদান কৰা হৈছে৷ ২০.০৫ কোটি(৯৮.৩৩%) গৰাকী জন ধন একাউণ্টধাৰী মহিলাক ১০,০২৯ কোটি টকা প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628877

বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত অনুমতি প্ৰদানৰ বাবে ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞাত শিথিলতা

ভাৰত চৰকাৰে যিসকল বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞা শিথিল কৰাৰ বিষয়টো বিবেচনা কৰিছে৷ সেইবোৰ হৈছে-বিদেশী ব্যৱসায়ীক সূচী বৰ্হিভূত বাণিজ্যিক/চাৰ্টাড বিমানযোগে ভাৰতলৈ আহিবলৈ ব্যৱসায়িক ভিছা(ক্ৰীড়াৰ বাবে বি-৩ ভিছা বাদ দি অন্যান্য)৷গৱেষণাগাৰ আৰু কাৰখানাকে ধৰি ভাৰতীয় স্বাস্থ্য খণ্ডৰ সা-সুবিধাত কাৰিকৰী দিশত কাম কৰিবলৈ বিদেশী চিকিসা বৃত্তি, চিকিসা গৱেষণা, অভিযন্তা আৰু টেকনিছিয়ানৰ বাবে৷ এয়া ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত তথা পঞ্জীয়নভূক্ত চিকিসা সুবিধা, পঞ্জীয়নভূক্ত ফাৰ্মাচিউটিকেল কোম্পানী বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব৷ ভাৰতত থকা বিদেশী সম্পত্তিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী অভিযান্তিক, ব্যৱস্থাপনা, ডিজাইন বা অন্যান্য বিশেষজ্ঞৰ ভাৰত ভ্ৰমণৰ বাবে৷ এইবোৰৰ ভিতৰত সকলো নিৰ্মাতা ইউনিট, ডিজাইন ইউনিট, ছফটৱেৰ আৰু আইটি ইউনিটৰ লগতে বিত্তীয় খণ্ডৰ কোম্পানী(বেংকিং আৰু অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান) উল্লেখযোগ্য৷ ভাৰতত বিদেশত নিৰ্মিত যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ সংস্থাপন, মেৰামতি আৰু ব্যৱস্থাপনাৰ বাবে ভাৰতৰ পঞ্জীয়নভূক্ত ব্যৱসায়িক গোষ্ঠীয়ে আমন্ত্ৰণ জনোৱা বিদেশী টেকনিছিয়ান আৰু অভিযন্তাই ভাৰত ভ্ৰমণৰ বাবে ভিছা লাভ কৰিব৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628988

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োজনে বিভিন্ন দিশৰ আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীক আমেৰিকা যুক্তৰাষ্টৰত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনায়৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628807

বিদেশৰ পৰা ঘূৰি অহা নাগৰিকসকলৰ দক্ষতা মেপিং আৰম্ভ কৰিব চৰকাৰে

ভাৰত চৰকাৰে ক’ভিড মহামাৰীৰ বাবে বন্দে ভাৰত অভিযানৰ অধীনত দেশলৈ ঘূৰি অহা নাগৰিকসকলৰ দক্ষতা মেপিং অনুশীলনৰ ব্যৱস্থা কৰাৰ বাবে স্বদেশ শীৰ্ষক নতুন প্ৰচেষ্টাৰ শুভাৰম্ভ কৰিছে৷ দক্ষতা বিকাশ মন্ত্ৰালয়, অসমাৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628976

উচ্চত মাধ্যমিক পৰ্যায়(দশম আৰু দ্বাদশ শ্ৰেণী)ৰ বাবে বিকল্প শৈক্ষিক দীনপঞ্জী মুকলি কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আজি নতুন দিল্লীত উচ্চত মাধ্যমিক পৰ্যায়(দশম আৰু দ্বাদশ শ্ৰেণী)ৰ বাবে বিকল্প শৈক্ষিক দীনপঞ্জী মুকলি কৰে৷

 

Image

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628948

অপাৰেচন সমুদ্ৰ সেতু-শ্ৰীলংকাৰ পৰা ভাৰতীয় নাগৰিকসহ টুটিকৰিণত উপস্থিত আইএনএছ জলসা

ভাৰতীয় নৌসেনাৰ ‘অপাৰেচন সমূদ্ৰ সেতু’ৰ অধীনত শ্ৰীলংকাৰ কলম্বোৰ আৱদ্ধ হৈ থকা ৬৮৫গৰাকী ভাৰতীয় নাগৰিকক লৈ ২ জুন, ২০২০ত টুটিকৰণ বন্দৰত উপস্থিত হৈছে আইএনএছ জলসা৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628714

এমএছএমইৰ নতুন শ্ৰেণীৰ বিভাজনৰ স্থিতি ৰূপায়ণৰ বাবে তপৰ এমএছএমই মন্ত্ৰালয়

এমএছএমই মন্ত্ৰালয়ে দেশত এমএছএমইৰ নতুন সংজ্ঞা ৰূপায়ণৰ বাবে এক ৰাজপত্ৰিত জাননী জাৰি কৰিছে৷ এই নতুন সংজ্ঞা ১ জুলাই, ২০২০ৰ পৰা কাৰ্যকৰী হ’ব৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628925

১ এপ্ৰিল, ২০২০লৈকে ৫২.৬২ লাখ হিতাধিকাৰীৰ কেৱাইচি আপডেট কৰিলে ইপিএফঅ’ই

ক’ভিড-১৯ৰ গুৰুত্বপূৰ্ণ সময়ত অনলাইন সেৱাৰ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰাৰ লক্ষ্যৰে ইপিএফঅ’ ইয়াৰ ৫২.৬২গৰাকী হিতাধিকাৰীৰ কেৱাইতি আপডেট কৰিছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628922

ছবি প্ৰযোজক সংস্থা, চিনেমা প্ৰদৰ্শনকাৰী আৰু ছবি উদ্যোগৰ প্ৰতিনিধিবৰ্গৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীৰ বৈঠক

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে আজি ভিডিঅ’ কনফাৰেন্সযোগে ছবি প্ৰযোজক সংস্থা, চিনেমা প্ৰদৰ্শনকাৰী আৰু ছবি উদ্যোগৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠক মিলিত হয়৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1628754

মেক ইন ইণ্ডিয়ালৈ বৃহ উদ্গনি; প্ৰতিৰক্ষা মন্ত্ৰালয়ে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ পৰিষদক ১,০৯৪ কোটি টকা মূল্যৰ ১৫৬ আপগ্ৰেডেড বিএমপি ইনফেনট্ৰি কমবেট ভেহিকল যোগান ধৰাৰ আৰ্জি দাখিল

মেক ইন ইণ্ডিয়ালৈ বৃহ উদ্গনি জনাই অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ পৰিষদক ১,০৯৪ কোটি টকা মূল্যৰ ১৫৬ আপগ্ৰেডেড বিএমপি ইনফেনট্ৰি কমবেট ভেহিকল যোগান ধৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা আৰ্জিত অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628743

৩ জুন ২০২০, (০৯০০বজালৈকে) ভাৰতীয় ৰে’লৱে ৪,১৯৭খন ‘শ্ৰমিক বিশেষ ৰে’ল’ চলাচল কৰি ৫৮ লাখ যাত্ৰীক তেওঁলোকৰ গৃহ ৰাজ্যত উপনীত কৰাইছে

ভাৰতীয় ৰে’লে ৩ জুন ২০২০, (০৯০০বজালৈকে)৪,১৯৭খন ‘শ্ৰমিক বিশেষ ৰে’ল’ চলাচল কৰিছে আৰু ইয়াৰ জৰিয়তে ৫৮ লাখ যাত্ৰীয়ে তেওঁলোকৰ গৃহ ৰাজ্যত উপনীত হৈছে৷

অধিক বিৱৰণৰ বাবেঃhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1629043

আয়ুষ মন্ত্ৰালয়ৰ অধীনত অধীনস্থ কাৰ্যালয় হিচাপে ভাৰতীয় মেডিচিন আৰু হোমিঅপেথী (পিচিআইএমএণ্ডএইচ) বাবে ফাৰ্মাকপীয়া আয়োগ গঠনত অনুমোদন জনালে কেবিনেটে

কেন্দ্ৰীয় কেবিনেটে আয়ুষ মন্ত্ৰালয়ৰ অধীনত অধীনস্থ কাৰ্যালয় হিচাপে ভাৰতীয় মেডিচিন আৰু হোমিঅপেথী (পিচিআইএমএণ্ডএইচ) বাবে ফাৰ্মাকপীয়া আয়োগ পুনঃ স্থাপনত অনুমোদন জনালে৷ বৰ্তমানে ভাৰতীয় মেডিচিন এণ্ড হোমিঅপেথীৰ বাবে ফাৰ্মাকপীয়া আয়োগে আয়ুষ মন্ত্ৰালয়ৰ অধীনত ২০১০ চনৰ পৰাই স্বায়ত্বশাসিত সংস্থা হিচাপে কাম কৰি আছে৷ এই একত্ৰিকৰণৰ দ্বাৰা তিনিওটা সংস্থাৰ আন্তঃগাঁথনিমুলক সুবিধা, প্ৰযুক্তিগত কৰ্মশক্তি, আৰু বিত্তীয় সম্পদৰ ব্যৱহাৰেৰে গুণগত মানৰ নিয়ন্ত্ৰণৰ দিশত আয়ুৰ্বেদ, সিদ্ধ, উনানি আৰু হোমিওপেথি ঔষধৰ উন্নত ফল লাভ কৰিব পৰা যাবএই একত্ৰীকৰণৰ দ্বাৰা আয়ুষ ঔষধৰ সংযোজক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এই সন্দৰ্ভত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান, ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল আৰু আয়ুৰ্বেদ, সিদ্ধ আৰু ইউনানী ড্ৰাগছ টেকনিকেল এডভাইজৰী ৰ্ডৰ সৈতে আলোচনাও কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1629039

কেন্দ্ৰীয় নিয়োগ নিশ্চিতকৰণ পৰিষদৰ ২১সংখ্যক বৈঠকত অধ্যক্ষতা নৰেন্দ্ৰ সিং টোমাৰৰ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন, কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ অধ্যক্ষতাত কালি ভিডিঅ’ কনপাৰেন্সিংযোগে কেন্দ্ৰীয় নিয়োগ নিশ্চিতকৰণ পৰিষদৰ ২১সংখ্যক বৈঠক অনুষ্ঠিত হয়৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628782

                                       পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড়ৰ প্ৰশাসকে আৰক্ষীৰ সঞ্চালকপ্ৰধানক আন্তঃৰাজ্যিক সীমান্তত ৰেণ্ডম স্ক্ৰিনিং অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে৷ সকলো পৰ্যটকক আৰোগ্য এপ ডাউললোড কৰি নিজাকৈ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷
  • পাঞ্জাৱঃ ক’ভিড লকডাউনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষিত হোৱাকৈ পাঞ্জাৱ ৰাজ্যিক বিদ্যু নিয়ামক  আয়োগে ঘৰুৱা বিদ্যু মাছুল হ্ৰাসৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ আগৰণি জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে৷
  • হাৰিয়ানাঃ হাৰিয়না চৰকাৰে ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত টেক্সি, কেব, মেক্সি কেব আৰু অ’টো ৰিক্সাসমূহৰ চালকসকলৰ সুবিধাৰ্থে এক নিৰ্দেশনা জাৰি কৰিছে৷ সেই হিচাপে টেক্সি আৰু কেবত কেৱল দুজন যাত্ৰীহে যাব পাৰিব৷ সকলো সময়তে সামাজিক দুৰত্ব আৰু অনাময় ব্যৱস্থা মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ৬৭,৯৯৮গৰাকী কৃষকে পিএম কিষাণৰ ২,০০০টকাৰ উপৰি ৰাজ্য চৰকাৰ পৰা ১,০০০টকাকৈ লাভ কৰিছে৷ ৰাজ্যখনত ২৮জন ক’ভিড-১৯ ৰোগী চিকিসাধীন হৈ আছে৷
  • অসমঃ ৫১জন নতুন ক’ভিড-১৯ ৰোগী চিনাক্ত কৰণ হৈছে৷ স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১,৬৭২ বৃদ্ধি পাইছে৷
  • মনিপুৰঃ আজি ১৩জনক ডিছচাৰ্জড দিয়াৰ পাছত ৰাজ্যখনৰ বৰ্তমান ৭৬জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মেঘালয়ঋ মেঘালয়ত ১৬ জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • মিজোৰামঃ ৰাজ্যখনত লকডাউন ৫.০ বাহাল আছে৷ আজি নতুনকৈ ১৩ জন ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে৷
  • নাগালেণ্ডঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজবলৈ ৰাজ্যখনত ১৭ জন চিকিসকক নিযুক্তি দিয়া হৈছে৷
  • ছিকিমঃ ছিকিম ইক’নমিক ৰিভাভেল কমিটীৰ অধ্যক্ষই দাবী কৰিছে যে ক’ভিড-১৯ লকডাউনৰ বাবে ৰাজ্যখন পৰ্যটন খণ্ডত ৫০০ কোটি টকাৰ ক্ষতি হৈছে৷
  • ত্ৰিপুৰাঃ ৰাজ্যখনত নতুনকৈ ৪৯ জন ক’ভিড-১৯ আক্ৰান্ত হৈছে৷
  • কেৰালাঃ এগৰাকী গ্ৰীৰ্জাৰ পুৰোহিতৰ মৃত্যুৰ পাছত ১৫ জন স্বা্স্থ্য কৰ্মীক কোৱাৰেণ্টাইন কৰা হৈছে৷ আজি ৭জন লোকৰ ক’ভিড-১৯ত মৃত্যু হয়৷ বৰ্তমান ৰাজ্যখনত ৭৭৪গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷                                                                                                 
  • তামিলনাডুঃ পুডুচেৰীত নতুনকৈ ৬জন লোক আক্ৰান্ত হোৱাৰ ফলত মুঠ সংখ্যা ৯০লৈ বৃদ্ধি পালে৷ ইফালে, তামিলনাডু কালি ১,০৯১ জন লোক নতুন কৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ১০,৬৮০গৰাকী লোক চিকিসাধীন হৈ আছে৷
  • কৰ্ণাটকঃ ৰাজ্যখনৰ উত্তৰা কানাডা উপকূলত নিছাৰ্গা ঘূৰ্ণীবতাহে ভূমিস্খলন কৰাৰ বাতৰি পোৱা গৈছে৷ ৰাজ্যখনত নতুনকৈ ৩৮৮জন ক’ভিডত আক্ৰান্তৰ খবৰ পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখন ২,৩৩৯ গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত বিগত ২৪ঘণ্টাত ৭৯জন নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৫ জনক ডিছচাৰ্জড আৰু ৪জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে৷
  • তেলেংগানাঃ ৰাজ্যখনত কালি আৰু আজি মুঠ ৯৯ জন লোক ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ ২,৮৯১ জন লোক আক্ৰান্ত হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত নতুনকৈ ২,২৮৭জন ক’ভিডত আক্ৰান্ত হোৱা ফলত এই সংখ্যা ৭২,৩০০লৈ বৃদ্ধি পায়৷ ইয়াৰে ৩৮,৪৯৩জন লোক এতিয়াও চিকিসাধীন হৈ আছে৷ কালি মুম্বাইত ১১০৯জন আক্ৰান্ত হৈছিল৷
  • গুজৰাটঃ কালি নতুনকৈ ৪১৫জন আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা ১৭,৬৩২জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ মৃত্যুৰ সংখ্যা ১০৯২ হৈছে৷
  • ৰাজস্থানঃ আজি পুৱাৰ ভাগলৈকে ১০২ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনৰ ক’ভিভ ৰোগীৰ সংখ্যা ৯৪৭৫জন হৈছে৷ ৰাজ্যখনত ইতিমধ্যে ৫৯৭৭গৰাকী লোকক ডিছচাৰ্জড দিয়া হৈছে৷
  • মধ্যপ্ৰদেশঃ ১৩৭জন নতুন ৰোগীৰ সৈতে মধ্যপ্ৰদেশৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ৮৪২০লৈ বৃদ্ধি পাইছে আৰু ইয়াৰে ২,৮৩৫ জন ৰোগী চিকিসাধীন হৈ আছে৷  
  • চত্তীশগড়ঃ চত্তীশগড়ত নতুনকৈ ৯জন ৰোগী আক্ৰান্ত হৈছে৷ বৰ্তমান ৪৩৩ জন ৰোগী চিকিসাধীন হৈ আছে৷ 
  • গোৱাঃ নতুনকৈ ৬ জন লোক আক্ৰান্তৰ ফলত গোৱাত ক’ভিড ৰোগীৰ সংখ্যা ৭৭লৈ বৃদ্ধি পায়৷ বৰ্তমান ২২জন ৰোগী চিকিসাধীন হৈ আছে৷  

পিআইবি ফেক্ট চেক

 



(Release ID: 1629233) Visitor Counter : 253