গৃহ মন্ত্ৰালয়

বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত অনুমতি প্ৰদানৰ বাবে ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞাত শিথিলতা

Posted On: 03 JUN 2020 3:44PM by PIB Guwahati

ভাৰত চৰকাৰে যিসকল বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞা শিথিল কৰাৰ বিষয়টো বিবেচনা কৰিছে৷ সেইবোৰ হৈছে-

  • বিদেশী ব্যৱসায়ীক সূচী বৰ্হিভূত বাণিজ্যিক/চাৰ্টাড বিমানযোগে ভাৰতলৈ আহিবলৈ ব্যৱসায়িক ভিছা(ক্ৰীড়াৰ বাবে বি-৩ ভিছা বাদ দি অন্যান্য)৷
  • গৱেষণাগাৰ আৰু কাৰখানাকে ধৰি ভাৰতীয় স্বাস্থ্য খণ্ডৰ সা-সুবিধাত কাৰিকৰী দিশত কাম কৰিবলৈ বিদেশী চিকিসা বৃত্তি, চিকিসা গৱেষণা, অভিযন্তা আৰু টেকনিছিয়ানৰ বাবে৷ এয়া ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত তথা পঞ্জীয়নভূক্ত চিকিসা সুবিধা, পঞ্জীয়নভূক্ত ফাৰ্মাচিউটিকেল কোম্পানী বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব৷
  • ভাৰতত থকা বিদেশী সম্পত্তিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী অভিযান্তিক, ব্যৱস্থাপনা, ডিজাইন বা অন্যান্য বিশেষজ্ঞৰ ভাৰত ভ্ৰমণৰ বাবে৷ এইবোৰৰ ভিতৰত সকলো নিৰ্মাতা ইউনিট, ডিজাইন ইউনিট, ছফটৱেৰ আৰু আইটি ইউনিটৰ লগতে বিত্তীয় খণ্ডৰ কোম্পানী(বেংকিং আৰু অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান) উল্লেখযোগ্য৷
  • ভাৰতত বিদেশত নিৰ্মিত যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ সংস্থাপন, মেৰামতি আৰু ব্যৱস্থাপনাৰ বাবে ভাৰতৰ পঞ্জীয়নভূক্ত ব্যৱসায়িক গোষ্ঠীয়ে আমন্ত্ৰণ জনোৱা বিদেশী টেকনিছিয়ান আৰু অভিযন্তাই ভাৰত ভ্ৰমণৰ বাবে ভিছা লাভ কৰিব৷

বিদেশী নাগৰিকৰ ওপৰোক্ত শাখাসমূহে নতুন ব্যৱসায়িক ভিছা বা সংস্থাপন ভিছা ভাৰতীয় মিচন/বিদেশী পোষ্টৰ ক্ষেত্ৰত প্ৰযোজ্য৷ বিদেশী নাগৰিকসকলে এক দীৰ্ঘদিনৰ বাবে বৈধ থকা ব্যৱসায়িক ভিছা ভাৰতীয় মিচন/বিদেশী পোষ্টৰ দ্বাৰা জাৰি কৰা হ’ব৷ এনে বিদেশী নাগৰিকসকলৰ হাতত পূৰ্বতে কোনো ধৰণৰ ইলেক্ট্ৰনিক ভিছা নাথাকিলে ভাৰত ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব৷

চৰকাৰী জাননী চাবলৈ ইয়াত ক্লিক কৰক

 

*****

VG/SNC/VM/DB



(Release ID: 1629050) Visitor Counter : 310