প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্পিক মেকে’ৰ আন্তৰ্জাতিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

যেতিয়া ১৩০ কোটি লোক সমবেত হয় তেতিয়া ই সংগীতলৈ পৰিৱৰ্তিত হয়ঃ প্ৰধানমন্ত্ৰী

সংগীত দেশৰ সামূহিক শক্তিৰ স্ৰোতলৈ পৰিৱৰ্তিত হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

Posted On: 01 JUN 2020 7:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি স্পিক মেকেৰ আন্তৰ্জাতিক সন্মিলনত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই বাস্তৱিকতাৰ আলোকপাত কৰি কয় যে এনে কষ্টকৰ পৰিস্থিতিটো সংগীতজ্ঞসকলে নিজৰ অভ্যাস পৰিৱৰ্তন কৰা নাই আৰু সন্মিলনৰ বিষয়বস্তু এই বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত হৈছে যে ক’ভিড-১৯ৰ মহামাৰীৰ ফলত যুৱসমাজৰ মাজত সৃষ্টি হোৱা উদ্বিগ্নতা কিদৰে হ্ৰাস কৰিব পাৰি৷ তেওঁ কয় যে যুদ্ধ আৰু সংকটৰ সময়ছোৱাত ঐতিহাসিক দৃষ্টিকোণেৰে কিদৰে সংগীতে প্ৰেৰণা প্ৰদান কৰি জনসাধাৰণক ঐক্যৱদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

তেওঁ কয় যে কবি, গায়ক আৰু শিল্পীসকলে সৰ্বদা এনে সময়ত জনসাধাৰণৰ মানসিক শক্তি বাহিৰলৈ উলিয়াই আনিবলৈ গীত আৰু সংগীতৰ ৰচনা কৰি আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়াও এনে কষ্টদায়ক সময়ত য’ত বিশ্বই এক অদৃশ্য শত্ৰুৰ সৈতে যুঁজি আছে, সেই সময়ত গায়ক, গীতিকাৰ আৰু শিল্পীসকলে গীতৰ কলি ৰচনা কৰি আছে আৰু জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে গীত গাই আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কিদৰে এই দেশৰ ১৩০ কোটি লোক মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে সমগ্ৰ দেশতে উদ্দীপনামূলক তালি, ঘণ্টা আৰু শংখ বজোৱাৰ বাবে ঐক্যৱদ্ধ হৈছিল৷

তেওঁ কয় যে সম চিন্তা আৰু ভাৱনাৰ সৈতে ১৩০ কোটি লোক যেতিয়া ঐক্যৱদ্ধ হয় তেতিয়া এয়া সংগীতলৈ পৰিৱৰ্তিত হয়৷

তেওঁ কয় যে যিদৰে সংগীতত সামঞ্জস্য আৰু অনুশাসনৰ প্ৰয়োজনীয়তা আছে ঠিক সেইদৰে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধতো প্ৰতিজন নাগৰিকৰ মাজত সামঞ্জস্য, সংযম আৰু অনুশাসনৰ প্ৰয়োজনীয়তা আছে৷

তেওঁ এই বৰ্ষত স্পিক মেকে সন্মিলনত যোগ আৰু নাদ যোগৰ উপৰিও প্ৰাকৃতিক ভ্ৰমণ, ঐতিহ্যস্থান ভ্ৰমণ, সাহিত্য আৰু সমগ্ৰ ভোজনৰ দৰে তত্ব সন্মিলিত কৰাৰ বাবে প্ৰশংসা কৰে৷

নাদ যোগৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে ভাৰতত নাদক সংগীতৰ বুনিয়াদ আৰু আত্ম উৰ্জাৰ আধাৰৰ ৰূপত প্ৰত্যক্ষ কৰা হয়৷

তেওঁ কয় যে যেতিয়া আমি যোগ আৰু সংগীতৰ মাধ্যমেৰে নিজৰ অন্তৰ্ভাগৰ শক্তিক নিয়ন্ত্ৰিত কৰো তেতিয়া নাদ ব্ৰহ্মনাদৰ স্থিতিত উপনীত হয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, এই কাৰণতেই সংগীত আৰু যোগ দুয়োটাতেই ধ্যান আৰু প্ৰেৰণা দিয়াৰ শক্তি আছে, দুয়োটাতেই শক্তিৰ এক বৃহৎ উৎস আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংগীত কেৱল আনন্দৰ স্ৰোতই নহয়, বৰঞ্চ ইয়াক সেৱাৰ এক মাধ্যম আৰু তপস্যাৰো ৰূপ হিচাপে বিবেচনা কৰা হয়৷

তেওঁ কয় যে আমাৰ দেশত বহু মহান সংগীতজ্ঞ আছে যিয়ে নিজৰ সমগ্ৰ জীৱন মানৱতাৰ সেৱাত বিলাই দিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ সৈতে প্ৰাচীন কলা আৰু সংগীত সংমিশ্ৰণো সময়ৰ এক দাবীহে৷

ৰাজ্য আৰু ভাষাসমূহৰ সীমাৰ ঊৰ্ধলৈ গৈ আজি সংগীত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শক শক্তিশালী কৰিছে যি পূৰ্বতে কেতিয়াও হোৱা নাছিল৷

প্ৰধানমন্ত্ৰীয়ে এই তথ্যৰ প্ৰসংশা কৰি কয় যে জনসাধাৰণে নিজৰ সৃজনীমূলক মাধ্যমৰ জৰিয়তে ছ’চিয়েল মিডিয়াত বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছে আৰু লগতে ক’ৰোনাৰ বিৰুদ্ধে দেশৰ অভিযান আগুৱাই নিছে৷

এই সন্মিলনে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমাৰ যুঁজক অধিক প্ৰসাৰিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

VRRK/VJ/MANN



(Release ID: 1628873) Visitor Counter : 187