প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিআইআইৰ বাৰ্ষিক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

আমি নিশ্চিতভাৱে আমাৰ বিকাশ ঘূৰাই পামঃ প্ৰধানমন্ত্ৰী

এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আগ্ৰহ, অন্তৰ্ভূক্তি, বিনিয়োগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ গুৰুত্ব অধিকঃ প্ৰধানমন্ত্ৰী

Posted On: 02 JUN 2020 2:21PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় উদ্যোগ মহাসংঘৰ ১২৫সংখ্যক বার্ষিক অধিৱেশনত উদ্বোধনী ভাষণ আগবঢ়ায়৷ এই বছৰৰ বার্ষিক অধিৱেশনৰ মূল বিষয় হৈছে—নতুন এক বিশ্বৰ বাবে ভাৰতক উপযুক্তভাৱে গঢ়ি তোলাঃ জীৱন, জীৱিকা আৰু বিকাশ৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে ক’ৰোনাৰ বাবে এই ধৰণৰ অনলাইন অনুষ্ঠান সুলভ হৈ পৰিছে৷ জনসাধাৰণৰ বাবে এক ডাঙৰ শক্তি, যি জটিল সময়ত ভৱিষ্য পন্থা বিচাৰি উলিওৱাত সহায় কৰে৷ তেওঁ কয় যে এফালে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত আমি কঠোৰ পদক্ষেপ ল’ব লাগিব তথা দেশবাসীৰ জীৱন ৰক্ষা কৰিব লাগিব, অন্যহাতে, অর্থনীতিও সুস্থিৰ আৰু গতিশীল কৰি তুলিব লাগিব৷

এই বছৰৰ বার্ষিক অধিৱেশনৰ মূল বিষয়ৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে উন্নয়নত গতি আনিবলৈ আলোচনা আৰম্ভ কৰাৰ বাবে ভাৰতীয় উদ্যোগ সংস্থাসমূহক প্ৰশংসা কৰে৷ তেওঁ কয় যে উদ্যোগ সংস্থাসমূহে প্ৰচলিত ধ্যান-ধাৰণাৰ বাহিৰলৈ গৈ নিশ্চিতভাৱে বিকাশৰ গতি ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব৷ তেওঁ কয় যে ভাৰতৰ সক্ষমতা আৰু সংকট মোকাবিলা কৰাৰ ক্ষেত্রত তেওঁলোকৰ যি আস্থা আছে, সেয়া ভাৰতৰ মেধা আৰু প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। সেয়েহে, স্বাভাৱিকভাবে উদ্যোগীসকলে দেশৰ অগ্ৰগতি বজাই ৰাখিবলৈ যি প্ৰচেষ্টা হাতত লৈছে, সেইবোৰে তেওঁক আত্মবিশ্বাসী কৰি তুলিছে৷

প্ৰধানমন্ত্রীয়ে কয় যে ক’ৰোনাই আর্থিক গতিক মন্থৰ কৰি তুলিলেও এতিয়া আটাইতকৈ ডাঙৰ বিষয়টো ল—ভাৰতে লকডাউন পর্ব পাৰ কৰি আনলক-১ত প্ৰৱেশ কৰিছে। এই আনলক-১এ আর্থিক কাম-কাজৰ এক বৃহ অংশক পুনৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে খুলি দিয়া হৈছে৷ আনকি, জুনৰ পাছত আৰু বহু উদ্যোগ প্ৰতিষ্ঠান পুনৰ আৰম্ভ হ’ব৷ সেয়েহে কোৱা হৈছে অগ্ৰগতিৰ পথত ধাৱিত হোৱাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে৷

প্ৰধানমন্ত্রীয়ে সজোৰে কয় যে ক’ৰোনা ভাইৰাছে যেতিয়া বিশ্বত বিয়পি পৰিছিল, তেতিয়া ভাৰতে সঠিক সময়ত সঠিক পদক্ষেপ লৈছিল৷আজি আমি উপলব্ধি কৰিছো, ভাৰতত লকডাউনৰ প্ৰভাৱ কিমান সুদূৰপ্ৰসাৰী হৈছে৷তেওঁ লগতে কয় যে ক’ৰোনাৰ বিৰুদ্ধে অর্থনীতিক পুনৰ সুদৃঢ় কৰাটো এতিয়া আমাৰ সর্বোচ্চ অগ্রাধিকাৰ৷ সেইবাবে চৰকাৰে এনে একাধিক সিদ্ধান্ত লৈছে, যি অনতি পলমে কার্যকৰী কৰা প্ৰয়োজন আৰু দীর্ঘম্যাদী ভিত্তিত ইয়াৰ প্ৰভাৱ সুস্থিৰ কৰাটো জৰুৰী৷

এনে জটিল পৰিস্থিতিত সাধাৰণ জনতাৰ সাহায্যার্থে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ স্বার্থত প্ৰধানমন্ত্রী গৰীৱ কল্যাণ যোজনাই বৃহ ভূমিকা পালন কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্রায় ৭৪ কোটি উপভোক্তাক বিনামূলীয়া ৰেচন বিতৰণ কৰা হৈছে৷ আনকি, প্ৰব্ৰজিত শ্ৰমিকসকলকো বিনামূলীয়া ৰেচন দিয়া হৈছে৷ মহিলা, দিব্যাংগ, জ্যেষ্ঠ ব্যক্তি, শ্ৰমিক শ্রেণীলৈকে সমাজৰ সকলোৱেই ইয়াৰ জৰিয়তে উপকৃত হৈছে৷ লকডাউনৰ সময়ত চৰকাৰে সম্পূর্ণ বিনামূলীয়াকৈ দুখীয়া লোকসকলক কোটিতকৈও অধিক ৰন্ধন গেছ চিলিণ্ডাৰ যোগান ধৰিছে৷ আনকি, ব্যক্তিগতখণ্ডৰ ৫০ লাখ কৰ্মচাৰীক তেওঁলোকৰ বেংক একাউণ্টত ইপিএফৰ বাবদ ২৪ শতাংশ হাৰত চৰকাৰী অনুদান প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় হৈছে৷

প্ৰধানমন্ত্রীয়ে আত্মনির্ভৰ ভাৰত গঢ় দিয়া আৰু দেশক দ্রুত উন্নয়নৰ পথলৈ ঘূৰাই আনিবলৈ ৫টা বিষয়ৰ কথা উল্লেখ কৰে৷ সেইবোৰ হৈছে৷ সদিচ্ছা, সামাজিক অন্তর্ভুক্তিকৰণ, বিনিয়োগ, আন্তঃগাঁথনি আৰু উদ্ভাৱন। এই ৫টা বিষয়ৰ কথাই চৰকাৰৰ সদ্য ঘোষিত সাহসী সিদ্ধান্তসমূহত প্ৰতিফলিত হৈছে৷

প্ৰধানমন্ত্রীয়ে লগতে কয় যে আমাৰ বাবে সংস্কাৰ সাধন কোনো অপ্ৰত্যাশিত সিদ্ধান্ত নহয়। বৰঞ্চ, সংস্কাৰ আমাৰ বাবে এক ধাৰাবাহিক, পৰিকল্পিত, সুসংবদ্ধ, আন্তঃসংযোগী তথা ভৱিষ্যমুখী প্ৰক্রিয়া। আমাৰ বাবে সংস্কাৰৰ অর্থ সিদ্ধান্ত গ্ৰহণৰ সাহসিকতা আৰু প্ৰতিটো সিদ্ধান্তৰ যুক্তিসংগত সমাধান কৰা৷

প্ৰধানমন্ত্রীয়ে লগতে কয় যে চৰকাৰে এনে কিছুমান দিশত নীতিগত সংস্কাৰ সাধন কৰিছে, যিবোৰৰ ক্ষেত্ৰত দেশবাসীয়ে আশা এৰি দিছিল৷ স্বাধীনতাৰ পাছত কৃষি খণ্ডত যিবোৰ নির্দেশনা প্ৰস্তুত কৰা হৈছিল সেয়া প্ৰকাৰন্তৰে কৃষকসকলক মধ্যভোগীৰ হাতত তুলি দিয়া হৈছিল। কৃষি পাদন বিপণন কমিটীত সংস্কাৰৰ পাছত এতিয়া কৃষকসকলে দেশৰ যি কোনো ৰাজ্যত নিজৰ পছন্দ অনুসৰি পাদিত বিক্রী কৰিব পৰা হ’ল৷


প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শ্ৰমিক কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি কর্মসংস্থাপন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰম ক্ষেত্রত সংস্কাৰ সাধন কৰা হৈছে৷ অকৌশলগত খণ্ড, য’ত ব্যক্তিগত সংস্থাসমূৰ চামিল হোৱাৰ অনুমতি নাছিল, এতিয়া সেইসকলৰ বাবেও মুকলি কৰি দিয়া হৈছে৷ কয়লা খণ্ডত বাণিজ্যিক খননৰ অনুমতি দিয়া হৈছে৷ এই লক্ষ্যৰে চৰকাৰে খনি খণ্ড, শক্তি খণ্ড, গৱেষণা আৰু প্ৰযুক্তি খণ্ড, উদ্যোগ খণ্ড সকলোতে নতুন নতুন সা-সুবিধাৰ সৃষ্টি হৈছে৷ যুৱক-যুৱতীসকলে ইয়াৰ সুফল লাভ কৰিছে৷ এতিয়া দেশৰ কৌশলগত খণ্ডতো বেচৰকাৰী সংস্থাৰ অংশগ্ৰহণ সম্ভৱ কৰি তোলা হৈছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড আমাৰ দেশৰ অর্থনীতিৰ মূল চালিকাশক্তি। জিডিপিত এই খণ্ডটোৰ অৱদান ৩০ শতাংশ। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংস্থাসমূহৰ সংজ্ঞা সংশোধনৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰা হৈছে৷ ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া সংস্থাসমূহৰ বিকাশ আৰু ত্বৰান্বিত লাগিব আৰু নিজৰ অস্তিত্ব বজাই ৰখাটো সম্ভৱ কৰি তুলিব লাগিব৷ আনকি, ২০০ কোটি টকালৈকে চৰকাৰী সংগ্ৰহৰ ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ ব্যৱস্থা বাতিল কৰা হৈছে, যাতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংস্থাই চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে৷

ভাৰতৰ প্ৰতি বিশ্ববাসীৰ প্ৰত্যাশা বৃদ্ধি পোৱা সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে এতিয়া সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ ফালে চাই ৰৈছে৷ ভাৰতে ১৫০তকৈ অধিক দেশক চিকিসা সামগ্রী যোগান ধৰিছে। সমগ্ৰ বিশ্বই এতিয়া এক বিশ্বস্ত আৰু নির্ভৰযোগ্য অংশীদাৰ বিচাৰিছে। সেয়েহে, ভাৰতৰ সেই সম্ভাৱনা, শক্তি আৰু সক্ষমতা আছে৷ তেওঁ উদ্যোগ সংস্থাসমূহক ভাৰতৰ প্ৰতি বিশ্বৰ বাকী দেশসমূহৰ যি আস্থা মনোভাৱ গঢ় লৈ উঠিছে, তাৰ সুফল গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়৷ প্ৰধানমন্ত্রীয়ে সজোৰে কয় যে পুনৰ বিকাশৰ পথত ঘূৰি অহাটো বৰ বিশেষ জটিল কাম নহয়। এতিয়া ডাঙৰ কথাটো ল-ভাৰতীয় উদ্যোগ সংস্থাসমূহৰ বাবে এক সুস্পষ্ট বার্তা আছে, সেয়া আত্মনির্ভৰ ভাৰত। তেওঁ আত্মনির্ভৰ ভাৰতৰ প্ৰসংগত কয় যে আমি আৰু অধিক শক্তিশালী হৈ উঠিম আৰু বাকী বিশ্বক আঁকোৱালি ল’ম৷ আত্মনির্ভৰ ভাৰত বিশ্ব অর্থনীতিৰ সৈতে পূর্ণ অংশগ্ৰহণ আৰু সমর্থন৷

প্ৰধানমন্ত্রীয়ে এক শক্তিশালী স্থানীয় যোগান শৃংখল গঢ়ি তুলিবলৈ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি কয় এই ব্যৱস্থাই ভাৰতক বিশ্ব যোগান শৃংখলৰ সৈতে যুক্ত কৰিব৷ তেওঁ চিআইআইৰ দৰে বৃহ প্ৰতিষ্ঠানসমূহক ক’ৰোনাৰ পাছত সময়ত নতুন ভূমিকাত অৱতীর্ণ হৈ ভাৰতক আত্মনির্ভৰ কৰি তোলাৰ বাবে আৰু অধিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়৷ তেওঁ কয় যে দেশত প্ৰস্তুত কৰা সামগ্রীৰ গুণমানৰ দিশৰ পৰা বিশ্বৰ উপযোগী কৰি তুলিব লাগিব৷ তেওঁ উদ্যোগ সংস্থাসমূহক সকলো ক্ষেত্রতে পাদনশীলতা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰাৰ পৰামর্শ আগবঢ়ায়৷

প্ৰধানমন্ত্রীয়ে গ্রাম্য অর্থনীতিত কৃষকসকলৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলি বিনিয়োগৰ সুবিধা গ্ৰহণৰ আহ্বান জনায়৷ এতিয়া গাঁওসমূহৰ বাবেই স্থানীয় কৃষিজাত সামগ্ৰীৰ ক্লাষ্টাৰ গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নির্মাণ কৰা হৈছে৷ দেশৰ বিকাশৰ যাত্ৰাত বেচৰকাৰী সংস্থাসমূহক অংশীদাৰ হিচাপে চৰকাৰে গণ্য কৰি আহিছে৷ তেওঁ উদ্যোগ সংস্থাসমূহক আশ্বাস দি কয় যে আত্মনির্ভৰ ভাৰত অভিযানৰ সৈতে জড়িত প্ৰতিটো বিষয়ত প্ৰয়োজন পুৰণৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে দেশক আত্মনির্ভৰ কৰি তোলাৰ বাবে উদ্যোগ সংস্থাসমূহক আগুৱাই অহাৰ আহ্বান জনাই কয় যে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ সংকল্পৰে উদ্যোগ সংস্থাসমূহে তেওঁলোকৰ সর্বশক্তি প্ৰয়োগ কৰিত লাগিব৷

 

***

VRRK/AK/DB



(Release ID: 1628843) Visitor Counter : 174