PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 JUN 2020 6:41PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্য-ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে ৯৫,৫২৬ জন ৰোগীয়ে

বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ত আক্ৰান্ত ৩,৭০৮গৰাকী ৰোগী আৰোগ্য হৈছে আৰু শেহতীয়া তথ্য মতে ৯৭,৫৮১গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে৷ দেশত বৰ্তমানলৈকে সৰ্বমুঠ ৯৫,৫২৬গৰাকী ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৪৮.০৭% লৈ উন্নীত হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে নিম্নগামী (২.৮২%) হৈছে৷

দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ ভিতৰত ১০% ৬০ বছৰৰ ঊৰ্ধ্বৰ আৰু ৭০% ৰোগী দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই লোকসকলৰ বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ এই লোকসকলক নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ পৰামৰ্শ যেনে-হাৰ্বেল টি সেৱন, টেলিমেডিচিনৰ ব্যৱহাৰ আৰু আৰোগ্য এপ ব্যৱহাৰৰ লগতে নিজাকৈ স্বাস্থ্যৰ নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে৷ এনে লোকৰ দেহত ক’ভিড-১৯ৰ কোনো লক্ষণ দেখাৰ লগে লগে চিকিৎসকক জনাবলৈ কোৱা হৈছে৷

No photo description available.

​অধিক বিৱৰণৰ বাবে

চিআইআইৰ বাৰ্ষিক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ প্ৰদান; মনৰ ইচ্ছা, সমন্বয়, বিনিয়োগ, আন্তঃগাঁথনি আৰু উদ্ভাৱন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাই আমাৰ জীৱনৰ গতি স্তব্ধ কৰিলে আজি ভাৰতে লকডাউনৰ পৰ্যায় অতিক্ৰম কৰিছে আৰু আনলক পৰ্যায়ত প্ৰৱেশ কৰিছে৷ দেশৰ অৰ্থনীতিৰ এক বৃহৎ অংশ মুকলি হোৱাৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰয়োজনীয় মনৰ ইচ্ছা, সমন্বয়, বিনিয়োগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ কথা উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

চিআইআইৰ বাৰ্ষিক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ প্ৰদান

অধিক বিৱৰণৰ বাবে

এছপিআইচি মেকে’জৰ আন্তৰ্জাতিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ এই সংকটৰ সময়ছোৱাতো সংগীতজ্ঞসকলে যুৱ প্ৰজন্মৰ মাজত হতাশা দূৰ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰ সেতু- আইএনএছ জলছে টুটিকৰণলৈ ভাৰতীয় নাগৰিকসকলক ওভতাই আনিবলৈ যাত্ৰা কৰিলে কলম্বোলৈ

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে

শ্ৰী ৰাজনাথ সিঙে ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

ট্ৰাইফেডে ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জনজাতি শিল্পীসকললৈ আগবঢ়াইছে সমৰ্থন

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ট্ৰাইফেডে ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা সংকটময় পৰিস্থিতিৰ পৰা জনজাতি শিল্পীসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকলৈ সৰ্বতো প্ৰকাৰৰ সহায় আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

ন’ভেল ক’ৰোনা ভাইৰাছৰ সৈতে সহৱস্থান কৰাৰ পাঁচটা উপায়

অধিক বিৱৰণৰ বাবে

যোৰহাটৰ চিএছআইআৰ-এনইআইএছটিত ক’ভিড-১৯ৰ পৰীক্ষণ গৱেষণাগাৰ মুকলি হৈছে

যোৰহাটস্থিত এনইআইএছটিত ক’ভিড-১৯ৰ পৰীক্ষণ শিবিৰ মুকলি কৰা হৈছে
অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ক’ভিডৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ৰ পৰা যুদ্ধ কৰিবলৈ মুকলি কৰিলে ‘মিছন ফটেহ’৷
  • হাৰিয়ানাঃ ৰাজ্যিক গৃহ মন্ত্ৰীয়ে কয় যে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সকলো দোকান পোহাৰ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ৬৮ হাজাৰ কৃষকক ২০০০ টকাকৈ কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে অতিৰিক্ত ১০০০ টকাকৈ প্ৰদান কৰিছে৷
  • অসমঃ তেজপুৰত ডিআৰএলক ডিআৰডিঅ’ই ক’ভিড-১৯ৰ স্বীকৃতিপ্ৰাপ্ত পৰীক্ষণ কেন্দ্ৰ হিচাপে অনুমোদন প্ৰদান কৰিছে৷ অসমত ২৮ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগী ১৫১৩ জন, আৰোগ্য লাভ কৰিছে ২৮৪ জনে, সক্ৰিয় ৰোগীৰ সংখ্যা ১২২২ জন আৰু মৃত্যু হৈছে ৪ জনৰ৷
  • মণিপুৰঃ মণিপুৰত দুজন নতুন লোকৰ দেহত পোৱা গৈছে ৰোগৰ বীজাণু৷ ৰাজ্যখনত মুঠ পজিটিভ ৰোগীৰ সংখ্যা ৮৫ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ৭৪ জন৷
  • মিজোৰামঃ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দৰমহাৰ ৬০% মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ প্ৰদান কৰিছে৷
  • নাগালেণ্ডঃ চৰকাৰে ডিমাপুৰৰ চৰকাৰী পৰ্যটন লডজসমূহ ক’ভিড-১৯লৈ ৰূপান্তৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ বিগত ২৪ ঘণ্টাত ২৩৬১ লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ৭৬ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা ৭০,০১৩ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা ১৭২১৭ জন৷
  • মধ্যপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১৯৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা ৮২৮৩ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৯৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪২ জন৷ আৰোগ্য লাভ কৰিছে ৬০৪০ জনে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা ৫৪৭ জন৷

পিআইবি ফেক্ট চেক

 



(Release ID: 1628828) Visitor Counter : 240