স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈছে ৯৫,৫২৬গৰাকী ৰোগী

Posted On: 02 JUN 2020 6:23PM by PIB Guwahati

বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ত আক্ৰান্ত ৩,৭০৮গৰাকী ৰোগী আৰোগ্য হৈছে আৰু শেহতীয়া তথ্য মতে ৯৭,৫৮১গৰাকী ৰোগী বৰ্তমান চিকিসাধীন হৈ আছে৷ দেশত বৰ্তমানলৈকে সৰ্বমুঠ ৯৫,৫২৬গৰাকী ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৪৮.০৭% লৈ উন্নীত হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে নিম্নগামী (২.৮২%) হৈছে৷

দেশত মৃত্যৰ হাৰ নিম্নগামী হোৱাৰ মুলতে দুটা দিশ বিশেষভাৱে উল্লেখযোগ্য, সেয়া হৈছে সময়ানুৱৰ্তী চিনাক্তকৰণ আৰু আক্ৰান্ত লোকসকলৰ চিকিসা ব্যৱস্থাপনা৷

দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ ভিতৰত ১০% ৬০ বছৰৰ ঊৰ্ধ্বৰ আৰু ৭০% ৰোগী দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই লোকসকলৰ বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ এই লোকসকলক নিয়মীয়াকৈ চিকিসকৰ পৰামৰ্শ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ পৰামৰ্শ যেনে-হাৰ্বেল টি সেৱন, টেলিমেডিচিনৰ ব্যৱহাৰ আৰু আৰোগ্য এপ ব্যৱহাৰৰ লগতে নিজাকৈ স্বাস্থ্যৰ নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে৷ এনে লোকৰ দেহত ক’ভিড-১৯ৰ কোনো লক্ষণ দেখাৰ লগে লগে চিকিসকক জনাবলৈ কোৱা হৈছে৷

জনসাধাৰণে এনে উচ্চ আশংকাপূৰ্ণ লোকসকলৰ ক্ষেত্ৰত উপযুক্ত স্বাস্থ্য বিধি মানি চলাত সহায় কৰিব পাৰে৷ অতি জৰুৰী নহ’লে কেতিয়াও ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে জয়ী হ’বলৈ আহক আমি এক ‘গণ আন্দোলন’ গঢ়ি তোলো৷ সকলো নাগৰিকক তিনিটা কাম ক্ৰমে সজাগতা, প্ৰতিৰোধী প্ৰচেষ্টাৱলী আৰু সময়ানুৱৰ্তী চিকিসাৰ বাবে #IndiaWillWin ব্যৱহাৰ কৰাৰ  লগতে ক’ভিড-১৯ বিৰোধী যুঁজত সমৰ্থনৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনোৱা হৈছে৷

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু শেহতীয়া তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত কভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1628787) Visitor Counter : 324