প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেলেংগানাৰ ৰাজ্যিক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা; অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণলৈও শুভেজ্ঞা জ্ঞাপন

Posted On: 02 JUN 2020 9:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণলৈও শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘তেলেংগানাৰ ৰাজ্যিক দিৱস উপলক্ষে শুভেচ্ছা জনাইছো৷ ৰাজ্যখনৰ জনসাধাৰণে বিভিন্ন দিশত নিজৰ প্ৰতিভা দেখুৱাবলৈ সমৰ্থ হৈছে৷ ইয়াৰ দ্বাৰা তেলেংগানাৰ অৰ্থনীতিত তেওঁলোকে প্ৰভূত অৱদান আগবঢ়াইছে৷ মই ৰাজ্যখনৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰিছো৷

অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণলৈও শুভেচ্ছা জ্ঞাপন কৰিছো৷ তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সাহসেই হ’ল এই ভূমিৰ পৰিচয়৷ তেওঁলোকৰ সোণালী ভৱিষ্যতৰ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

VRRK/SH/MANN



(Release ID: 1628660) Visitor Counter : 164