ৰেল মন্ত্ৰালয়
১ জুনৰ পৰা সমগ্ৰ দেশত ২০০ খন বিশেষ ৰে’লগাড়ী চলাচল কৰিব
১ জুনৰ পৰা চলিবলৈ আৰম্ভ কৰা ৰে’লগাড়ীত প্ৰথমদিনাই ১.৪৫ লাখতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব।
১ জুনৰ পৰা ৩০ জুন ২০২০ লৈকে এই সময়খিনিত যাত্ৰাৰ বাবে ২৬ লাখ যাত্ৰীয়ে আগতীয়াকৈ আসন সংৰক্ষণ কৰিছে।
শ্ৰমিক বিশেষ ৰে’লগাড়ী আৰু ১২ মে’ৰপৰা আৰম্ভ হোৱা ৩০ খন বিশেষ বাতানুকূল ৰে’লগাড়ীৰ অতিৰিক্তভাৱে এই সেৱা আৰম্ভ কৰা হৈছে।
যাত্ৰীসকলে যাত্ৰাৰম্ভৰ ৯০ মিনিটৰ আগতে ষ্টে’শ্যন পাবগৈ লাগিব। নিশ্চিত টিকট/আৰএচি টিকত থকা যাত্ৰীকহে ষ্টে’শ্যনত প্ৰৱেশ কৰিবলৈ আৰু ৰে’লগাড়ীত উঠিবলৈ অনুমতি দিয়া হ’ব।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীমতে সকলো যাত্ৰীয়ে বাধ্যতামূলক শৰীৰৰ তাপমাত্ৰা পৰীক্ষণৰ পিছতহে ৰে’লগাড়ীত উঠিবলৈ অনুমতি পাব।
Posted On:
31 MAY 2020 6:12PM by PIB Guwahati
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত আলোচনা কৰি ৰে’ল মন্ত্ৰালয়ে ১ জুন ২০২০ তাৰিখৰপৰা পুনৰ আংশিকভাৱে সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ১ জুনৰ পৰা চলিবলৈ আৰম্ভ কৰা ৰে’লগাড়ীত প্ৰথমদিনাই ১.৪৫ লাখতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব। কাইলৈৰ পৰা ভাৰতীয় ৰে’ল বিভাগে সূচী (Link of the Annexure) অনুসৰি ২০০ খন যাত্ৰীবাহী ৰে’লগাড়ীৰ চলাচল কৰাব।
উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ৰে’ল বিভাগে শ্ৰমিক বিশেষ ৰে’লগাড়ী আৰু ১২ মে’ ২০২০ ৰ পৰা আৰম্ভ হোৱা ৩০ খন বিশেষ বাতানুকূল ৰে’লগাড়ীৰ অতিৰিক্তভাৱে এই সেৱা আৰম্ভ কৰিছে।
নিয়মীয়া ৰে’লগাড়ীৰ দৰেই এই ৰে’লগাড়ীসমূহত বাতানুকূল, অবাতানুকূল আৰু সাধাৰণ শ্ৰেণীৰ বাবে বহিবপৰা সংৰক্ষিত আসন থাকিব। সংৰক্ষিত আসন নথকা কোনো ডবা ইয়াত নাথাকিব। টিকটৰ মূল্যও আগৰদৰেই শ্ৰেণী অনুযায়ী ভিন্ন হ’ব।
আজি ০৯.০০ বজাত মুঠ ২৫,৮২,৬৭১ জন যাত্ৰীয়ে আই আৰ চি টি চি ৱেবছাইট আৰু মোবাইল এপৰ যোগেদি টিকট ক্ৰয় কৰে। ভাৰতীয় ৰে’ল বিভাগে সংৰক্ষিত আসনৰ বাবে টিকট কাউন্টাৰ, সাধাৰণ সেৱা কেন্দ্ৰ আৰু ৰে’ল বিভাগৰ এজেন্টৰদ্বাৰাও ২২ মে’ ২০২০ ৰ পৰা টিকট দিয়াৰ সুবিধা কৰিছিল।
ইতিমধ্য উল্লেখ কৰা হৈছে যে ভাৰতীয় ৰে’ল বিভাগে ১২ মে’ ২০২০ ৰ পৰা আৰম্ভ হোৱা ৩০ খন বিশেষ বাতানুকূল ৰে’লগাড়ী আৰু ১ জুনৰ পৰা চলিবলগা ২০০ খন বিশেষ ৰে’লগাড়ীৰ ক্ষেত্ৰত নিৰ্দেশনা কিছু সলনি কৰিছে। এই ২৩০ খন ৰে’লগাড়ীত আগতীয়া আসন সংৰক্ষণৰ বাবে সময় ৩০ দিনৰ ঠইত ১২০ দিন কৰা হৈছে। এই ২৩০ খন ৰে’লগাড়ীত বয়বস্তুৰ বাবেও বুকিঙৰ সুবিধা আছে। কাৰেন্ট বুকিং, তৎকাল টিকটৰ সুবিধা আদি আগৰদৰেই থাকিব। ভাৰতীয় ৰে’ল বিভাগৰ ৱেবছাইট www.indianrailways.gov ত সকলো নিৰ্দেশনা উপলব্ধ কৰা হৈছে।
তালিকা প্ৰস্তুত আৰু ৰে’লগাড়ীত উঠাৰ নিয়মাৱলীঃ
১. আৰ এ চি আৰু ৱেইটিঙৰ তালিকা আগৰ নিয়মমতেই কৰা হ’ব।
২. কোনো যাত্ৰীকে অসংৰক্ষিত টিকট দি ৰে’লগাড়ীত উঠাৰ সুবিধা দিয়া নহ’ব বা ৰে’লগাড়ীৰ ভিতৰত অসংৰক্ষিত টিকট ইছ্যু কৰা নহ’ব।
৩. নিশ্চিত টিকট/আৰএচি টিকত থকা যাত্ৰী বা একেটা পি এন আৰ নম্বৰত এটা টিকট নিশ্চিত/আৰএচি আৰু আনকেইটা ৱেইটিং থকা যাত্ৰীকহে ষ্টে’শ্যনত প্ৰৱেশ কৰিবলৈ আৰু ৰে’লগাড়ীত উঠিবলৈ অনুমতি দিয়া হ’ব।
৪. ৱেইটিং তালিকাত থকা যাত্ৰীক ৰে’লগাড়ীত উঠিবলৈ অনুমতি দিয়া নহ’ব।
৫. ৩০ জুন ২০২০ ত যাত্ৰা কৰিবৰ বাবে ২৯ জুন ২০২০ তাৰিখে তৎকাল টিকট বুকিং কৰিব পাৰিব।
৬. যাত্ৰাৰম্ভৰ ৪ ঘন্টাৰ আগত প্ৰথমখন তালিকা সাজু হ’ব আৰু দ্বিতীয়খন তালিকা আগৰ ৩০ মিনিটৰ বিপৰীতে ২ ঘন্টা আগত সাজু কৰা হ’ব।
৭. সকলো যাত্ৰীয়ে বাধ্যতামূলক শৰীৰৰ তাপমাত্ৰা পৰীক্ষণৰ পিছতহে ৰে’লগাড়ীত উঠিবলৈ অনুমতি পাব।
৮. বিশেষ ৰে’লগাড়ীত যাত্ৰা কৰা যাত্ৰীসকলে তলত উল্লিখিত সুৰক্ষা বিধিসমূহ মানি চলিব লাগিবঃ
- যাত্ৰাকালত সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।
- যাত্ৰীসকলে যাত্ৰাৰম্ভৰ ৯০ মিনিটৰ আগতে ষ্টে’শ্যন পাবগৈ লাগিব। শৰীৰৰ তাপমাত্ৰা পৰীক্ষণৰ পিছত কোনো ৰোগৰ লক্ষণ নেদেখিলেহে ৰে’লগাড়ীত উঠিবলৈ অনুমতি পাব।
- যাত্ৰীসকলে সামাজিক দূৰত্ব বৰ্তাই চালিব।
- লক্ষ্যস্থান পোৱাৰ পিছত যাত্ৰীসকলে সেই ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ/কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰা স্বাস্থ্য বিধি মানি চলিব লাগিব।
টিকট বাতিল কৰা আৰু মূল্য ঘূৰাই দিয়া সকলো নিয়ম আগৰদৰে একেই থাকিব। নিশ্চিত টিকট থাকিলেও যদি শৰীৰৰ তাপমাত্ৰা পৰীক্ষণৰ পিছত ৰোগৰ লক্ষণ দেখা যায়, তেন্তে ৰে’লগাড়ীত উঠিবলৈ অনুমতি নাপাব। তেনে ক্ষেত্ৰত যাত্ৰীক চিকটৰ মূল্য তলৰ চৰ্তসাপেক্ষে ঘূৰাই দিয়া হ’বঃ
১. এজন যাত্ৰীৰ বাবে এটা পি এন আৰ থাকিলে তেওঁ ৰিফাণ্ড পাব।
২. এটা দলৰ বাবে যদি এটা পি এন আৰ নিৰ্দিষ্ট কৰা থাকে আৰু এজন যাত্ৰীৰ গাত ৰোগৰ লক্ষণ দেখিলে যদি সমগ্ৰ দলটোৱে যাত্ৰা বাতিল কৰে, তেন্তে সকলো যাত্ৰীয়েই ৰিফাণ্ড পাব।
২. এটা দলৰ বাবে যদি এটা পি এন আৰ নিৰ্দিষ্ট কৰা থাকে আৰু এজন যাত্ৰীৰ গাত ৰোগৰ লক্ষণ দেখিলে যদি তেওঁৰ বাদে সমগ্ৰ দলটোৱে যাত্ৰা কৰে, তেন্তে কেৱল বাদ পৰা যাত্ৰীজনে ৰিফাণ্ড পাব।
এই আটাইকেইটা পৰিস্থিতিতে টিটিইৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ’ব। আৰু এই ৰিফাণ্ড পাবলৈ ১০ দিন অপেক্ষা কৰিবলগা হ’ব পাৰে।
টিকটৰ মূল্যৰ লগত খাদ্যসামগ্ৰীৰ মূল্য অন্তৰ্ভুক্ত কৰা হোৱা নাই, অৱশ্যে আই আৰ চি টি টিয়ে অতি কম পৰিমাণত খাদ্য সামগ্ৰী আৰু খোৱা পানী নিৰ্দিষ্ট মূল্যত যোগানৰ ব্যৱস্থা কৰিছে। সেয়ে যাত্ৰীসকলক নিজৰ খাদ্যসামগ্ৰী প্ৰয়োজন অনুসৰি লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ষ্টে’শ্যনসমূহত থকা খাদ্য বিপণীসমূহ খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে। কাপোৰ আৰু কম্বল বাতানুকূল ডবাত যোগান দিয়া হ’ব যদিও যাত্ৰীসকলক নিজৰ প্ৰয়োজন অনুসৰি এই সামগ্ৰী লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
সকলো যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক।
****
DJN/SG/MKV/PRK
(Release ID: 1628237)
Visitor Counter : 255
Read this release in:
Punjabi
,
English
,
Hindi
,
Tamil
,
Telugu
,
Malayalam
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Odia
,
Kannada