PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 MAY 2020 6:35PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

বিগত ২৪ ঘণ্টাত মুঠ ১১,২৬৪ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ ৪৭.৪০%লৈ বৃদ্ধি পাইছে, সক্ৰিয় ৰোগীৰ সংখ্যা ৮৯,৯৮৭ৰ পৰা ৮৬,৪২২ জনলৈ হ্ৰাস পাইছে

বিগত ২৪ ঘণ্টাত মুঠ ১১,২৬৪জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ৮২,৩৬৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷  বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৬,৪২২ জন৷ সক্ৰিয় ৰোগীসকলক চিকিৎসকৰ তত্বাৱধানৰ অধীনত ৰখা হৈছে৷

​অধিক বিৱৰণৰ বাবে

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পত্ৰ

‘‘বহুতে আশংকা প্ৰকট কৰিছিল যে যেতিয়া ক’ৰোনাই ভাৰতত আক্ৰমণ কৰিব, তেতিয়া ভাৰত সমগ্ৰ বিশ্বৰ বাবে সংকটৰ কাৰণ হৈ পৰিব৷ কিন্তু আজি সকলো দেশবাসীয়ে ভাৰতক প্ৰত্যক্ষ কৰাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰি তুলিছে৷ বিশ্বৰ সামৰ্থৱান আৰু সম্পন্ন দেশৰ তুলনাত ভাৰতৰ সামূহিক সামৰ্থ আৰু ক্ষমতা অভুতপূৰ্ব বুলি আপোনালোকে দেখুৱাবলৈ সমৰ্থ হৈছে৷ তালি-থালী বজোৱা আৰু চাকি জ্বলোৱাৰ পৰা আৰম্ভ কৰি ভাৰতৰ সেনাসকলৰ দ্বাৰা ক’ৰোনা যোদ্ধাৰ প্ৰতি  সন্মান প্ৰদৰ্শন, জনতা কাৰ্ফিউ অথবা দেশব্যাপী লকডাউনৰ সময়ছোৱাত নিয়মাৱলীসমূহৰ নিষ্ঠাৰে পালন, প্ৰতিটো কাৰ্যাৱলীতে আপোনালোকে দেখুৱাইছে যে এক ভাৰতেই শ্ৰেষ্ঠ ভাৰতৰ গেৰাণ্টী৷

নিশ্চিত ৰূপত এনে বৃহৎ সংকটত কোনেও এয়া দাবী কৰিব নোৱাৰে যে কাৰোৱে অসুবিধা হোৱা নাই । আমাৰ শ্ৰমিক বন্ধু, প্ৰব্ৰজক মজদুৰ ভাই-ভনী, সৰু-সৰু উদ্যোগত কাম কৰা কৰ্মী, পদপথত সামগ্ৰী বিক্ৰী কৰা লোকসকল, হাত ঠেলাৰ ব্যৱসায়ীসকল, আমাৰ দোকানী ভাই-ভনীসকল, লঘু উদ্যমীসকল, এওঁলোকে অসীম কষ্ট সহ্য কৰিছে৷ এওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে আমি সকলোৱে মিলি প্ৰয়াস কৰি আছো৷

কিন্তু আমি এয়াও ধ্যান ৰাখিব লাগিব যে জীৱনত হোৱা এই অসুবিধাসমূহে যাতে গোটেই জীৱনলৈ সমস্যাৰ সৃষ্টি কৰি নাথাকে৷ ইয়াৰ বাবে প্ৰত্যেক ভাৰতীয়ৰ বাবে দিশ-নিৰ্দেশনা পালন কৰাটোও অতিশয় আৱশ্যক৷ যিদৰে এই পৰ্যন্ত আমি ধৈৰ্য আৰু সংযমশীলতা পালন কৰি আছো সেইদৰে আগলৈও ইয়াক বৰ্তাই ৰাখিব লাগিব৷ এই বাবেই ভাৰত আজি অন্য দেশৰ তুলনাত অধিক উন্নত স্থিতি আছে৷ এই যুদ্ধ দীঘলীয়া কিন্তু আমি বিজয় পথত অগ্ৰসৰ হৈছো আৰু বিজয়ী হোৱাটো আমাৰ সামূহিক দায়িত্বও৷  অলপতে পশ্চিমবংগ আৰু ওড়িশাত আম্ফন ঘূৰ্ণীবতাহত যি সাহসেৰে তাৰে জনতাই স্থিতিসমূহৰ মোকাবিলা কৰিলে, ইয়াৰ দ্বাৰা ঘূৰ্ণীবতাহৰ পৰা হোৱা ক্ষয়ক্ষতি হ্ৰাস হ’ল, এয়াও আমাৰ বাবে এক প্ৰেৰণাৰ স্ৰোত৷’’

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত পৰিবহণ আৰু বিনামূলীয়া খাদ্য বিতৰণৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰা হৈছে, শ্ৰী ৰামবিলাস পাছোৱানে এইদৰে কয়

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাচোৱানে আজি  বিগত এটা বৰ্ষত তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপ আৰু সফলতাসমূহৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে টেলিফোনৰ মাধ্যমেৰে আমেৰিকান প্ৰতিৰক্ষা সচিবৰ সৈতে কথা পাতে

শ্ৰী ৰাজনাথ সিঙে কালি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব ড মাৰ্ক টি এছপাৰৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলচনা কৰে৷

অধিক বিৱৰণৰ বাবে

কৰ প্ৰাধিকৰণৰ ব্ৰিকছৰ মুৰব্বীসকলৰ বৈঠক

ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাকে ধৰি ব্ৰিকছ দেশসমূহৰ কৰ প্ৰাধিকৰণৰ মুৰব্বীসকলে ২৯ মে’ ২০২০ তাৰিখে বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খাদ্য সংসাধন মন্ত্ৰালয়ৰ অভিযোগ নিবাৰণ শাখাই লাভ  কৰা ৫৮৫ টা অভিযোগৰ ভিতৰত ৫৮১ টা অভিযোগ নিষ্পত্তি কৰিছে

অধিক বিৱৰণৰ বাবে

পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীয়ে নেতৃস্থানীয় অনলাইন ট্ৰেভেল এজেণ্টসকলৰ বৈঠকত মিলিত হয়

ভাৰতৰ নেতৃস্থানীয় অনলাইন ট্ৰেভেল এজেণ্টে কেন্দ্ৰীয় ৰাজ্যিক পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

For details: https://pib.gov.in/PressReleseDetail.aspx?PRID=1627670

গৱেষণা আৰু উদ্ভাৱনৰ সুবিধাঃ জৈৱপ্ৰযু্ক্তি বিভাগৰ দ্বাৰা ৪টা ক’ভিড-১৯ জৈৱ বেংক স্থাপন

ক’ভিড-১৯ মহামাৰী নিৰ্মূল কৰাৰ বাবে গৱেষণা আৰু উন্নয়ন প্ৰচেষ্টাৱলীক প্ৰতিষেধক, চিকিৎসা আৰু থেৰাপীৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ পৰা সংগ্ৰহ কৰা নমুনাসমূহ এই গৱেষণা আৰু উন্নয়নমূলক প্ৰচেষ্টাৰ ক্ষেত্ৰত মূল্যবান সম্পদ হ’ব পাৰে৷ নিটী আয়োগে শেহতীয়াভাৱে ক’ভিড-১৯ সম্পৰ্কীয় গৱেষণাৰ বাবে জৈৱ নমুনা আৰু ডাটা শ্বেয়াৰ কৰাৰ সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে৷ কেবিনেট সচিবৰ নিৰ্দেশনা অনুসৰি ভাৰতী চিকিৎসা গৱেষণা পৰিষদে ১৬টা জৈৱ মজুত ভাণ্ডাৰক ক’ভিড-১৯ ৰোগীৰ চিকিৎসা সম্পৰ্কীয় নমুনা (অৰ’ফেৰিনজিয়েলয়/নেছ’ফেৰিনজিয়েল, স্বাৱ, ব্ৰংকিঅ’য়েলভেওলাৰ, লাভাজ, থু-খেকাৰ, তেজ, মুত্ৰ আৰু মল)সংগ্ৰহ, মজুত আৰু ব্যৱস্থাপনাৰ বাবে জাননী জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

সাংস্কৃতিক মন্ত্ৰালয়ৰ গান্ধী স্মৃতি আৰু দৰ্শন স্মৃতিয়ে ঝাৰখণ্ড প্ৰশাসনলৈ আগবঢ়াইছে পিপিই কিট

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ক হোৱাকৈ ২৯ মে’ ২০২০ তাৰিখে ঝাৰখণ্ডৰ প্ৰশাসনলৈ গান্ধী স্মৃতি আৰু দৰ্শন স্মৃতিয়ে পিপিই কিট প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

For details: https://pib.gov.in/PressReleseDetail.aspx?PRID=1627755

ক’ভিড-১৯ৰ বিৰুদ্ধে পিএফচিয়ে পিপিই কিট আৰু এম্বুলেন্স উত্তৰাখণ্ড চৰকাৰলৈ যোগান ধৰিব

পাৱাৰ ফাইনেন্স কৰ্পৰেচন লিমিটেডে উত্তৰাখণ্ড চৰকাৰক ১.২৩ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ ওলাই আহিছে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰীয় গৱেষণা পৰীক্ষাগাৰ আৰু বিশ্ববিদ্যালয়সমূহত ক’ভিড পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব

অধিক বিৱৰণৰ বাবে

 

 

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ মুখ্য স্বাস্থ্য সচিবে কয় যে ১১৬জন ব্যক্তিয়ে  বিদেশৰ পৰা চণ্ডীগড়ত আহি উপস্থিত হৈছে৷ ইয়াৰে ২৯ জনক আৱশ্যকীয় পৰীক্ষণৰ পিছত মুকলি কৰি দিয়া হৈছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ উদ্দেশ্যে পাঞ্জাৱ চৰকাৰে নিৰ্দেশনা উলংঘা কৰা সকলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা পৰ্যটন নিগমে তেওঁলোকৰ প্ৰাংগনসমূহ চিকিৎসক আৰু পেৰামেডিকেল কৰ্মীসকলৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে উদ্যমী বিশেষকৈ ফাৰ্মা উদ্যোগে ক’ভিড-১৯ৰ সময়ত গ্ৰহণ কৰা ভূমিকাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷
  • কেৰালাঃ থিৰুৱনন্তপুৰমত কোৱাৰেণ্টাইনত থকা ৮জন আৰক্ষীৰ ক’ভিড-১৯ৰ ফলাফল নিগেটিভ আহিছে৷
  • তামিলনাডুঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ২০,২৪৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮৬৭৬ জন, মৃত্যু হৈছে ১৫৪ জনৰ৷ মুকলি কৰি দিয়া হৈছে ১১৩১৩ জনক৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ২৭৮১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৮৩৭ জন, মৃত্যু হৈছে ৪৮ জনৰ, আৰোগ্য লাভ কৰিছে ৮৯৪ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ২৯৪৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৯২ জন, আৰোগ্য লাভ কৰিছে ২০৯২ জনে, মৃত্যু হৈছে ৬০ জনৰ৷
  • তেলেংগানাঃ ৩০ মে’ ২০২০ তাৰিখ পৰ্যন্ত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২৪২৫ জন৷
  • অসমঃ অসমত চিএছআইআৰ-এনইআইএছটি ক’ভিড-১৯ পৰীক্ষণ গৱেষণাগাৰ যোৰহাটত কাৰ্যক্ষম হ’ব৷ ৪৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত l ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১১০০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৯৬৮ জন, আৰোগ্য লাভ কৰিছে ১২৫ জনে আৰু মৃত্যু হৈছে ৪ জনৰ৷
  • মণিপুৰঃ মণিপুৰত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৬০ জন৷
  • মিজোৰামঃ কেন্দ্ৰীয় অসামৰিক সেৱা (পেঞ্চন) নিয়মাৱলী, ১৯৭২ অনুসৰি ক’ভিড-১৯ত মৃত্যু হোৱাৰ লোকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব৷
  • নাগালেণ্ডঃ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাচুল ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰেহাই দিয়া হৈছে৷
  • ছিক্কিমঃ এছটিএনএম চিকিৎসালয়ৰ ৩২ গৰাকী স্বাস্থ্য কৰ্মীৰ প্ৰথম বেটচক ১৪ দিনৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৬৯২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৬২,২২৮ জন৷
  • গুজৰাটঃ ৩৭২ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা হ’ল ১৫,৯৪৪ জন৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৭৬৪৫ জন, ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০৪২ জন৷
  • ৰাজস্থানঃ আজি ৪৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৮৪১৪ জন৷ ইয়াৰে ৫২৯০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৪ জন৷

 

পিআইবি ফেক্ট চেক

 



(Release ID: 1628003) Visitor Counter : 287