বিত্ত মন্ত্ৰালয়

নিউ ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰসকলৰ বিশেষ বৰ্ডৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সযোগে শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ

Posted On: 27 MAY 2020 5:55PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নিউ ডেভেলপমেণ্ট বেংকৰ (এনডিবি) গৱৰ্ণৰসকলৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত এনডিবিৰ আগন্তুক অধ্যক্ষৰ নিৰ্বাচন, উপাধ্যক্ষ তথা মুখ্য ক্ষতিশংকা বিষয়াৰ নিযুক্ত আৰু সদস্যৰ সংখ্যা বৃদ্ধি আদিৰ বিষয়ে আলোচনা কৰা হয়৷

বিত্ত মন্ত্ৰীয়ে নিজৰ প্ৰাৰম্ভিক ভাষণত বুনিয়াদী আন্তঃগাঁথনিৰ বিকাশৰ বিত্তপোষণত এনডিবিৰ গুৰুত্বপূৰ্ণ যোগদানৰ প্ৰশংসা কৰে৷ এনডিবিয়ে অতি কম সময়ৰ ভিতৰতে সদস্য দেশসমূহৰ ৫৫টা প্ৰকল্পত অনুমোদন প্ৰদান কৰিছে য’ত ১৬.৬ বিলিয়ন ডলাৰ ধনৰাশি ব্যয় হৈছে৷ শ্ৰীমতী সীতাৰমণে এয়াও উল্লেখ কৰে যে বেংকটোৱে সফলতাৰে নিজৰ এক বিশিষ্ট পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু গৌৰৱেৰে কান্ধত কান্ধ মিলাই এমডিবিৰ সমকক্ষ হৈ থিয় দিছে৷

বিত্ত মন্ত্ৰীগৰাকীয়ে ২০১৪ বৰ্ষত ব্ৰিকছৰ নেতাসকলৰ দ্বাৰা ধাৰ্য কৰা বীক্ষণসমূহৰ বাস্তৱিক ৰূপ প্ৰদান কৰাৰ বাবে উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰা বিদায়ী অধ্যক্ষ শ্ৰী কে বি কামথৰ প্ৰশংসা কৰে৷ ‘ক’ভিড-১৯ আপাতকালীন কাৰ্যসূচী ঋণ’ ব্যৱস্থা মুকলি কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা পদক্ষেপক সদায়েই স্মৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

বিত্ত মন্ত্ৰীগৰাকীয়ে নৱ নিৰ্বাচিত অধ্যক্ষ ব্ৰাজিলৰ শ্ৰী মাৰ্কছ ট্ৰয়জ আৰু নৱ নিযুক্ত উপাধ্যক্ষ তথা চিআৰঅ’ ভাৰতৰ শ্ৰী অনিল কিশোৰাক শুভেচ্ছা জনায়৷ তেওঁ কয় যে ব্ৰিকছৰ মূল্যবোধৰ সংৰক্ষণ আৰু এনডিবিক এক বিশ্বজনীন বিকাশ সংস্থাৰ ৰূপত বিকশিত কৰা উদ্দেশ্য সিদ্ধিত সকলোৱে মনোনিৱেশ কৰা উচিত৷

 

****

RM/KMN/MANN



(Release ID: 1627277) Visitor Counter : 287