স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

আৰোগ্যৰ হাৰ ৪২.৪% লৈ বৃদ্ধি পাইছে

কালি ১,১৬,০৪১ টা নমুনা পৰীক্ষণ কৰা হৈছে

Posted On: 27 MAY 2020 5:03PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ 

লকডাউনে ৰোগৰ প্ৰাদুৰ্ভাৱ সীমিত কৰাকে ধৰি বিভিন্ন ধৰণে উপকৃত কৰিছে৷ একে সময়তে ক’ভিড-১৯ৰ বাবে স্বাস্থ্য আন্তঃগাঁথনিৰো উত্তৰণ কৰা হৈছে, সামৰ্থ বৃদ্ধি কৰা হৈছে, পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰা হৈছে৷ আৰোগ্য সেতু এপৰ জৰিয়তে ৰোগীৰ অনুসৰণৰ ক্ষমতা বৃদ্ধি পাইছে৷

২৭ মে’ ২০২০ তাৰিখ পৰ্যন্ত ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ সংখ্যা হ’ল ৯৩০খন, ১,৫৮,৭৪৭ খন আচুতীয়া বিচনা ২০,৩৫৫ খন আইচিইউ বিচনা আৰু ৬৯,০৭৬খন অক্সিজেন সমৰ্থিত বিচনা উপলব্ধ  আছে৷ ২,৩৬২ টা উৎসৰ্গিত ক’ভিড স্বাস্থ্য কেন্দ্ৰত ১,৩২,৫৯৩খন আচুতীয়া বিচনা, ১০,৯০৩খন আইচিইউ বিচনা আৰু ৪৫,৫৬২ খন অক্সিজেন সমৰ্থিত বিচনা আছে৷  দেশত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ১০,৩৪১টা কোৱাৰেণ্টাইন কেন্দ্ৰ আছে আৰু ৭,১৯৫ টা ক’ভিড শুশ্ৰূষা কেন্দ্ৰ আছে৷ ইয়াত ৬,৫২,৮৩০ খন বিচনা উপলব্ধ  আছে৷ এই পৰ্যন্ত মুঠ ৩২,৪২,১৬০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ কালি ১,১৬,০৪১ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

সমগ্ৰ দেশত এই পৰ্যন্ত ১,৫১,৭৬৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বাতৰি পোৱা হৈছে৷ ইয়াৰে ৬৪,৪২৬ জন লোকে আৰোগ্য লাভ কৰিছে৷  আৰোগ্যৰ হাৰ হ’ল ৪২.৪%৷ সমগ্ৰ বিশ্বত মৃত্যুৰ হাৰ ৬.৩৬% হোৱাৰ বিপৰীতে ভাৰতত মৃ্ত্যুৰ হাৰ হ’ল ২.৮৬%৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱা আৰু ইয়াৰ পিছত সময়ছোৱাৰ বাবে প্ৰসূতি, নৱজাতক শিশু, কিশোৰ-কিশোৰীৰ স্বাস্থ্য সন্দৰ্ভত এক নিৰ্দেশনাৱলী জাৰি কৰিছে৷ https://www.mohfw.gov.in/pdf/GuidanceNoteonProvisionofessentialRMNCAHNServices24052020.pdf ত এই তথ্য উপলব্ধ হ’ব৷ মন্ত্ৰালয়ে চকুৰ সুৰক্ষা-গগলছৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো এক নিৰ্দেশনাৱলী জাৰি কৰিছে৷  https://www.mohfw.gov.in/pdf/Advisoryonreprocessingandreuseofeyeprotectiongoggles.pdf ত এই তথ্য উপলব্ধ হ’ব৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]inলৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/MANN



(Release ID: 1627246) Visitor Counter : 217