প্ৰতিৰক্ষা মন্ত্ৰালয়
ক’ভিড-১৯ৰ প্ৰকোপ প্ৰশমণ সংক্ৰান্তত অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে ৰক্ষামন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ টেলিফোনেৰে বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
26 MAY 2020 3:28PM by PIB Guwahati
অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমতী লিণ্ডা ৰে’মণ্ডৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি টেলিফোনেৰে আলোচনাত মিলিত হয়।
দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশে ক’ভিড-১৯ৰ প্ৰকোপ প্ৰশমণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। আলোচনা কালত শ্ৰী সিঙে ক’ভিড-১৯ৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত থকা প্ৰয়াসলৈ ভাৰতে আগবঢ়োৱা অৰিহণাৰ বিষয়ে শ্ৰীমতী ৰে’মণ্ডক তথ্য অৱগত কৰাৰ লগতে মহামাৰীবিধক কাবু কৰাৰ ক্ষেত্ৰত বিশ্ব প্ৰেক্ষাপটত চলা যুঁজত দুয়োখন দেশে সন্মিলিত ভাবে কাম কৰিব পৰা ক্ষেত্ৰসমূহৰ বিষয়েও মত বিনিময় কৰে। ক’ভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে আন দেশসমূহৰ সৈতে একেলগে কাম কৰাৰ ক্ষেত্ৰত ‘ভাৰত-অষ্ট্ৰেলিয়া ৰণ-কৌশলগত সহযোগিতা’ই এক শক্তিশালী বুনিয়াদ আগবঢ়াব পাৰিব বুলি সহমত ব্যক্ত কৰে নেতাদ্বয়ে।
ইফালে, ‘ভাৰত-অষ্ট্ৰেলিয়া ৰণকৌশলগত সহযোগিতা সম্পৰ্ক’ৰ আধাৰত দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক দৃঢ়তাৰে কাম কৰি যোৱাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতা অক্ষুন্ন ৰখাৰ কথা দোহাৰে দুয়োগৰাকী নেতাই।
***
ABB/SS/Nampi/KA/DK/Savvy/ADA/KB
(ৰিলিজ আই ডি : 1627164)
অতিথি কক্ষ : 233
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam