স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

Posted On: 24 MAY 2020 4:46PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি দিল্লীৰ চৌধুৰী ব্ৰহ্ম প্ৰকাশ আয়ুৰ্বেদ চৰক সংস্থা পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ খতিয়ান লয়৷ 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আন্তৰ্জাতিক আগমন সন্দৰ্ভত নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷  https://www.mohfw.gov.in/pdf/Guidelinesforinternationalarrivals.pdf ত সেয়া উপলব্ধ হ’ব৷ ঘৰুৱা ভ্ৰমণ (বায়ু/ৰে’ল/আন্তঃৰাজ্যিক বাছ যাত্ৰা)ৰ বাবেও মন্ত্ৰালয়টোৱে নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷  https://www.mohfw.gov.in/pdf/Guidelinesfordomestictravel(airortrainorinter-statebustravel).pdf ত সেয়া উপলব্ধ হ’ব৷

এই পৰ্যন্ত মুঠ ৫৪,৪৪০ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২৬৫৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪১.২৮%৷ কালিৰে পৰা ৬৭৬৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ নিশ্চিতভাৱে মুঠ ১,৩১,৮৬৮ জন লোক এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ চিকিৎসাধীন অৱস্থাত আছে ৭৩,৫৬০ জন লোক৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]inলৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/MANN



(Release ID: 1626604) Visitor Counter : 287