প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পশ্চিমবংগ আৰু উৰিষ্যাৰ সৈতে দেশবাসী সদায়েই আছেঃ প্ৰধানমন্ত্ৰী

Posted On: 21 MAY 2020 3:03PM by PIB Guwahati

চাইক্ল’ন আম্ফনে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগ আৰু উৰিষ্যাৰ পৰিস্থিতি অতি শীঘ্ৰে স্বাভাৱিক হোৱাটো আশা প্ৰকাশ কৰিছে৷

এলানি টুইট প্ৰকাশ কৰি তেওঁ কয়, ‘‘চাইক্ল’ন আম্ফনৰ সৈতে সাহসেৰে যুঁজ দিয়া উৰিষ্যাবাসীৰ কাষত মই সদায়েই আছো৷ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ প্ৰাধিকৰণে ব্যৱস্থা গ্ৰহণ কৰিছে৷ এনডিআৰএফ দলে চাইক্ল’ন আক্ৰান্ত এলেকাত কাম কৰি আছে৷ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰিছে৷ এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব৷ পশ্চিমবংগত চাইক্ল’ন আম্ফনৰ তাণ্ডৱৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীয়ে পশ্চিমবংগৰ সৈতে সহযোগিতা স্থাপন কৰিব বুলি মন্তব্য কৰে৷

***

VRRK/SH/MANN



(Release ID: 1625832) Visitor Counter : 197