স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 21 MAY 2020 3:27PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণৰ ক্ষেত্ৰত লকডাউনৰ সময়ছোৱাত প্ৰভূত অৰিহণা আগবঢ়াইছে৷ আজি পৰ্যন্ত ৪৫২৯৯ জন লোকে আৰোগ্য লাভ কৰিছে আৰু আৰোগ্যৰ হাৰ হ’ল ৪০.৩২%৷ ২১.০৫.২০২০ তাৰিখ পৰ্যন্ত ২,৬১,৫,৯২০টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু বিগত ২৪ ঘণ্টাত ৫৫৫টা পৰীক্ষণ লেবৰ জৰিয়তে ১,০৩,৫৩২টা নমুনা পৰীক্ষণ কৰা হৈছে৷

দেশত বৰ্তমানে ৬৩,৬২৪ জন লোক সক্ৰিয়ভাৱে ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে৷ ইয়াৰে কেৱল ২.৯৪%হে আইচিইউত আছে৷ ভাৰতত মৃ্ত্যুৰ হাৰ হ’ল ৩.০৬%৷ ইয়াৰে ৬৪% হ’ল পুৰুষ আৰু ৩৬% হ’ল মহিলা৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]inলৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/SG/MANN



(Release ID: 1625800) Visitor Counter : 215