স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

বিশ্বত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতি লাখত ৬২.৩ হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ৭.৯
আৰোগ্যৰ হাৰ ৩৯.৬%লৈ বৃদ্ধি

Posted On: 20 MAY 2020 6:23PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

বিশ্বত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতি লাখত ৬২.৩ হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ৭.৯ হোৱা পৰিলক্ষিত হৈছে৷ মৃত্যুৰ হাৰৰ পৰা চাবলৈ গ’লে বিশ্বত প্ৰতি লাখ জনসংখ্যাত ৪.২ হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ০.২৷ ৩৯.৬% ৰোগী আৰোগ্য হোৱাৰ জৰিয়তে ভাৰতত আজি পৰ্যন্ত ৪২,২৯৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]inলৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

 

*****

MV/SG/MANN



(Release ID: 1625693) Visitor Counter : 144