স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সমগ্ৰ বিশ্বৰ প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে ৪.১ জনৰ মৃত্যুৰ তুলনাত ভাৰতত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় ০.২ জনৰ মৃত্যু হৈছে

এতিয়ালৈকে ২৪ লাখতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে

Posted On: 19 MAY 2020 3:43PM by PIB Guwahati

পৰিস্থিতিৰ শেহতীয়া তথ্য

যোৱা ২৪ ঘন্টাত মুঠ ২,৩৫০ জন ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে আৰু দেশত এতিয়ালৈকে সুস্থ হৈ উঠা মুঠ ৰোগীৰ সংখ্যা ৩৯,১৭৪ জন হৈছেগৈ। ক’ভিড-১৯ ৰ নিৰাময়ৰ হাৰ ৩৮.৭৩% হৈছে আৰু ই অবিৰতভাৱে উন্নত হৈ আহি আছে। 

ভাৰতত এতিয়া ৫৮,৮০২ জন সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে আৰু তেওঁলোকৰ চিকিসা চলি আছে। তাৰে প্ৰায় মাত্ৰ ২.৯% ৰোগীহে আই চি ইউত আছে। 

সমগ্ৰ বিশ্বৰ প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে ৪.১ জনৰ মৃত্যুৰ তুলনাত ভাৰতত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় ০.২ জনৰ মৃত্যু হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন-১১৯ মতে প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে সৰ্বাধিক মৃত্যু হোৱা দেশসমূহ হ’লঃ 

দেশ

মুঠ মৃতকৰ সংখ্যা

প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা

সমগ্ৰ বিশ্ব

৩,১১,৮৪৭

৪.১

আমেৰিকা যুক্তৰাষ্ট্ৰ

৮৭১৮০

২৬.৬

ব্ৰিটেইন

৩৪৬৩৬

৫২.১

ইটালী

৩১৯০৮

৫২.৮

ফ্ৰান্স

২৮০৫৯

৪১.৯

স্পেইন

২৭৬৫০

৫৯.২

ব্ৰাজিল

১৫৬৩৩

৭.৫

বেলজিয়াম

৯০৫২

৭৯.৩

জাৰ্মানী

৭৯৩৫

৯.৬

ইৰাণ

৬৯৮৮

৮.৫

কানাডা

৫৭০২

১৫.৪

নেডাৰলেণ্ড

৫৬৮০

৩৩.০

মেক্সিকো

৫০৪৫

৪.০

চীন

৪৬৪৫

০.৩

তুৰ্কী

৪১৪০

৫.০

চুইডেন

৩৬৭৯

৩৬.১

ভাৰত

৩১৬৩*

০.২

* ১৯ মে’ ২০২০ তাৰিখৰ তথ্য

তুলনামূলকভাৱে কম মৃত্যুৰ হাৰে সময়ত ৰোগী চিনাক্তকৰণ আৰু উচিত চিকিসা ব্যৱস্থাপনাৰ কথাকে সূচায়।

পৰীক্ষণ

কালি দেশত অভিলেখসংখ্যকভাৱে ১,০৮,২৩৩ টা নমুনাৰ পৰীক্ষণ সম্পাদন কৰা হয়। এতিয়ালৈকে মুঠ ২৪,২৫,৭৪২ নমুনাৰ পৰীক্ষণ সম্পাদন কৰা হৈছে।

জানুৱাৰী মাহত ভাৰতত কেৱল এটা পৰীক্ষাগাৰত ক’ভিড-১৯ ৰ পৰীক্ষণ হৈছিল, দ্ৰুতগতিৰে সেই সামৰ্থ বৃদ্ধি কৰা হৈছে আৰু এতিয়া ৩৮৫ টা চৰকাৰী আৰু ১৫৮ টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰে এই কাম কৰি আছে। সকলো কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাগাৰ, ৰাজ্যিক চিকিসা মহাবিদ্যালয়সমূহ, ব্যক্তিগত খণ্ডৰ চিকিসা মহাবিদ্যালয়সমূহ ব্যক্তিগত খণ্ডৰ লগত হোৱা সহযোগিতাৰ জৰিয়তে দেশত পৰীক্ষণৰ সামৰ্থ ব্যাপ্ত হৈছে। ট্ৰুনেট, চিবিনাট আদি অন্যান্য পৰীক্ষণ যন্ত্ৰৰ জৰিয়তেও পৰীক্ষণ খৰতকীয়া কৰি তোলা হৈছে।    

এইমছৰদৰে পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ জৰিয়তে সমগ্ৰ দেশৰ পৰীক্ষাগাৰসমূহৰ জৈৱ-সুৰক্ষাৰ মান সুনিশ্চিত কৰা হৈছে আৰু স্বীকৃতি প্ৰদান কৰা হৈছে। পৰীক্ষণ সঁজুলি যোগানৰ বাবে ১৫ টা গোদাম ঠিক কৰা হৈছে আৰু ভাৰতীয় ডাক সেৱা ততা ব্যক্তিগত সংস্তাৰদ্বাৰা বিতৰণৰ কাম কৰোৱা হৈছে। যিবোৰ পৰীক্ষণ সঁজুলি আগতে বিদেশৰ পৰা আমদানি কৰা হৈছিল, তেনে সঁজুলি নিৰ্মাণৰ বাবে কেইবাটাও দেশীয় সংস্থাক চৰকাৰী সাহাৰ্য প্ৰদান কৰা হৈছে আু ইয়াৰ ফলত দেশত সঁজুলিৰ যোগান খৰতকীয়া হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ’ভিড-১৯ সন্দৰ্ভত সংশোধিত নিৰ্দেশনা প্ৰকাশ কৰিছে। আগৰ শাখাসমূহৰ লগতে এইবাৰ পৰীক্ষণৰ নীতি অধিক ব্যাপ্ত কৰি তোলা হৈছে যাতে চিকিসালয়ত কাম কৰা সকলো লোক, কন্টেইমেন্টত কাম কৰা লোক, চিকিসালয়ত অন্য অসুখৰ বাবে চিকিসাধীন হোৱাসকলোকে ধৰি প্ৰব্ৰজিত সকলো লোককে পৰীক্ষা কৰিব পৰা যায়। বিতং তথ্য তলৰ লিংকত উপলব্ধঃ

https://www.mohfw.gov.in/pdf/Revisedtestingguidelines.pdf

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৰ্মক্ষেত্ৰত ’ভিড-১৯ ৰ নিশ্চিত বা সন্দেহজনক ৰোগী চিনাক্ত হ’লে সংক্ৰমণ ৰোধ সন্দৰ্ভত নিৰ্দেশনা প্ৰকাশ কৰিছে। বিতং তথ্য তলৰ লিংকত উপলব্ধঃ

https://www.mohfw.gov.in/pdf/GuidelinesonpreventivemeasurestocontainspreadofCOVID19inworkplacesettings.pdf

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অতি বেছি সংক্ৰমণৰ ভয় থকা ক্ষেত্ৰ হিচাপে দন্ত চিকিৎসকৰ বাবে ’ভিড-১৯ ৰ সংকটময় পৰিস্থিতিত ল’বলগা সাৱধানতা সন্দৰ্ভত নিৰ্দেশনা প্ৰকাশ কৰিছে। বিতং তথ্য তলৰ লিংকত উপলব্ধঃ

https://www.mohfw.gov.in/pdf/DentalAdvisoryF.pdf

সকলোৱে সকলো সময়তে ল’বলগা প্ৰথমিক সাৱধানতা সন্দৰ্ভত এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। সাধাৰণ অভ্যাস কিছুমান যেনে চাবোনেৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, ৰাজহুৱা স্থানত থু নেপেলোৱা, নিয়মীয়া চাফ-চিকুনতা বৰ্তাই ৰখা, মুখ ঢাকি ৰখা আদি মানি চলিবই লাগিব আৰু এই বিষয়সমূহৰ ক্ষেত্ৰত জনসাদাৰণক সজাগ কৰিব লাগিব।

’ভিড-১৯ ৰ বিষয়ে প্ৰযুক্তিগত তথ্য, নিৰ্দেশনা, পৰামৰ্শাৱলী আদিৰ সত্য আৰু শেহতীয়া তথ্যৰ বাবে নিয়মীয়কৈ https://www.mohfw.gov.in/ চাব পাৰে।

’ভিড-১৯ ৰ বিষয়ে প্ৰযুক্তিগত প্ৰশ্ন technicalquery.covid19[at]gov[dot]in ই-মেইলযোগে আৰু অন্যান্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva টুইটযোগে পঠাব পাৰিব।

’ভিড-১৯ ৰ বিষয়ে যিকোনো প্ৰশ্নৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (বিনামূলীয়া) ত ফোন কৰিব পাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ ৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf  ত উপলব্ধ কৰা হৈছে।

****

MV/PRK



(Release ID: 1625256) Visitor Counter : 207