গৃহ মন্ত্ৰালয়

৩১ মে’, ২০২০লৈকে বৃদ্ধি লকডাউন

ৰাজ্যসমূহে বিভিন্ন অঞ্চলত কাম কৰাৰ অনুমিত প্ৰদান কৰিব; কেতবোৰ কামত সমগ্ৰ দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে

ক’ভিড-১০ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশনা সমগ্ৰ দেশতে বাহাল থাকিব

নিশাৰ ভাগত অব্যাহত থাকিব সান্ধ্য আইন

Posted On: 17 MAY 2020 8:13PM by PIB Guwahati

২৪মাৰ্চ, ২০২০ত ঘোষণা কৰা লকডাউন ব্যৱস্থাই ক’ভিড-১৯ ৰোধত যথেষ্ট পৰিমাণে সহায় কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে লকডাউন৷ ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আজি এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এক নিৰ্দেশ জাৰি কৰে৷ নতুন নিৰ্দেশনাৰ বৈশিষ্ট্যসমূহ হৈছে-

 

বিভিন্ন জ’ন সন্দৰ্ভত সিদ্ধান্ত ল’ব ৰাজ্যসমূহে

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা অনুসৰি স্বাস্থ্য মন্ত্ৰালয়ে নির্ধাৰত বিভিন্ন বিষয় বিবেচনা কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ৰেড, অৰেঞ্জ আৰু গ্রীণ জ’ন হিচাপে চিহ্নিত কৰিব পাৰিব৷ এই জ’নবোৰ এখন সম্পূৰ্ণ জিলা বা পৌৰ নিগম অথবা মহকুমাৰ দৰে সৰু প্ৰশাসনিক ক্ষেত্রও হ’ব পাৰে৷ ৰেড আৰু অৰেঞ্জ জ’নত স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসন অথবা স্থানীয় প্ৰশাসনে সংক্ৰমিত জ’ন বা বাফাৰ জ’ন হিচাপে চিহ্নিত কৰিব পাৰিব৷ সংক্ৰমিত জ’নত নিষেধাজ্ঞা কঠোৰভাৱে মানি চলিব লাগিব৷ ইয়াত অত্যাৱশ্যকীয় সামগ্ৰী যোগান বা জৰুৰী চিকিসা সেৱাৰ বাদে কোনেও চলাচল কৰিব নোৱাৰিব৷ বাফাৰ জ’নসমূহ হ’ল-প্ৰতিটো সংক্ৰমিত জ’নৰ সমীপৱৰ্তী এলেকা। বাফাৰ জ’নত নতুন সংক্ৰমণ ঘটাৰ সম্ভাবনা থাকিলে তাতো সতর্কতা অৱলম্বন কৰিব লাগিব৷

 

দেশজুৰি নিষেধাজ্ঞা আৰোপ কৰা কাম-কাজসমূহ

  • লকডাউন ৪.০তো দেশজুৰি বিভিন্ন কাম-কাজৰ ওপৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ অনুমতি অবিহনে নিৰাপত্তা কর্মীসকলে, এটা স্থানৰ পৰা অন্য ঠাইলৈ যাব নোৱাৰিব৷ অন্তদেশীয় আৰু আন্তর্জাতিক বিমান পৰিবহণ বন্ধ থাকিব৷ অৱশ্যে, দেশীয় চিকিসা সেৱাৰ বাবে বিমান আৰু এয়াৰ এম্বুলেন্স চলাচল কৰিব৷ মেট্রোৰে’ল সেৱা, স্কুল, কলেজসহ সকলো শিক্ষানুষ্ঠান, হোটেল, ৰেস্তোৰাঁ, চিনেমা হল, শ্বপিংমল, জিমনেচিয়াম, বিনোদন পার্ক বন্ধ থাকিব৷ বাছষ্টেণ্ড, ৰেল ষ্টেচন আৰু বিমানবন্দৰৰ ভিতৰত কেণ্টিন অৱশ্য খোলা থাকিব৷ সামাজিক, ৰাজনৈতিক, সংস্কৃতিক, যিকোনো অনুষ্ঠান আৰু ধর্মীয় স্থানত সমাৱেশ নিষিদ্ধ কৰা হৈছে৷

অৱশ্যে, অনলাইনে পঢ়া-শুনা কৰাৰ ক্ষেত্রত সাহ প্ৰদান কৰা হৈছে৷ ৰেস্তোৰাঁবোৰে কেৱল হোম ডেলিভাৰী কৰিব পাৰিব৷

ক্ৰীড়াংগন খোলা থাকিব

ক্ৰীড়াংগনত খেলাধূলা কৰিব পাৰিব যদিও কোনো দর্শক থাকিব নোৱাৰিব৷

যাত্রীৰ সাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ভাৰতত যিসকল বিদেশী নাগৰিক আৱদ্ধ হৈ আছে, বিদেশত যিসকল ভাৰতীয় আৱদ্ধ হৈ আছে, জাহাজত যিসকল নাবিক আৰু জাহাজকর্মী অহা-যোৱা কৰিছে তথা এখন ৰাজ্যৰ পৰা আন ৰাজ্য আৰু ৰাজ্যৰ ভিতৰতে আৱদ্ধ হৈ থকা লোকসকলক নিয়াৰ বাবে বাছ আৰু ৰে’ল চলাচলত অনুমতি দিয়া হৈছে৷


এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যানবাহন চলাচলৰ ক্ষেত্রত সংশ্লিষ্ট ৰাজ্যসমূহৰ মাজত এই সিদ্ধান্তৰ বিষয়ত সহমত প্ৰকাশ কৰিব লাগিব৷

ক’ভিড-১৯ৰ ব্যৱস্থাপনা ৰাষ্ট্ৰীয় নিৰ্দেশনা

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্ক পিন্ধাটো বাধ্যতামূলক, য’তে-ত’তে থু পেলালে, সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিয়ম অনুসৰি জৰিমনা নিৰ্ধাৰণ কৰা আৰু শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব৷ বিবাহ অনুষ্ঠানত ৫০ জনতকৈ অধিক অতিথি থাকিব নোৱাৰিব৷ শৱযাত্রা তথা শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ২০জন লোক থাকিব পাৰিব৷ ৰাজহৱা স্থানত মদ্যপান, পান, গুটখা খোৱা তথা ধূমপান কৰাটো নিষিদ্ধ।

ঘৰৰ পৰা যিমান সম্ভৱ কামৰ সুযোগ দিব লাগিব৷ সকলো কামৰ ঠাইত নিৰ্দিষ্ট সময় মানি চলিব লাগিব৷ সর্বসাধাৰণৰ বাবে উন্মুক্তস্থানত থার্মেল স্ক্রিনিং, হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব৷ কৰ্মস্থলীত শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু বিভিন্ন শ্বিফটৰ ব্যৱস্থা কৰিব লাগিব৷

 

দোকান-বজাৰৰ সন্দৰ্ভত

দোকান আৰু বজাৰ খোলাৰ বিষয়ত কর্তৃপক্ষই সময় ঠিক কৰি দিব৷ সকলো দোকানত ক্ৰেতাই ফুট দূৰত্ব বজাই ৰাখিব লাগিব৷ ক’তো যেন জনতকৈ অধিক লোকৰ সমাগম নহয়৷

নৈশ সান্ধ্য আইন

প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭বজালৈকে নৈশ সান্ধ্য আইন বলব থাকিব৷ এই সময়ছোৱাত অতি প্ৰয়োজন নহ’লে, কোনো বাহিৰলৈ নোলাব৷

 

সহজে সংক্ৰমণৰ আশংকা থকা ব্যক্তিৰ ক্ষেত্ৰত

যিসকলৰ বয়স ৬৫ বছৰতকৈ অধিক বা জটিল ৰোগত আক্রান্ত, গর্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশু জৰুৰী কাৰণৰ বাদে ঘৰৰ পৰা ওলাব নোৱাৰিব৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পৰিস্থিতি বিবেচনা কৰি বিভিন্ন এলেকাত প্ৰয়োজনীয় নিষেধাজ্ঞা আৰোপ কৰিব পাৰিব৷

আৰোগ্য সেতু এপৰ ব্যৱহাৰ

 

কেন্দ্ৰই ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ দ্রুত চিনাক্তকৰণৰ বাবে আৰোগ্য সেতু মোবাইল এপ আৰম্ভ কৰিছে। বিভিন্ন বিভাগ তথা কৰ্মস্থলীত কর্মচাৰীসকলে যেন এই এপ তেওঁলোকৰ মোবাইলত ইনষ্টল কৰে, সেইটো নিশ্চিত কৰিবলৈ কোৱা হৈছে৷ সকলোৱে যেন এই এপটো ব্যৱহাৰ কৰে, সেই বিষয়ে উদ্যোগ ল’বলৈ জিলা কর্তৃপক্ষক পৰামর্শ আগবঢ়োৱা হৈছে৷

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ অনুসৰি লকডাউনৰ সকলো নিয়ম যাতে মানি চলে, সেই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক  নিশ্চিত কৰিবলৈ কোৱা হৈছে৷

                     

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাটো পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক-


https://static.pib.gov.in//WriteReadData/userfiles/MHA%20Order%20Dt.%2017.5.2020%20on%20extension%20of%20lockdown%20till%2031.5.2020%20with%20guidelines%20on%20lockdown%20measures.pdf

*****

VG/SNC/VM/DB



(Release ID: 1624811) Visitor Counter : 288