গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

৮ কোটি প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত বিনামূলীয়া খাদ্যৰ যোগান

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে নিৰ্দ্ধাৰিত কৰা খাদ্য শস্যৰ সমূদায় খৰচ ভাৰত চৰকাৰে বহন কৰিবঃ শ্ৰী ৰাম বিলাস পাছোৱান


আগষ্ট ২০২০ ৰ আগতে ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এক দেশ এক কাৰ্ড আঁচনিৰ অংশীদাৰ হ’বঃ শ্ৰী পাছোৱান

प्रविष्टि तिथि: 16 MAY 2020 5:20PM by PIB Guwahati

মোদী চৰকাৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যাকলৈ অতি সংবেদনশীল হোৱাৰ লগতে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো যাতে ভোকত থাকিব লগা নহয় সেই কথা সুনিশ্চিত কৰিবলৈ যথাসম্ভৱ যত্ন কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে আজি কৃষি ভৱনত ভিডিঅ’ কনফাৰেন্সযোগে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি এই কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক আৰ্থ-সামাজিক পদক্ষেপ হিচাপে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত যোৱা ১২ মে’ তাৰিখে ২০ লাখ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছে আৰু বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে তাৰে দৰিদ্ৰ তথা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কেইবাটাও হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি ঘোষণা কৰিছে। ইয়াৰ ভিতৰত ৮ কোটি প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিনামূলীয়া খাদ্য শস্যৰ বিতৰণ, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অথবা পি ডি এছ কাৰ্ডৰ আধীনত মে’ আৰু জুন, ২০২০ এই দুমাহৰ বাবে প্ৰতিমাহে প্ৰতিজনে বিনামূলীয়াকৈ লাভ কৰা ৫ কিলোগ্ৰাম খাদ্যশস্যৰ হিচাপো অন্তৰ্ভুক্ত হৈ আছে।       

https://static.pib.gov.in/WriteReadData/userfiles/image/image001GKV5.jpg

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সযোগে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে

শ্ৰী পাছোৱানে কয় যে ক’ভিড-১৯ এ সৃষ্টি কৰা সংকটৰ সময়ত প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিনামূলীয়া খাদ্য শস্যৰ যোগান দিবৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৮ লাখ মেট্ৰিকটনকৈ খাদ্য শস্য দিয়া হৈছে যাৰ সমগ্ৰ খৰচ কেন্দ্ৰ চৰকাৰে বহন কৰিব।

তেওঁ কয় যে নিৰ্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ মুঠ হিতাধিকাৰীৰ সংখ্যাৰ ১০% ৰ বাবে এই সামগ্ৰী আবন্টন কৰা হৈছে। হিতাধিকাৰী চিনাক্ত কৰাটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দায়িত্ব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00230HW.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image0030UF2.jpg

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক খাদ্য শস্য বিতৰণৰ বিতং তথ্য জনাবপৰাকৈ প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ ক্ষেত্ৰত কৰাৰ ধৰণে এক ব্যৱস্থা গঢ়ি তুলিবলৈ শ্ৰী পাছোৱানে আহ্বান জনায় যিটো ১৫ জুলাইৰ পিছত পৰ্য়ালোচনা কৰা হ’ব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0042Y1L.jpg

শ্ৰী পাছোৱানে কয় যে দেশৰ সকলো স্থানতে ৰেচন কাৰ্ড বৈধ বিবেচিত কৰাৰ বাবে ‘এক দেশ এক কাৰ্ড’ আঁচনি আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুসংহত ব্যৱস্থাপনা (আই এম- পি ডি এছ)ৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে আগষ্ট ২০২০ ৰ আগতে ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এক দেশ এক কাৰ্ড আঁচনিৰ অংশীদাৰ হ’ব। তেওঁ কয় যে মহামাৰীৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকল ‘এক দেশ এক কাৰ্ড’ আঁচনিৰদ্বাৰা আটাইতকৈ বেছি লাভান্বিত হ’ব।

****

APS/NP/MS/PRK


(रिलीज़ आईडी: 1624807) आगंतुक पटल : 338
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Tamil , Telugu , Kannada , Malayalam