PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
17 MAY 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ডাঃ হৰ্ষ ৱৰ্ধনঃ শাৰীৰিক ব্যৱধান আৰু শিষ্টাচাৰপূৰ্ণ আচৰণেই হ’ল ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ ‘সামাজিক প্ৰতিষেধক’; ‘‘আমাৰ আৰোগ্যৰ হাৰ ৩৭.৫%লৈ বৃদ্ধি পাইছে আৰু ২২ লক্ষাধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে’’
দেশে লকডাউন ৩.০ৰ অন্তিম প্ৰান্তত উপনীত হোৱাৰ মুহূৰ্ততে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে দ্বিগুণ সময়ৰ হাৰ বিগত ১৪ দিনৰ ১১.৫ৰ পৰা উত্তৰণ হৈ বিগত তিনিদিনত ১৩.৬ হৈছে৷ তেওঁ কয় যে মৃত্যুৰ হাৰো ৩.১লৈ অৱনমিত হৈছে৷ এই পৰ্যন্ত দেশত ৯০,৯২৭জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে, ইয়াৰে ৩৪,১০৯ জনে আৰোগ্য লাভ কৰিছে, আৰোগ্যৰ হাৰ ৩৭.৫%৷ মৃত্যু হৈছে ২,৮৭২ জনৰ৷ বিগত ২৪ ঘণ্টাত ৪,৯৮৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে শাৰীৰিক ব্যৱধান আৰু শিষ্টাচাৰপূৰ্ণ আচৰণেই হ’ল ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ সামাজিক প্ৰতিষেধক৷
অধিক বিৱৰণৰ বাবে
আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত সাতটা খণ্ডৰ সংশোধন সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে
আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি তেওঁৰ ৫ম সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে’ ২০২০ তাৰিখে প্ৰদান কৰা ভাষণৰ আলোকপাত কৰি এই সংকটে আমাৰ বাবে এক অৱকাশৰ সৃষ্টি কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি স্বাৱলম্বী হোৱাটো প্ৰয়োজন বুলি মন্তব্য প্ৰদান কৰে৷বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ ঘোষণাসমূহ ইতিপূৰ্বে ঘোষণা কৰা সংশোধনী পদক্ষেপসমূহৰে অংশ৷ লকডাউনৰ পিছতেই আমি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ সৈতে অগ্ৰসৰ হ’ম৷ পিএমজিকেপিৰ ১.৭০ লাখ কোটি টকাৰ সৈতে চৰকাৰে দৰিদ্ৰ, মহিলা আৰু কৃষকসকললৈ বিনামূলীয়া খাদ্যান্ন যোগানৰ কথা ঘোষণা কৰিছে৷ প্ৰায় ৪১ কোটি দৰিদ্ৰ লোকে পিএমজিকেপিৰ অধীনত ৫২,৬০৮ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে৷ তাৰোপৰি ৰাজ্যসমূহে ৮৪ লাখ মেট্ৰিকটন খাদ্যান্ন আহৰণ ৰৰিছে আৰু ৩.৫ লাখ মেট্ৰিকটনতকৈও অধিক দাইল বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে৷ চৰকাৰৰ সংশোধনীমূলক পদক্ষেপৰ ৫ম আৰু অন্তিমটো ঘোষণাত শ্ৰীমতী সীতাৰমণে কৰ্ম সংস্থাপন সৃষ্টি, ব্যৱসায়িক সমৰ্থন, ইজ অব্ ডুয়িং বিজনেছকে ধৰি ৰাজ্য চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডলৈ সমৰ্থন প্ৰদানৰ সাতটা পদক্ষেপৰ সবিশেষ দাঙি ধৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ অৰ্থনীতিৰ সমৰ্থনৰ বাবে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে প্ৰস্তুত কৰা উপস্থাপনৰ পঞ্চম অংশ
বিত্ত মন্ত্ৰীয়ে আজি ঘোষণা কৰা পদক্ষেপসমূহৰ দ্বাৰা আমাৰ গ্ৰামীণ অৰ্থনীতি আৰু আন্তঃগাঁথনি সবল হ’ব আৰু কোটি কোটি দৰিদ্ৰ লোক তথা প্ৰব্ৰজিত কৰ্মীসকলৰ বাবে কৰ্ম সংস্থাপনৰ সৃষ্টি হ’বঃ গৃহ মন্ত্ৰী
শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা আজিৰ পদক্ষেপসমূহক প্ৰশংসা কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ ঘোষণাসমূহৰ জৰিয়তে মোদী চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷
বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিলে বিকাশৰ নতুন দিগন্তৰ পদক্ষেপসমূহ; আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্য সাধনৰ দিশত আঠটা নতুন ক্ষেত্ৰৰ আন্তঃগাঁথনিমূলক সংশোধন কৰা হৈছে
কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ মুকলি ভাষণত আজি উদ্যোগখণ্ডৰ আন্তঃগাঁথনিমূলক সংশোধনসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বিভিন্ন খণ্ডৰ নীতিসমূহৰ সৰলীকৰণৰ আৱশ্যক হৈছে যাতে জনসাধাৰণে ইয়াক ভালদৰে অনুধাৱন কৰিব পাৰে আৰু ইয়াৰ গতিবিধিসমূহৰ সৈতে জড়িত হ’ব পাৰে৷ বিত্ত মন্ত্ৰীগৰাকীয়ে আজি কয়লা, খনি, প্ৰতিৰক্ষা উৎপাদন, অসামৰিক বিমান পৰিবহণ, শক্তি খণ্ড, সামাজিক আন্তঃগাঁথনি, মহাকাশ আৰু আণৱিক শক্তিকে ধৰি আঠটা ক্ষেত্ৰৰ বিষয়ে ঘোষণা কৰা গাঁথনিগত সংশোধনীসমূহ উল্লেখ কৰে৷
অধিক বিৱৰণৰ বাবে
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা আন্তঃগাঁথনিমূলক পদক্ষেপসমূহৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে
শনিবাৰে বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা গাঁথনিগত সংশোধনীসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰী অমিত শ্বাহে কয়, ‘‘মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ আজিৰ এই অভিলাসী অৰ্থনৈতিক সংশোধনী সিদ্ধান্তসমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰিব৷’’
আত্মনিৰ্ভৰ ভাৰত আঁচনিয়ে প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰদান কৰিব বিনামূলীয়া খাদ্যান্ন
আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ভাৰত চৰকাৰে মে’ আৰু জুন ২০২০ৰ বাবে অৰ্থাৎ দুমাহৰ বাবে প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ খাদ্যান্ন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই আঁচনিৰ বাবে হ’বলগীয়া ৩৫০০ কোটি টকাৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিব৷
বিভিন্ন খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সাহায্য পেকেজ আৰু নতুন এমএছএমইৰ সংজ্ঞাই উদ্যোগসমূহলৈ বৃহৎ সকাহ প্ৰদান কৰিবঃ শ্ৰী গাডকাৰী
কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন খণ্ডসমূহৰ বাবে ঘোষণা কৰা পদক্ষেপসমূহে উদ্যোগখণ্ডক বৃহৎ সকাহ প্ৰদান কৰিব৷
অধিক বিৱৰণৰ বাবে
ৰাজ্যসমূহত প্ৰব্ৰজিত শ্ৰমিকসকলৰ চলাচলত সুবিধা প্ৰদান কৰিবলৈ এনএমআইচে প্ৰস্তুত কৰিলে এক অনলাইন ডেশ্বব’ৰ্ডৰ
অধিক বিৱৰণৰ বাবে
প্ৰব্ৰজকসকলৰ সুৰক্ষিত তথা তৎকালীন পৰিবহণৰ বাবে ভাৰতীয় ৰে’লৱেয়ে দেশৰ সকলো জিলাৰ পৰা শ্ৰমিক বিশেষ ৰে’ল চলাবলৈ সাজু
ভাৰতীয় ৰে’লৱে ৰে’লৱেৰ সৈতে সংযোজিত দেশৰ সকলো জিলাৰ পৰা শ্ৰমিক বিশেষ ৰে’ল চলাবলৈ সাজু হৈছে৷ ভাৰতীয় ৰে’লৱেৰ প্ৰতিদিনে ৩০০ খনকৈ শ্ৰমিক বিশেষ ৰে’ল চলোৱাৰ ক্ষমতা আছে৷
অধিক বিৱৰণৰ বাবে
অপাৰেচন সমুদ্ৰসেতু পৰ্যায়-২ আইএনএছ জলসে মালদ্বীপৰ পৰা কঢ়িয়াই আনিলে ৫৮৮ জন ভাৰতীয়
অপাৰেচন সমুদ্ৰ সেতুৰ অধীনত আইএনএছ জলসে ২য়টো পৰ্যায়ত মালদ্বীপৰ পৰা ৫৮৮ গৰাকী ভাৰতীয়ক কঢ়িয়াই আনে৷
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ পৰা ক’ভিড সম্পৰ্কীয় খতিয়ান ল’লে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে
ড০ জিতেন্দ্ৰ সিঙে এঘণ্টা জোৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ পৰা ৰাজ্যসমূহৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ লয়৷
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ
- অৰুণাচল প্ৰদেশঃ মে’ আৰু জুন মাহৰ বাবে পিএমজিকেৱাইৰ অধীনত ২০০ মেট্ৰিকটন দাইল যোগান ধৰা হৈছে৷
- অসমঃ দিল্লীৰ পৰা উভতি অহা যোৰহাট জিলাৰ ৩ নং ৱাৰ্ডৰ এজন ৯ বছৰীয়া ল’ৰাৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ পোৱা হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৯৬ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৫১ জন, আৰোগ্য হৈছে ৪১ জন, মৃত্যু হৈছে ২ জনৰ৷ অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
- মণিপুৰঃ কৃষি, এমএছএমই আৰু মনৰেগাৰ কামসমূহক বাদি দি ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰিছে চৰকাৰে৷ পৰীক্ষণৰ বেকলগসমূহ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজ্যখনত নতুন লোক প্ৰৱেশ বন্ধ কৰা হৈছে৷
- মেঘালয়ঃ গুজৰাটত অধ্যয়নৰত তথা কৰ্মৰত ১৬৩ জন মেঘালয়ৰ লোক গুৱাহাটীৰ ৰে’ল ষ্টেচনত উপস্থিত হৈছেহি৷
- মিজোৰামঃ তামিলনাডুত আৱদ্ধ হৈ থকা মিজৰোমাৰ ছাৰ্চিপ জিলাৰ ৩৬গৰাকী বাসিন্দা ৰাজ্যত উপস্থিত হৈছে আৰু তেওঁলোকক একলব্য ৰেছিডেন্সিয়েল স্কুলৰ হোষ্টেললৈ কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে৷
- নাগালেণ্ডঃ মণিপুৰত আৱদ্ধ হৈ থকা ১৩৪জন লোক ৬খন বাছেৰে আহি গৃহ ৰাজ্যত উপস্থিত হৈছে৷
- ছিক্কিমঃ দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকললৈ শৈক্ষিক কণ্টেণ্টসমূহৰ সৈতে লেপটপ প্ৰেৰণ কৰা হৈছে৷
- চণ্ডীগড়ঃ ১৬.০৫.২০২০ তাৰিখে চণ্ডীগড়ত আৱদ্ধ হৈ থকা লাডাখৰ ১৬৬ জন ব্যক্তিক পৰীক্ষণৰ পিছত ৭খন বিশেষ বাছেৰে লেহলৈ প্ৰেৰণ কৰা হৈছে৷
- পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্য মন্ত্ৰীয়ে ৩১ মে’লৈ ৰাজ্যখনত লকডাউনৰ ঘোষণা কৰিছে৷
- হাৰিয়াণাঃ ক্ষুদ্ৰ দোকানী, কৃষক আৰু শ্ৰমিক, কৃষি খণ্ড, আন্তঃগাঁথনি খণ্ডৰ উত্তৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা পদক্ষেপসমূহক প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীয়ে৷
- হিমাচল প্ৰদেশঃ ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবৈ পঞ্চায়ত প্ৰধানসমূহে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷
- কেৰালাঃ ৰাজ্যৰ ঋণ গ্ৰহণ কৰাৰ সীমা বৃদ্ধিৰ ঘোষণাক প্ৰশংসা ৰাজ্যিক বিত্ত মন্ত্ৰীৰ৷
- তামিলনাডুঃ ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন৷ কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ১০,৫৮৫ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৬৯৭০ জন, মৃত্যু ৭৪ আৰু মুকলি কৰি দিয়া হৈছে ৩৫৩৮ জনক৷
- কৰ্ণাটকঃ ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ১১৪৬ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৬১১ জন, আৰোগ্য হৈছে ৪৯৭ জন, মৃত্যু হৈছে ৩৭ জনৰ৷
- অন্ধ্ৰ প্ৰদেশঃ ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ২২৩০ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ১৪৩৩ জন, মৃত্যু হৈছে ৫০ জনৰ৷
- তেলেংগানাঃ বন্দে ভাৰত অভিযানৰ অধীনত ১৬৮জন ভাৰতীয় যাত্ৰী চিকাগোৰ পৰা হায়দৰাবাদত অৱতৰণ কৰিছে৷
পিআইবি ফেক্ট চেক




(Release ID: 1624773)
Visitor Counter : 217
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam