প্ৰতিৰক্ষা মন্ত্ৰালয়

অপাৰেশ্যন সমূদ্ৰসেতু- আই এন এছ জলস্ব দ্বিতীয় পৰ্যায়ৰ বাবে মালদ্বীপলৈ উভতিল

Posted On: 14 MAY 2020 6:15PM by PIB Guwahati

সাগৰীয় পথেদি ভাৰতীয় নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তনৰ সুবিধা দিয়া দ্বিতীয় পৰ্যায়ৰ অপাৰেশ্যন সমূদ্ৰসেতু আৰম্ভ কৰিবৰ বাবে ভাৰতীয় নৌ সেনাৰ জাহাজ জলস্ব মালদ্বীপৰ মে’ললৈ উভতিল। জাহাজখনে ১৫ মে’ ২০২০ তাৰিখে ৰাতিপুৱাৰ ভাগত মে’ল বন্দৰত প্ৰৱেশ কৰিব আৰু মালদ্বীপৰ ভাৰতীয় দূতাবাসত ইতিমধ্যে পঞ্জীয়ন কৰোৱা ভাৰতীয় নাগৰিকক উঠোৱা আৰম্ভ কৰিব। মালদ্বীপৰপৰা দ্বিতীয়বাৰৰ বাবে যত্ৰা কৰোতে জাহাজখনে ৭০০ ভাৰতীয় নাগৰিকক আনি ১৫ মে’ৰ ৰাতি কোচিন পোৱাবহি।

  
ইয়াৰ আগতে ৬৯৮ জন ভাৰতীয় নাগৰিকক ১০ মে’ ২০২০ ত সফলতাৰে কোচিনত নমাই নৌ সেনাৰ জাহাজ জলস্বই বিজাণুমুক্তকৰণ, চেনিটাইজেশ্যন আদি কৰি দ্বিতীয় পৰ্যায়ৰ বাবে সাজু হৈছিল। 

১৫ মে’ ২০২০ তাৰিখে মে’ল বন্দৰৰপৰা আহিবলগা জাহাজখনে প্ৰায় ৭০০ ভাৰতীয় নাগৰিকক কঢ়িয়াই আনিব আৰু তাৰে ১০০ গৰাকী মহিলা আৰু শিশু। জাহাজত উঠাৰ আগতে দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে একোখন পৰিচয় পত্ৰ দিয়া হ’ব আৰু তেওঁলোকৰ মালবস্তু চেনিটাইজ কৰা হ’ব।

***

VM/MS/PRK  



(Release ID: 1623970) Visitor Counter : 153