ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

মোদী চৰকাৰ ইয়াৰ কৰ্মচাৰীসকলৰ কল্যাণৰ প্ৰতি দায়ৱদ্ধ আৰু তেওঁলোকৰ অভিযোগসমূহ যত্নসহকাৰে সমাধান কৰিছেঃ ড০ জিতেন্দ্ৰ সিং

Posted On: 13 MAY 2020 4:08PM by PIB Guwahati

’ভিড মহামাৰীৰ সময়ত প্ৰথমবাৰৰ বাবে এক ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ড০ জিতেন্দ্ৰ সিঙে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ আৰু পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগৰ শাখা বিষয়া পৰ্যায়লৈকে কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে।

আৰম্ভণিতে ড০ সিঙে কয় যে মোদী চৰকাৰ কৰ্মচাৰীসকলৰ কল্যাণৰ প্ৰতি দায়ৱদ্ধ আৰু অতি যত্ন সহকাৰে আৰু সংবেদনশীলতাৰে তেওঁলোকৰ বাবে কাম কৰি আছে। ’ভিড মহামাৰীৰ এই সংকটপূৰ্ণ সময়ত কেৱল ৩৩% কৰ্মচাৰীক কাৰ্যালয়লৈ আহিবলৈ সুবিধা দি ঘৰৰ পৰা কাম কৰাৰ যি এক স্বাস্থ্যসন্মত ব্যৱস্থা কৰা হৈছে সি অতি আদৰণীয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে সন্মুখৰপৰা নেতৃত্ব লৈছে আৰু কৰ্মসংস্কৃতিত কোনো ব্যাঘাত জন্মিবলৈ নিদিয়াকৈ বিভাগসমূহক কৰ্মক্ষম কৰি ৰাখিছে। 

ড০ জিতেন্দ্ৰ সিঙে কয় যে লকডাউন আঁতৰাৰ পিছতে পদোন্নতিকে ধৰি কৰ্মচাৰীৰ অন্যান্য অভিযোগসমূহ সমাধানৰ চেষ্টা কৰা হ’ব। অৱশ্যে তেওঁ লগতে কয় যে, জানুৱাৰী মাহত ৪০০ পদোন্নতিৰ নিৰ্দেশ দিয়া হৈছে।    

ড০ সিঙে কয় যে ভিডিঅ’ কনফাৰেন্সৰ সমগ্ৰ ধাৰণাটো এতিয়া কৰ্চাৰীসকলৰ পৰিয়ালৰ খবৰ-বাৰ্তা লোৱাৰ লগতে তেওঁলোকৰ অভিযোগ নিৰ্মূলৰ ক্ষেত্ৰতো ব্যৱহাৰ হোৱাটো সাধাৰণ কথা হৈ পৰিছে। তেওঁ লগতে কয় যে, কৰ্মচাৰী মন্ত্ৰালয়ে ইতিমধ্য ইয়াৰ ভেটি প্ৰতিষ্ঠা কৰিছে আৰু বাকী মন্ত্ৰালয়সমূহেও এনে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰিব বুলি আশা কৰিছে।

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিৱ ড০ চি চন্দ্ৰমৌলি, প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিৱ ড০ ক্ষত্ৰপতি  শিৱাজীকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অনুষ্ঠানত অংশ গ্ৰহণ কৰে।  

 

<><><><><>

VG/SNC/PRK



(Release ID: 1623709) Visitor Counter : 162