PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
13 MAY 2020 7:14PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান; ২০ লাখ কোটি টকাৰ বিশেষ পেকেজৰ ঘোষণা৷
প্ৰাক্ আৰু পচ্ছাদ ক’ভিড বিশ্বৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ দেশ আত্মনিৰ্ভৰশীল হ’ব লাগিব৷ সংকটৰ এই মুহূৰ্তক সুযোগলৈ পৰিৱৰ্তিত কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ভাৰতে শূন্যৰ পৰা আৰম্ভ কৰি নিতৌ এতিয়া দুই লাখকৈ পিপিই কিট আৰু এন-৯৫ মাস্ক উৎপাদন কৰিবলৈ ধৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰশীলতাৰ সংজ্ঞাৰ বিষয়ে উল্লেখ কৰি কয় দেশে যেতিয়া আত্মনিৰ্ভৰশীলতাৰ কথা কয় তেতিয়া ই স্ব-কেন্দ্ৰিকতকৈ পৃথক হৈ পৰে৷ তেওঁ কয় যে ভাৰতে সমগ্ৰ বিশ্বক এটা পৰিয়ালৰ দৰে জ্ঞান কৰে আৰু সেয়ে ভাৰতৰ উন্নতিত বিশ্বৰ উন্নতিও জড়িত হৈ পৰে৷ সমগ্ৰ মানৱতাৰ বিকাশৰ বাবে ভাৰতে যথেষ্ট অৱদান আগবঢ়াব পাৰে বুলি বিশ্বই বিশ্বাস কৰে৷
১২.০৫.২০২০ তাৰিখে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
এমএছএমইক প্ৰাধান্য দি বিত্ত মন্ত্ৰীয়ে বিশেষ পেকেজৰ প্ৰথমটো শৃংখলাৰ বিষয়ে ঘোষণা কৰিলে

বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগক প্ৰাধান্য দি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা বিত্তীয় পেকেজৰ প্ৰথম শৃংখলাটো ঘোষণা কৰে৷
ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত ডাঃ হৰ্ষ ৱৰ্ধনে পাঞ্জাৱৰ প্ৰস্তুতি সন্দৰ্ভত খতিয়ান লয়
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে পাঞ্জাৱৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান লয়৷ এই পৰ্যন্ত দেশত ৭৪,২৮১জন লোক নিশ্চিতভাৱে ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৪,৩৮৬ জন লোক আৰোগ্য হৈছে৷ ২৪১৫ জন লোকৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৫২৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
১ জুন ২০২০ তাৰিখৰ পৰা সমগ্ৰ দেশত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কেণ্টিন আৰু বিপণীত কেৱল স্থানীয় সামগ্ৰীহে উপলব্ধ হ’ব
এই আহ্বানৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কেণ্টিন আৰু বিপণীসমূহত ১ জুন ২০২০ তাৰিখৰ পৰা কেৱল স্থানীয় সামগ্ৰীহে উপলব্ধ হ’ব বুলি গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ জৰিয়তে মুঠ ক্ৰয়ৰ পৰিমাণ হ’ব ২৮০০ কোটি টকা৷ এই সিদ্ধান্তৰ জৰিয়তে প্ৰায় ১০ লাখ চিএপিএফ কৰ্মীৰ ৫০ লাখ পৰিয়ালৰ সদস্যই স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিব৷
অধিক বিৱৰণৰ বাবে
এমএছএমইৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অৰ্থনৈতিক পেকেজক শ্ৰী নীতিন গাডকাৰীৰ আদৰণি
কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক সাহায্যৰ পেকেজৰ সিদ্ধান্তক আদৰণি জনাইছে৷
৭ মে’, ২০২০ৰ পৰা বন্দে ভাৰত মিচনৰ অধীনত ৪৩খন বিমানত ৮৫০৩গৰাকী ভাৰতীয়ক বিদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰিছে
৭ মে’, ২০২০ৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত মিচনৰ অধীনত বিগত ৬ দিনত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৪৩খন বিমানেৰে ৮,৫০৩গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘুৰাই অনা হৈছে৷ ভাৰত চৰকাৰে ৭ মে’, ২০২০ত ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে বন্দে ভাৰত মিচন শীৰ্ষক এক বৃহৎ কাৰ্যসূচী আৰম্ভ কৰে৷ এই মিচনৰ অধীনত তেওঁলোকক নিজৰ গৃহভূমিলৈ ঘুৰাই অনাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰিছে৷
অধিক বিৱৰণৰ বাবে
১৩ মে’ ২০২০ তাৰিখলৈ ভাৰতীয় ৰে’লৱেয়ে ৬৪২খন ‘শ্ৰমিক বিশেষ’ ৰেল সমগ্ৰ দেশতে চলাচল কৰাইছে
দেশৰ বিভিন্ন প্ৰান্তত ১৩ মে’ ২০২০ তাৰিখ পৰ্যন্ত ৬৪২খন ‘শ্ৰমিক বিশেষ’ ৰে’লে ভ্ৰমণ আৰম্ভ কৰিছে৷
লকডাউনৰ সময়ছোৱাত এফচিআইয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ প্ৰায় ১৬০ লাখ মেট্ৰিকটন খাদ্যান্ন বিতৰণ কৰিছে
সমগ্ৰ দেশতে খাদ্যান্নৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এফচিআইয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে
সাগৰ অভিযানঃ আই এন এছ কেশৰীয়ে মালদ্বীপত খাদ্যৰ সুবিধা আগবঢ়ায়
সাগৰ অভিযানৰ অংশ হিচাপে ভাৰতী. নৌ সেনাৰ জাহাজ কেশৰীয়ে ১২ মে’ ২০২০ তাৰিখে মালদ্বীপৰ মে’ল বন্দৰত প্ৰৱেশ কৰে। ভাৰত চৰকাৰে চুবুৰীয়া বন্ধুৰাষ্ট্ৰসমূহলৈ সাহাৰ্য আগবঢ়াইছে আৰু সেয়ে আই এন এছ কেশৰীয়ে মালদ্বীপৰ জনসাধাৰাৰণৰ বাবে ৫৮০ টন খাদ্যৰ সুবিধা কঢ়িয়াই নিয়ে। ক’ভিড-১৯ মহামাৰীৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনলাইনযোগে ১২ মে’ ২০২০ তাৰিখে এক হস্তান্তৰ অনুষ্ঠানৰ আযোজন কৰা হয়। অনুষ্ঠানত মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহীদ, প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদি আৰু মালদ্বীপত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰে অংশ গ্ৰহণ কৰে। বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহীদে ভাৰতে আগবঢ়োৱা সহযোগিতাৰ শলাগ লয়৷
কৰ্মচাৰীৰ কল্যাণ তথা তেওঁলোকৰ অভিযোগৰ দ্ৰুত নিষ্পত্তিৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধঃ ড০ জিতেন্দ্ৰ সিং
ড০ জিতেন্দ্ৰ সিঙে কয় যে মোদী চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে সদা প্ৰতিশ্ৰুতিৱদ্ধ৷ ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত কেৱল ৩৩ শতাংশ কৰ্মচাৰীকহে কাৰ্যালত উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
কৃষি, মীন আৰু বন এমএছএমইৰ নিৰ্মাণ কৰ্মত স্থানীয় কেঁচামাল সামগ্ৰী ব্যৱহাৰৰ গুৰুত্ব শ্ৰী নীতিন গাডকাৰীৰ
মন্ত্ৰীগৰাকীয়ে গ্ৰীণ এক্সপ্ৰেছ হাইৱে’ৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে উদ্যোগসমূহে ঔদ্যোগিক ক্লাষ্টাৰত বিনিয়োগ আদিৰ সুযোগ লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে৷
‘‘আদিবাসী আজীৱিকা আৰু নিৰাপত্তা’’ সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাৰ ভিডিঅ’ কনফাৰেন্স
জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই ৰাজ্যসমূহত প্ৰধানমন্ত্ৰীৰ বনধন যোজনাৰ কামসমূহ পুনৰীক্ষণ কৰে আৰু ৰাজ্যসমূহে ক্ষুদ্ৰ বন উৎপাদনসমূহৰ বাবে সংশোধিত এমএছপিৰ ব্যৱস্থা কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷
ড০ জিতেন্দ্ৰ সিঙে জম্মু-কাশ্মীৰ আৰু লাডাখত ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু জম্মুলৈ নিয়মীয়া ৰেলসেৱা পুনৰ আৰম্ভ কৰা প্ৰক্ৰিয়া পৰ্যালোচনা কৰে
উত্তৰ-পূব উন্নয়ন দপ্তৰ(ডনাৰ)ৰ কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী; প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যক মন্ত্ৰী; ব্যক্তিগত, ৰাজহুৱা অভিযোগ, পেঞ্চন, আৱণিক শক্তি আৰু মহাকাশ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ সকলো জিলা উপায়ুক্তৰ সৈতে মতবিনিময় কৰে৷ ক’ভিড-১৯ৰ শেহতীয়া স্থিতি, দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকৰ কেন্দ্ৰীয় শাসিত অঞ্চল দুটালৈ আগমণ আৰু শ্ৰমিক বিশেষ ৰেলেৰে আহিবলগীয়া যাত্ৰীৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত তেওঁ জিলা উপায়ুক্তসকলৰ সৈতে পৰ্যালোচনা কৰে৷
ডিচেম্বৰ ২০২২ৰ ভিতৰত হাৰিয়ানা গ্ৰামাঞ্চলৰ সকলো ঘৰত উপলব্ধ হ’ব পানীৰ নলৰ সুবিধা
ৰাজ্যখনে ২০১৯-২০ৰ সময়ছোৱাত জল জীৱন অভিযানৰ অধীনত ১.০৫ লাখ পানীৰ নলৰ সংযোগৰ সুবিধা প্ৰদান কৰিছে আৰু ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত পানীৰ নল সংযোগৰ কাম ১০০% সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জম্মু-কাশ্মীৰৰ প্ৰতিঘৰ লোকে লাভ কৰিব পানীৰ নলৰ সংযোগৰ সুবিধা
চলিত বৰ্ষত ৰাজ্যখনে গান্ধাৰবল, শ্ৰীনগৰ আৰু ৰাইছি জিলাৰ ৫০০০খন গাঁৱত ১০০% পানীৰ নলৰ সংযোগৰ সুবিধা প্ৰদান কৰাৰ বাবে পৰিকল্পনা কৰিছে৷
ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত নিৰ্মাণ উদ্যোগসমূহৰ পৰিৱৰ্তন, ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ঔদ্যোগিক সমন্বয় স্থাপন কৰা হ’ব
‘‘দেখো আপনা দেশ’’ ছিৰিজৰ ১৮তম ৱেবিনাৰত পৰ্যটন মন্ত্ৰালয়ৰ ‘‘উৰিষ্যা-ইণ্ডিয়াজ বেষ্ট কেপ্ট ছিক্ৰেট’’ শীৰ্ষক খণ্ড মুকলি
ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাগলপুৰ স্মাৰ্ট চিটীয়ে ব্যৱহাৰ কৰিছে উদ্ভাৱনীমূলক প্ৰযুক্তি
ফেক্ট চেক

(Release ID: 1623671)
Visitor Counter : 308
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam