বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাৰ উদ্দেশ্যে ব্যৱসায় সম্বন্ধীয়, বিশেষকৈ এমএছএমইৰ বাবে সাহায্য আৰু ঋণ সম্বন্ধীয় সমৰ্থনৰ বাবে বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিলে বিভিন্ন পদক্ষেপ

Posted On: 13 MAY 2020 6:39PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক তথা ব্যাপক পেকেজৰ বিষয়ে ঘোষণা কৰে যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

আজি অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণৰ আলোকপাত কৰে৷ তেওঁ কয় যে এক বিস্তৃত আলোচনাৰ পিছত প্ৰধানমন্ত্ৰীয়ে স্বয়ং এয়া সুনিশ্চিত কৰিছে যে ব্যাপক পৰামৰ্শৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এই আৰ্থিক পেকেজ এক আৱশ্যকীয় অংশ হিচাপে বিবেচিত হৈছে৷

‘‘ইয়াৰ উদ্দেশ্য হ’ল ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলা আৰু সেয়ে এই অভিযানৰ নাম দিয়া হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযান৷ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে আমি ভূমি, শ্ৰমিক, নগদী আৰু আইনৰ ওপৰত গুৰুত্ব দিব লাগিব’’, বিত্ত মন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কয় যে ২০২০ৰ বাজেটৰ পিছতে ক’ভিড-১৯য়ে দেখা দিলে আৰু ঘণ্টাৰ ভিতৰতে লকডাউন ১.০ৰ ঘোষণা কৰা হ’ল, প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ বিষয়ে ঘোষণা কৰা হ’ল৷ আজিৰে পৰা আৰম্ভ কৰি আগন্তুক কেইটামান দিনলৈ মই বিত্ত মন্ত্ৰালয়ৰ দলৰ সৈতে ইয়ালৈ আহি আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ বীক্ষণসমূহৰ সবিশেষ প্ৰস্তুত কৰিম৷

শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ‘কামলৈ পুনৰ ঘূৰি অহা’ অৰ্থাৎ কৰ্মচাৰী আৰু নিয়োজনকৰ্তা, ব্যৱসায় আৰু বিশেষকৈ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক উৎপাদনৰ দিশলৈ ঘূৰি আহিবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে ঘোষণা কৰে৷ এই পদক্ষেপৰ জৰিয়তে নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান, গৃহ বিত্তপোষণ উদ্যোগ, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু শক্তি খণ্ডকো সামৰি লোৱা হয়৷ তাৰোপৰি ব্যৱসায়লৈ কৰ ৰেহাই, ৰাজহুৱা ক্ৰয়ত ঠিকাদাৰসকলৰ বাবে ঠিকাভিত্তিক প্ৰতিশ্ৰুতিৰ পৰা ৰেহাই আৰু ৰিয়েল ইষ্টেট খণ্ডৰ অনুপালন আদি দিশসমূহো সন্নিৱিষ্ট কৰা হয়৷

বিগত পাঁচ বছৰ ধৰি চৰকাৰে এমএছএমই খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ৰিয়েল ইষ্টেট খণ্ডৰ বাবে ৰিয়েল ইষ্টেট আইন ২০১৬ চনত প্ৰণয়ন কৰা হৈছে৷ মধ্যবিত্ত লোকসকলক সকাহ প্ৰদান কৰি গৃহ খণ্ডৰ বাবে বিশেষ পুঁজিৰো যোৱা বছৰত ঘোষণা কৰা হৈছিল৷ এমএছএমইসকলৰ বাবে বিলম্বিত পৰিশোধৰ সমস্যা সমাধানৰ বাবে ২০১৭ চনত সমাধান শীৰ্ষক এক প’ৰ্টেলো মুকলি কৰিছিল৷ ছিডবিৰ অধীনত ফাণ্ড অব্ ফাণ্ডছ শীৰ্ষক এক ষ্টাৰ্ট-আপ গঠনৰ জৰিয়তে দেশৰ উদ্যমিতা খণ্ডক উৎসাহিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷

আজি ঘোষণা কৰা পদক্ষেপসমূহ তলত উল্লেখ কৰা হৈছে-

১. এমএছএমইকে ধৰি ব্যৱসায়সমূহৰ বাবে ৩ লাখ কোটি টকাৰ জৰুৰীকালীন কৰ্ম মূলধন

ব্যৱসায়সমূহক সকাহ প্ৰদান কৰিবলৈ ২৯ ফেব্ৰুৱাৰী ২০২০ তাৰিখ পৰ্যন্ত বকেয়া ঋণৰ ২০%ৰ কৰ্ম মূলধনী বিত্ত টাৰ্ম লোন হিচাপে সুতৰ ৰেহাই হাৰত প্ৰদান কৰা হ’ব৷ যিসকলৰ ১০০ কোটি টকাৰ টাৰ্ণ অভাৰ আছে আৰু ২৫ কোটি টকা পৰ্যন্ত বকেয়া পৰিমাণ আছে তেওঁলোকে এই সুবিধা লাভ কৰিব৷ এই পৰিমাণ ভাৰত চৰকাৰৰ দ্বাৰা ১০০% গ্যাৰেণ্টীযুক্ত হ’ব যি ৪৫ লক্ষাধিক এমএছএমইক ৩.০ লাখ কোটি টকাৰ মুঠ নগদী প্ৰদান কৰিব৷

২. স্ট্রেছদ এমএছএমইলৈ ২০,০০০ কোটি টকাৰ গৌণ ঋণ

এনপিএ অথবা উদ্বিগ হোৱা দুই লক্ষাধিক এমএছএমইলৈ ২০,০০০ কোটি টকাৰ গৌণ ঋণৰ ব্যৱস্থা কৰা হৈছে৷ ক্ষুদ্ৰ আৰু সুক্ষ্ম উদ্যমসমূহলৈ চৰকাৰে ৪০০০ কোটি টকাৰ ক্ৰেডিট গ্যাৰেণ্টী ট্ৰাষ্টৰ সৈতে সমৰ্থন আগবঢ়াব৷ এনেধৰণৰ এমএছএমইসমূহৰ উত্তৰণৰ বাবে বেংকে প্ৰমটাৰক তেওঁৰ বিদ্যমান ষ্টেকৰ ১৫% বা সংখ্যা হিচাপত সৰ্বাধিক ৭৫ লাখ টকাৰ গৌণ ঋণ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷

৩. এমএছএমই ফাণ্ড অব্ ফাণ্ডছৰ জৰিয়তে ৫০,০০০ কোটি টকাৰ ইকুইটি সঞ্চালন

এমএছএমইক ইকুইটি বিত্তপোষণত সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰে ১০,০০০ কোটি টকাৰ এক ফাণ্ড অব্ ফাণ্ডছ গঠন কৰিব৷ এই ফাণ্ড অব্ ফাণ্ডছ মাতৃ আৰু কন্যা পুঁজিৰ দ্বাৰা পৰিচালিত হ’ব৷ ফাণ্ড অব্ ফাণ্ডে প্ৰায় ৫০,০০০ কোটি টকাৰ ইকুইটি ম’বিলাইজ কৰিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

৪. এমএছএমইৰ নতুন সংজ্ঞা

     বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এমএছএমইৰ সংজ্ঞা সংশোধিত কৰা হ’ব৷ টাৰ্ণ অভাৰৰ নতুন চৰ্ত সংযোজিত কৰা হ’ব৷ নিৰ্মাণ খণ্ড আৰু সেৱাৰ খণ্ডৰ পাৰ্থক্যতা নোহোৱা কৰা হ’ব৷

৫. এমএছএমইৰ বাবে অন্যান্য পদক্ষেপসমূহ

     বাণিজ্য মেলা আৰু প্ৰদৰ্শনীৰ বিকল্প হিচাপে এমএছএমইৰ বাবে ই-মাৰ্কেটৰ ব্যৱস্থা কৰা হ’ব৷ ৪৫ দিনত চৰকাৰ আৰু চিপিএছইসমূহৰ পৰা এমএছএমইৰ প্ৰাপ্যসমূহ মুকলি কৰা হ’ব৷

 

 

 

৬. ২০০ কোটি টকা পৰ্যন্ত চৰকাৰী নিবিদাসমূহৰ বাবে কোনো বিশ্বজনীন নিবিদা গ্ৰহণ কৰা নহ’ব

     ২০০ কোটি টকাৰ তলত বিশ্বজনীন নিবিদাসমূহ সাধাৰণ বিত্তীয় নিয়মাৱলীৰ অধীনত সংশোধন কৰা হ’ব আৰু সামগ্ৰী তথা সেৱাসমূহৰ ক্ৰয়ত এওঁলোকক অনুমতি প্ৰদান কৰা নহ’ব৷

৭. ব্যৱসায় আৰু সংগঠিত খণ্ডৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধিৰ সমৰ্থন

            পিএমজিকেপিৰ অংশ হিচাপে মুকলি কৰা এই আঁচনিত ভাৰত চৰকাৰে প্ৰতিজন কৰ্মচাৰীৰ হকে দৰমহাৰ ১২% অৱদান আগবঢ়াব আৰু কৰ্মচাৰীৰ ইপিএফ ২০২০ চনৰ জুন, জুলাই আৰু আগষ্ট মাহৰ বাবে ৩ মাহলৈ সংবৰ্ধিত কৰা হ’ব৷ ৭২.২২ লাখ কৰ্মচাৰীৰ বাবে প্ৰায় ২৫০০ কোটি টকা আহৰণ হ’ব৷

৮. ৩ মাহৰ বাবে কৰ্মচাৰী আৰু নিয়োজনকৰ্তাসকলৰ বাবে ইপিএফ বৰঙণিৰ পৰিমাণ হ্ৰাস কৰা হ’ব

বিদ্যমান ১২%ৰ পৰা কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ বিধিগত পিএফ অৱদান আগন্তুক ৩ মাহৰ বাবে ১০%লৈ হ্ৰাস কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰতি মাহে প্ৰায় ২২৫০ কোটি টকাৰ নগদী প্ৰদান কৰা হ’ব৷

৯. এনবিএফচি/এইচএফচি/এমএফআইৰ বাবে ৩০,০০০ কোটি টকাৰ বিশেষ তাৰল্য আঁচনি

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰদান কৰিবলগীয়া নগদীৰ সৈতে চৰকাৰে ৩০,০০০ কোটি টকাৰ বিশেষ নগদী আঁচনি মুকলি কৰিব৷

১০. এনবিএফচি/এমএফআইৰ দায়িত্বসমূহৰ বাবে ৪৫,০০০ কোটি টকাৰ আংশিক ঋণ গ্যাৰেণ্টী আঁচনি

বিদ্যমান আংশিক ঋণ গ্যাৰেণ্টী আঁচনি পুনৰাই গঠন কৰা হ’ব আৰু ইয়াক নিম্ন মূল্যায়িত এনবিএফচি, এইচএফচি আৰু অন্যান্য ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ধাৰসমূহ সামৰি লোৱাকৈ সংবৰ্ধিত কৰা হ’ব৷

১১. ডিআইএছচিঅ’এমএছৰ বাবে ৯০,০০০ কোটি টকাৰ তাৰল্য ইনজেকছন

     শক্তি বিত্তীয় নিগম আৰু গ্ৰামীণ বৈদ্যুতিকীকৰণ নিগম ডিআইএছচিঅ’এমএছৰ তাৰল্যত সন্নিৱিষ্ট হ’ব আৰু দুটা সম পৰিমাণৰ কিস্তিত ৯০,০০০ কোটি টকালৈ সংবৰ্ধিত কৰা হ’ব৷ এই পৰিমাণ ডিআইএছচিএ’এমএছে ট্ৰেন্সমিছন আৰু জেনেৰেছন উদ্যোগসমূহক পৰিশোধ কৰিব৷

১২. ঠিকাদাৰসমূহলৈ সকাহ

ৰে’লৱে, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, চিপিডব্লিউডিৰ দৰে সকলো কেন্দ্ৰীয় সংস্থাক ঠিকাভিত্তিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ ৬ মাহ পৰ্যন্ত সময় বৃদ্ধি কৰা হৈছে৷

১৩. ৰিয়েল ইষ্টেট প্ৰকল্পসমূহলৈ সকাহ

ৰাজ্য চৰকাৰসমূহক আৰইআৰএৰ অধীনত ফ’ৰ্চ মেজৰ (Force Majeure)ধাৰা প্ৰণয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ সকলো পঞ্জীকৃত প্ৰকল্পৰ পঞ্জীয়ন আৰু সম্পূৰ্ণ কৰাৰ সময় ৬ মাহলৈ বৃদ্ধি কৰা হৈছে আৰু ৰাজ্যৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ইয়াক পুনৰাই ৩ মাহলৈ বৃদ্ধি কৰা হ’ব পাৰে বুলি কোৱা হৈছে৷

১৪. ব্যৱসায়সমূহলৈ কৰৰ সকাহ

দাতব্য ন্যাস আৰু নন-কৰ্প’ৰেট ব্যৱসায় আৰু প্ৰপ্ৰাইটৰশ্বিপ, পাৰ্টনাৰশ্বিপ আৰু এলএলপি তথা সমবায়সমূহলৈ দিবলৈ বাকী থকা আয়কৰ ৰিফাণ্ডসমূহ অতিশীঘ্ৰেই মুকলি কৰা হ’ব৷

১৫. কৰ সম্বন্ধীয় পৰিমাপসমূহ

  • উৎসত কৰ্তন কৰা কৰ’ আৰু ‘উৎসত সংগ্ৰহ কৰা কৰ’ৰ হাৰ হ্ৰাস কৰা হৈছে- ২০২০-২১ বিত্তীয় বৰ্ষৰ বাকী সময়ছোৱাৰ বাবে অ-বেতনভোগী পৰিশোধৰ টিডিএছ হাৰ আৰু উৎসত সংগৃহীত কৰৰ হাৰ ২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰা হ’ব৷ ইয়াৰ দ্বাৰা ৫০,০০০ কোটি টকাৰ নগদী প্ৰদান হ’ব৷
  • ২০২০-২১ মূল্যায়ন বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ন দাখিল অন্তিম তাৰিখ ৩০ নৱেম্বৰ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷ ঠিক সেইদৰে, কৰ অডিটৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷
  • ‘বিবাদৰ পৰা বিশ্বাস’ আঁচনিৰ অধীনত কোনো অতিৰিক্ত পৰিমাণ নোহোৱাকৈ পৰিশোধ কৰাৰ তাৰিখ ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হ’ব৷ 

 

****

RM/KMN/MANN



(Release ID: 1623669) Visitor Counter : 357