স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উদযাপন

ধাত্ৰী আৰু অন্যান্য স্বাস্থ্য-কৰ্মীসকলৰ সহযোগিতা অবিহণে সংক্ৰামক ৰোগৰ বিৰুদ্ধে অব্যাহত যুঁজত বিজয় সাব্যস্ত কৰিব পৰা নাযায়-ড০ হৰ্ষ বৰ্দ্ধন

Posted On: 12 MAY 2020 3:13PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ লগতে ফ্লোৰেন্স নাইটিংগেলৰ ২০০সংখ্যক জন্ম দিৱস উপলক্ষে আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে দেশৰ নাৰ্ছ তথা ধাত্ৰীসকলে আগবঢ়াই অহা অনবদ্য সেৱাৰ ভূয়সী প্ৰশংসা কৰে। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীয়ে নাৰ্ছসকলে আগবঢ়োৱা সেৱাৰ বিশেষ ভাবে চৰ্চা কৰে। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই এই বৰ্ষটো নাৰ্ছ তথা ধাত্ৰী বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে। অনলাইন যোগে অনুষ্ঠিত অনুষ্ঠানটোত বহু লক্ষ নাৰ্ছে অংশগ্ৰহণ কৰিছিল।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে নাৰ্ছসকলে আগবঢ়োৱা নিস্বাৰ্থ আৰু উতসৰ্গিত সেৱাৰ মনোভাৱৰ শলাগ লয়। তেওঁ নাৰ্ছসকলক স্বাস্থ্য সেৱাৰ অতিকে শক্তিশালী আৰু গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি কয় যে, আপোনালোকৰ কৰ্মৰ গভীৰতা আৰু অন্তৰিক প্ৰয়াসক পৰ্যাপ্ত ৰূপত ভাষাৰে বৰ্ণনা কৰাটো সম্ভৱ নহয়। আপোনালোকৰ দায়বদ্ধতাও তেনেকুৱাই। আপোনালোকৰ দয়ালু স্বভাৱ, আপোনালোকৰ উত্সৰ্গিত মনোভাৱ আৰু ৰোগাক্ৰান্তৰ সেৱাক দি অহা সৰ্বাধিক প্ৰাথমিকতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো শেহতীয়া ভাবে কভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা অভিযানত নাৰ্ছসকলে আগবঢ়োৱা সেৱাৰ বাবেও মন্ত্ৰীগৰাকীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা আগবঢ়ায়। এই প্ৰসংগত মন্তব্য কৰি ড০ বৰ্দ্ধনে ধাত্ৰী আৰু অন্যান্য স্বাস্থ্য-কৰ্মীসকলৰ সহযোগিতা অবিহণে সংক্ৰামক ৰোগৰ বিৰুদ্ধে অব্যাহত যুঁজত বিজয় সাব্যস্ত কৰিব নোৱাৰাৰ লগতে সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা প্ৰদানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ লক্ষ্যত উপনীত হোৱাতো সম্ভৱ নহয় বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ পুনাৰ ষ্টাফ নাৰ্ছ শ্ৰীমতী জ্যোতি ভিট্টল ৰক্ষা, পু্নাৰ সহকাৰী মেট্ৰোন শ্ৰীমতী অনিতা গোবিন্দৰাও ৰাথোড় আৰু ঝিলমিলৰ ইএছআই হাস্পটালৰ নাৰ্ছিং বিষয়া শ্ৰীমতী মৰ্গাৰেটৰ দৰে বিদূষী নাৰ্ছৰ স্মৃতি কৃতজ্ঞতাৰে স্মৰণ কৰে। উল্লেখ যে এইসকল স্বাস্থ্য-কৰ্মীয়ে কভিড-১৯ৰ বিৰুদ্ধে যুঁজি অলপতে মৃত্যু সাৱটি লৈছিল। তেওঁ এইসকল স্বাস্থ্যকৰ্মীৰ শোকসন্তপ্ত পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে আগবঢ়োৱা যুজঁৰ সময়ত নাৰ্ছসকলৰ প্ৰতি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় সুৰক্ষাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে।

 

*****

MV/KB



(Release ID: 1623643) Visitor Counter : 164