গৃহ মন্ত্ৰালয়

ৰে’ল যাত্রী পৰিবহণৰ ক্ষেত্রত মানসম্পন্ন পৰিচালন প্ৰ’ট’কল(এছঅ’পি) জাৰি কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ

Posted On: 11 MAY 2020 2:41PM by PIB Guwahati

কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে ৰে’ল যাত্রী পৰিবহণৰ ক্ষেত্রত নির্দিষ্ট নিয়মাৱলী অর্থা মানসম্পন্ন পৰিচালন প্ৰ’ট’কল(এছঅ’পি) জাৰি কৰিছে৷

যাত্রীসকলৰ অহা-যোৱা আৰু ৰে’ল ষ্টেচনত সোমাৱাৰ অনুমতিৰ ক্ষেত্রত কেৱল নিশ্চিত ই-টিকটহে বিবেচিত হ’ব৷ প্ৰতিগৰাকী যাত্রীৰ শাৰীৰিক পৰীক্ষা কৰাটো বাধ্যতামূলক। যিসকল যাত্রীৰ ক’ভিড-১৯ৰ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে, কেৱল তেওঁলোকক হে ৰে’লত উঠাৰ অনুমতি দিয়া হ’ব৷ যাত্রাৰ সময় তথা ৰে’ল ষ্টেচনত স্বাস্থ্যবিধি আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বিষয়বোৰ কঠোৰভাৱে মানি চলিব লাগিব৷

ষ্টেচনত সোমোৱা আৰু ৰে’লত উঠা-নমাৰ সময়ত সকলো যাত্রীক হেণ্ড ছেনিটাইজাৰ দিয়া হ’ব৷ ৰে’লত যোৱাৰ সময়ত প্ৰত্যেক যাত্রীয়ে মাস্ক পৰিধান কৰিব লাগিব অথবা মুখ ঢাকি ৰাখিব লাগিব৷ যাত্রীসকলে তেওঁলোকৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ পাছত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য বিধি মানি চলিব লাগিব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাৰ পাছত ৰে’ল মন্ত্ৰালয়ৰ অনুমতি সাপেক্ষে এই ৰে’লসমূহ চলাচল কৰিব৷

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা চৰকাৰী বিজ্ঞপ্তি পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক-
https://static.pib.gov.in/WriteReadData/userfiles/MHA%20Order%20Dt.%2011.5.2020%20on%20SOP%20for%20movement%20of%20persons%20by%20trains.pdf

 

*****

VG/SNC/VM/DB



(Release ID: 1623618) Visitor Counter : 203