প্ৰতিৰক্ষা মন্ত্ৰালয়

সাগৰ অভিযানঃ আই এন এছ কেশৰীয়ে মালদ্বীপত খাদ্যৰ সুবিধা আগবঢ়ায়

प्रविष्टि तिथि: 12 MAY 2020 6:59PM by PIB Guwahati

সাগৰ অভিযানৰ অংশ হিচাপে ভাৰতী. নৌ সেনাৰ জাহাজ কেশৰীয়ে ১২ মে’ ২০২০ তাৰিখে মালদ্বীপৰ মে’ল বন্দৰত প্ৰৱেশ কৰে। ভাৰত চৰকাৰে চুবুৰীয়া বন্ধুৰাষ্ট্ৰসমূহলৈ সাহাৰ্য আগবঢ়াইছে আৰু সেয়ে আই এন এছ কেশৰীয়ে মালদ্বীপৰ জনসাধাৰাৰণৰ বাবে ৫৮০ টন খাদ্যৰ সুবিধা কঢ়িয়াই নিয়ে। ক’ভিড-১৯ মহামাৰীৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনলাইনযোগে ১২ মে’ ২০২০ তাৰিখে এক হস্তান্তৰ অনুষ্ঠানৰ আযোজন কৰা হয়। অনুষ্ঠানত মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহীদ, প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদি আৰু মালদ্বীপত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰে অংশ গ্ৰহণ কৰে। বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহীদে ভাৰতে আগবঢ়োৱা সহযোগিতাৰ শলাগ লয়।

‘সাগৰ’ অঞ্চল আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ সুৰক্ষা আৰু প্ৰগতিৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ লক্ষ্যৰ লগত সঙ্গতি ৰাখি জাহাজসমূহক কামত লগোৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু কোইবাটাও ভাৰত চৰকাৰৰ সংস্থাৰ সহযোগত এই অভিযান ৰূপায়ণ কৰা হৈছে।

মালদ্বীপকে ধৰি বিদেশৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে আৰম্ভ কৰা সমূদ্ৰ সেতু অভিযানৰ লগত সাগৰ অভিযানৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ৮ আৰু ১০ মে’ ২০২০ তাৰিখে ক্ৰমে আই এন এছ জলস্ব আৰু আই এন এছ  মগৰ যোগে মুঠ ৯০০ ভাৰতীয় নাগৰিকে দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে।

ভাৰত আৰু মালদ্বীপ সাগৰীয় পথেৰে নিকট চুবুৰীয়া হোৱাৰ লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/INSKesaridisembarkingFoodProvisions(5)784P.jpeg

****

VM/ MS/PRK


(रिलीज़ आईडी: 1623438) आगंतुक पटल : 332
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Punjabi , Urdu , हिन्दी , Manipuri , Bengali , Odia , Tamil , Telugu , Kannada , Malayalam