ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

লকডাউনৰ মাজতে এইচআইএল ইণ্ডিয়া লিমিটেডে আফ্ৰিকান দেশৰ পৰা বৃহৎ অৰ্ডাৰ আকৰ্ষণ কৰাৰ প্ৰয়াস

प्रविष्टि तिथि: 12 MAY 2020 1:58PM by PIB Guwahati

লকডাউনৰ ফলত সৃষ্টি হোৱা ল’জিষ্টিক আৰু অন্যান্য প্ৰত্যাহ্বান সত্বেও কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনষ্ঠ ৰাজহুৱা খণ্ডৰ গোট এইচআইএল ইণ্ডিয়া লিমিটেডে দেশত কৃষকৰ মাজত কীটনাশকৰ যোগান নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে৷ একে সময়তে তেওঁলোকে আফ্ৰিকান দেশলৈ বৃহৎ পৰিমাণৰ ডিডিটি ৰপ্তানিৰ বাবে প্ৰয়াস কৰিছে l

অনাগত মাহসমূহত এই অঞ্চলসমূহত মেলেৰিয়াৰ প্ৰকোপ বৃদ্ধি হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়নি দিয়াৰ প্ৰতি ৰাখি এইচআইএলে দহটা দক্ষিণ আফ্ৰিকান ডেভেলাপমেণ্ট কমিউনিটী(এছএডিচি)ডিডিটি যোগানৰ বাবে পত্ৰ লিখিছে৷

দেশত লকডাউনৰ সময়ছোৱাত যোৱা ৭মে’লৈ এইচআইএলে ১২০.৪০ মেট্ৰিক টন ডিডিটি টেকনিকেল, ২২৬.০০ মেট্ৰিক টন ডিডিটি ৫০ শতাংশ ডব্লিউডিপি, ৮৫.০০ মেট্ৰিক টন মেলাথিয়ন টেকনিকেল, ১৬.৩৮ মেট্ৰিক টন হিলগ’ল্ড আৰু ২৭.৬৬ মেট্ৰিক টন ফৰ্মুলেচন উৎপাদন কৰিছে, যাতে লকডাউনৰ সময়ছোৱাত কৃষকসকল জটিলতাৰ সন্মুখীন নহয়৷

এইচআইএলৰ নিৰ্মাণ গোটে সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু নূন্যতম মানৱ শক্তিৰে নিৰ্মাণ কাৰ্য চলাই আছে৷ এই সকলো গোটত স্বচ্ছতাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ কাম কৰা স্থান, কাৰাখানাত প্ৰৱেশ কৰা সকলো ট্ৰাক, বাছসমূহ সঘনাই ছেনিটাইজৰ ব্যৱস্থা কৰা হৈছে৷

যোৱা সপ্তাহত কোম্পানীৰ মুঠ বিক্ৰীৰ পৰিমাণ হৈছে ২৭৮.৮২লাখ৷ ইয়াত কৃষিৰসায়ন, সাৰ আৰু বীজৰ বিক্ৰীও অন্তৰ্ভুক্ত হৈছে৷ অনলাইন নিবিদাৰ প্ৰচেছিং আৰু ক্ৰয় গতিবিধিও অব্যাহত আছে৷

***

RCJ/RKM/MS


(रिलीज़ आईडी: 1623435) आगंतुक पटल : 251
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam