PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 MAY 2020 6:21PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু লাডাখৰ খতিয়ান ল’লে ডাঃ হৰ্ষ ৱৰ্ধনে

ডাঃ হৰ্ষ ৱৰ্ধনে আজি জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ প্ৰশাসনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি অঞ্চলকেইটাৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত খতিয়ান লয়৷ ১২ মে’ ২০২০ তাৰিখ পৰ্যন্ত দেশত সৰ্বমুঠ ৭০,৭৫৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন দাখিল হৈছে৷ ইয়াৰে ২২,৪৫৫জন লোকে আৰোগ্য লাভ কৰিছে আৰু ২২৯৩ জনৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৬০৪ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে আৰু ১৫৩৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে ঘোষণা কৰা যুঁজৰ ভৱিষ্যতৰ কৰ্মপন্থাসমূহ আলোচনা কৰে৷ বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ কোনবোৰ ভৌগোলিক ক্ষেত্ৰত এই মহামাৰী বিয়পিছে আৰু কোন ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক হৈছে সেই সম্পৰ্কে আমি এতিয়া স্পষ্টভাৱে অনুধাৱন কৰিব পাৰিছো৷ ইয়াৰোপৰি, বিগত কিছু সপ্তাহত বিষয়াসকলে এই ধৰণৰ পৰিস্থিতিত জিলা পৰ্যায়ৰ সঞ্চালন প্ৰক্ৰিয়াসমূহো ভালদৰে অনুধাৱন কৰিব পাৰিছে৷’’ প্ৰধানমন্ত্ৰীয়ে কয় যে ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বিষয়ত গভীৰ অনুধাৱনে ইয়াৰ বিৰুদ্ধে যুদ্ধখন উপযুক্ত ধৰণে যুঁজাত সহায় কৰিব৷

অধিক বিৱৰণৰ বাবে

১২ মে’ ২০২০ (০৯.৩০ ঘণ্টা) তাৰিখলৈ ভাৰতীয় ৰে’লৱেয়ে সমগ্ৰ দেশতে ৫৪২খন ‘‘শ্ৰমিক বিশেষ’’ ৰে’লৰ চলাচল কৰাইছে

১২ মে’ ২০২০ তাৰিখ পৰ্যন্ত সমগ্ৰ দেশতে ভাৰতীয় ৰে’লৱেয়ে ৫৪২খন ‘‘শ্ৰমিক বিশেষ’’ ৰে’লৰ চলাচল কৰাইছে৷ ইয়াৰে ৪৪৮খনে গন্তব্যস্থান লাভ কৰিছে আৰু ৯৪খন ৰে’ল যাত্ৰা পথতে আছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰেলৱেয়ে আজি নতুন দিল্লীৰ পৰা ৩খন বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰিছে

১২ মে’ তাৰিখে ০২৪৪২ নতুন দিল্লীৰ পৰা বিলাসপুৰ বিশেষ ৰে’লখনে যাত্ৰা আৰম্ভ কৰিব৷ক’ভিড-১৯ৰ ফলত স্তব্ধ হৈ থকা সেৱাসমূহ আজি নতুন দিল্লীৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ যাত্ৰাৰ দ্বাৰা শ্ৰেণীৱদ্ধ ধৰণে আৰম্ভ হ’ব৷ নতুন দিল্লীৰ পৰা ৩খন বিশেষ ৰে’লে ভ্ৰমণ আৰম্ভ কৰাৰ বিপৰীতে আন ৫খন বিশেষ ৰে’ল অন্যান্য চহৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’ব৷ এই বিশেষ ৰে’ল সেৱাসমূহ ভাৰতীয় ৰে’লৱেৰ শ্ৰমিক বিশেষ সেৱাৰ সৈতে সংযোজিত হ’ব৷

অধিক বিৱৰণৰ বাবে

৭ মে’ ২০২০ তাৰিখৰ পৰা বন্দে ভাৰত অভিযানৰ অধীনত ৩১খন বিমানত ৬০৩৭জন ভাৰতীয়ই বিদেশৰ পৰা উভতি আহিছে

ভাৰত চৰকাৰে ৭ মে’ ২০২০ তাৰিখৰ পৰা বিদেশত আৱদ্ধ ভাৰতীয় লোকক স্বদেশলৈ ঘূৰাই অনাৰ পৰা বন্দে ভাৰত অভিযানৰ সূচনা কৰিছে৷ এই অভিযানৰ অধীনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত ভাৰতীয় লোকসকলক স্বদেশলৈ ঘূৰাই অনাৰ যোঁজা কৰিছে৷

অধিক বিৱৰণৰ বাবে

আন্তৰ্জাতিক নাৰ্ছ দিৱসত নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

পালন কৰা হ’ল আন্তৰ্জাতিক নাৰ্ছ দিৱস

আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ভিডিঅ’ কনফাৰেন্সযোগে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নাৰ্ছসকলৰ কৰ্তব্যৰ শলাগ লয়৷

অধিক বিৱৰণৰ বাবে

গান্ধী শান্তি বঁটা ২০২০ৰ বাবে মনোনয়ন লাভৰ অন্তিম তাৰিখ ১৫.০৬.২০২০ তাৰিখলৈ বৃদ্ধি কৰিছে চৰকাৰে

অধিক বিৱৰণৰ বাবে

এছ’চেমৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ ‘‘ভাৰ্চুৱেল কনফাৰেন্স’’ত ভাষণ প্ৰদান কৰিলে ড জিতেন্দ্ৰ সিঙে

ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত অৰ্থনীতি, বাণিজ্য, বিজ্ঞান, গৱেষণা আৰু অন্যান্য বিভিন্ন খণ্ডত নানা সুযোগৰ সৃষ্টি হ’ব বুলি কেন্দ্ৰীয় ড’নাৰ ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে ভাষণত উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰযুক্তি কেন্দ্ৰই এতিয়া ৰীয়েল টাইম কোৱানটিটেটিভ মাইক্ৰ’ পিচিআৰ ছিষ্টেমৰ গুৰুত্বপূৰ্ণ অংশ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে

ভূৱনেশ্বৰ, জামছেদপুৰ আৰু কলকাতাৰ এমএছএমই মন্ত্ৰালয়ৰ প্ৰযুক্তি কেন্দ্ৰই এতিয়া বিশাখাপট্টনমৰ এএমটিজেডৰ বাবে ৰীয়েল টাইম কোৱানটিটেটিভ মাইক্ৰ’ পিচিআৰ ছিষ্টেমৰ গুৰুত্ব পূৰ্ণ অংশসমূহ নিৰ্মাণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে বেংগালুৰুৰ চিএছআইআৰ-নেচনেল এৰ’স্পেছ লেবৰেট’ৰীজে (এনএএল)

 ৩৬ দিনত বিকশিত কৰিলে ‘সুস্থ বায়ু’ শীৰ্ষক বিআইপিএপি অনা-আক্ৰমণশীল ভেষ্টিলেটৰ প্ৰস্তুত কৰিছে

এই প্ৰণালী এনএবিএল অনুমোদিত সংস্থাসমূহে সুৰক্ষিত বুলি স্বীকৃত প্ৰদান কৰিছে আৰু ইয়াৰ বায়’মেডিকেল পৰীক্ষণ চলাই থকা হৈছে৷

অধিক বিৱৰণৰ বাবে

এমএছএমই মন্ত্ৰালয়ে মুকলি কৰিলে ‘চেম্পিয়নছ’ প’ৰ্টেল

কেন্দ্ৰীয় এমএছএমই মন্ত্ৰালয়ে চেম্পিয়নছ (www.Champions.gov.in) শীৰ্ষক এক প’ৰ্টেল মুকলি কৰে যি হ’ল প্ৰযুক্তিচালিত নিয়ন্ত্ৰণ কক্ষ আৰু ব্যৱস্থাপনা তথ্য প্ৰণালী৷

অধিক বিৱৰণৰ বাবে

পিএম-কেয়াৰ্ছ পুঁজিলৈ বিপিপিআইৰ ২৫ লাখ টকাৰ বৰঙণি

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰব্ৰজিত লোকসকলৰ যাতায়াতৰ বাবে ‘শ্ৰমিক বিশেষ’ ৰে’লৰ ব্যৱস্থাপনাত সন্তোষ প্ৰকাশ কৰিছে চণ্ডীগড় প্ৰশাসনে৷
  • পাঞ্জাৱঃ দিল্লীত এমাহতকৈও অধিক সময় আৱদ্ধ হৈ থকা ৩৩৬জন পাঞ্জাৱৰ লোকক ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে পাঞ্জাৱ চৰকাৰে ১৩খন বাছৰ ব্যৱস্থা কৰিছে৷
  • হাৰিয়ানাঃ ৰাজ্যখনত আৱদ্ধ হৈ থকা বহিঃৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে হাৰিয়ানা চৰকাৰে তেওঁলোকক গৃহৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কোনো মূলধনী ব্যয় কৰ্তন নকৰে কিন্তু অপব্যয় ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷
  • কেৰালাঃ ৰাজ্যখনলৈ জটিলতা অবিহনে ৰে’ল আৰু পথেৰে প্ৰবেশৰ বাবে চৰকাৰে সবিশেষ নিৰ্দেশনাৱলী প্ৰস্তুত কৰিছে৷ এই পৰ্যন্ত ২৭জন সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে আৰু ৰাজ্যখনত ৩৪টা হটস্পট এলেকা আছে৷
  • তামিলনাডুঃ তিৰুভেলীৰ পৰা বিহাৰলৈ ১১৪০জন প্ৰব্ৰজিত শ্ৰমিকক লৈ এখন বিশেষ ৰে’ল আজি ৰাওনা হ’ব৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮০০২ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৮৯৫ জন, মৃত্যু ৫৩ জনৰ, মুকলি কৰি দিয়া হৈছে ২০৫১ জনক৷
  • কৰ্ণাটকঃ আজি ৪২জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৯০৪, মৃত্যু ৩১জনৰ আৰু ৪২৬ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ২০৫১ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৯৪৯ জন, আৰোগ্য হৈছে ১০৫৬ জন, মৃত্যু হৈছে ৪৬ জনৰ৷
  • তেলেংগানাঃ মঙলবাৰে ৩৩১জন যাত্ৰীৰ সৈতে ‘বন্দে ভাৰত অভিযান’ৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা হায়দৰাবাজত উপস্থিত হৈছে চতুৰ্থখন বিমান৷ কালিলৈকে মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ১২৭৫জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ৮০১জন আৰু মৃত্যু হৈছে ৩০ জনৰ৷
  • মহাৰাষ্ট্ৰঃ এই পৰ্যন্ত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ২৩,৪০১ৰ সংখ্যা স্পৰ্শ কৰিছে৷ কেৱল মুম্বাইতে ১৪,৩৫৫জন আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৩৪৭জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ২০ জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৮৫৪১ জন আৰু মৃ্ত্যু হৈছে ৫১৩ জনৰ৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৯৮৮ জন, ইয়াৰে ১৫৫১ জন লোক সক্ৰিয়ভাৱে আক্ৰান্ত হৈছে আৰু ২০৫৯ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷
  • মধ্য প্ৰদেশঃ কালি ১৭১জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৭৮৫ জন৷
  • গোৱাঃ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত কিছুমানে শিথিলতা প্ৰদান কৰাৰ সম্ভাৱনা৷ গোৱাত কোনো সক্ৰিয় ক’ভিড ৰোগী নাই৷
  • অৰুণাচল প্ৰদেশঃ নাহৰলগুণত স্বাস্থ্য মন্ত্ৰীয়ে মুকলি কৰিলে দ্বিতীয়টো ক’ভিড-১৯ পৰীক্ষণ কেন্দ্ৰ; TRUENATয়ে সম্পন্ন কৰিব পৰীক্ষণসমূহ৷
  • অসমঃ আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে নাৰ্ছসকলৰ উৎসৰ্গিত মনোভাৱ তথা নিৰৱচ্ছিন্ন প্ৰয়াসে তেওঁলোকক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুদ্ধত মেৰুদণ্ড হিচাপে প্ৰতিষ্ঠিত কৰিছে৷
  • মণিপুৰঃ ৰাজ্যৰ বাহিৰৰ পৰা ঘূৰি অহা লোকসকলৰ বাবে চৰকাৰে প্ৰতিখন জিলাতে কেন্দ্ৰীয়কৃত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে৷ লক্ষণবিহীন লোকসকলৰ বাবেও ১৪দিনৰ কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়া হৈছে৷ চৰ্দীজাতীয় লক্ষণ প্ৰকট হোৱা লোকসকলক আচুতীয়াকৈ ৰাখি নিৰীক্ষণ কৰা হৈছে৷
  • মিজোৰামঃ ৰাজ্যৰ বাহিৰত আৱদ্ধ মিজো লোকসকলৰ সুৰক্ষা চৰকাৰে নিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে, চৰকাৰৰ পদক্ষেপসমূহত সহযোগিতা আগবঢ়াবলৈ সকলোলৈ আহ্বান৷
  • নাগালেণ্ডঃ ডিমাপুৰত প্ৰযোজ্য যুগ্ম-অযুগ্ম নিয়মাৱলীৰ বাবে প্ৰায় ৭৪৬ বাহনে জৰিমণা ভৰিবলগীয়া হৈছে, ১.৪১লাখ টকাৰ জৰিমণা জমা হৈছে৷
  • ছিক্কিমঃ ব্লেক কেট শাখাৰ জিঅ’চি মেজৰ জেনেৰেল আৰ চি তিৱাৰীৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাত গ্ৰহণ কৰা ভূমিকাৰ বাবে ছিক্কিমৰ ৰাজ্যপালৰ প্ৰশংসা৷

 

ফেক্ট চেক

 



(Release ID: 1623354) Visitor Counter : 236