মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰতিষ্ঠানসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্ন, অভিযোগ আৰু অন্যান্য শৈক্ষিক দিশ নিৰীক্ষণ বিভিন্ন পদক্ষেপ লৈছে ইউজিচিয়ে

Posted On: 11 MAY 2020 12:14PM by PIB Guwahati

বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউডিচি) ২৯ এপ্ৰিল, ২০২০ত ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰৰ নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি বিশ্ববিদ্যালয়সমূহক এই নিৰ্দেশনা গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ বেলিকা সকলো অংশীদাৰ স্বাস্থ্যজনিত দিশটো সৰ্বাধিক গুৰুত্ব দি তেওঁলোকৰ নিৰাপত্তা আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক কাম-কাজৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়সমূহক লগতে শিক্ষাৰ্থীসকলৰ পৰীক্ষা আৰু অন্যান্য শৈক্ষিক কাম-কাজ সম্পৰ্কীয় অভিযোগ চম্ভালি লোৱাৰ বাবে এক কোষ গঠন কৰা তথা সময়মতে জাননীযোগে জনাই থাকিবলৈ কোৱা হৈছে৷

তদুপৰি, শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰতিষ্ঠানসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্ন, অভিযোগ আৰু অন্যান্য শৈক্ষিক দিশ নিৰীক্ষণৰ ক্ষেত্ৰত নিম্নোলিখিত পদক্ষেপসমূহ লৈছে ইউজিচিয়েঃ

 

১৷ এক সমৰ্পিত হেল্প লাইন নম্বৰঃ ০১১-২৩২৩৬৩৭৪ৰ ব্যৱস্থা কৰিছে৷

২৷ এক ই-মেইল covid19help.ugc[at]gmail[dot]com সৃষ্টি কৰিছে৷

৩৷ শিক্ষাৰ্থীসকলে ইউজিচিৰ পূৰ্বৰ অলনাইন শিক্ষাৰ্থী অভিযোগ নিষ্পত্তি প’ৰ্টেল https://www.ugc.ac.in/grievance/student_reg.aspxত তেওঁলোকৰ অভিযোগ দাখিল কৰিব পাৰিব৷

৪৷ ইউজিচিত এক টাস্কফ’ৰ্চ গঠন কৰা হৈছে, যি পৰ্যায়ক্ৰমে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰতিষ্ঠানসমূহৰ অভিযোগ নিষ্পত্তি কৰিব পাৰে৷

সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক তেওঁলোকৰ নিজা ৱেবছাইটত এই ৰাজহুৱা জাননীৰ প্ৰতিলিপি আপলোড কৰাৰ লগতে ই-মেইল বা অন্যান্য ডিজিটেল মিডিয়াৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী সমূদায়ৰ মাজত শ্বেয়াৰ কৰিবলৈ কোৱা হৈছে৷

*****

NB/AKJ/AK/DB



(Release ID: 1623013) Visitor Counter : 233