ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে পৰ্যায়ক্ৰমে আৰম্ভ কৰিব যাত্রীবাহী সেৱা

Posted On: 10 MAY 2020 8:26PM by PIB Guwahati

ভাৰতীয় ৰে’ল অহা ১২ মে’ৰ পৰা পৰ্যায়ক্ৰমে যাত্রীবাহী ৰে’লৰ চলাচল আৰম্ভ কৰিব৷ প্রাৰম্ভিক অৱস্থাত ১৫ যোৰা ৰে’ল(৩০খন অহা-যোৱা) নতুন দিল্লীৰ পৰা বিশেষ ৰে’ল হিচাপে চলোৱা হ’ব৷ এই ৰে’লসমূহ ডিব্রুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচি, ভুৱনেশ্বৰ, ছেকেন্দ্রাবাদ, বাংগালুৰু, চেন্নাই, থিৰুৱন্তপুৰম, মাড়গাঁও, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ আৰু জম্মুৰ তাৱিলৈকে চলিব৷

 

পৰৱর্তী সময়ত ভাৰতীয় ৰে’লে আৰু শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰি নতুন কেতবোৰ পথত ৰে’ল চলাব৷ বর্তমান ২০,০০০ শ্ৰমিকক ক’ভিড-১৯ কেয়াৰ চেণ্টাৰ কৰি ৰখা হৈছে। আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ পঠোৱাৰ বাবে ৩০০খন ৰে’ল প্ৰতিদিনেশ্ৰমিক বিশেষৰে’ল হিচাপে চলোৱা হ’ব৷

এই বিশেষ ৰে’লসমূহৰ টিকট ১১মে’ৰ আবেলি ৪টাৰ পৰা কাটিব পাৰিব৷ আইআৰচিটিচিৰ ৱেবছাইট https://www.irctc.co.in/ ৰ পৰাহে এই টিকট কাটিব পাৰিব৷ ৰে’ল ষ্টেচনসমূহ টিকট কাউণ্টাৰ এতিয়া বন্ধ থাকিব৷ প্লেটফর্ম টিকটকে ধৰি অন্য কোনো টিকট এতিয়াৰে পৰা আৰু বিক্রী নহয়৷ যিসকল যাত্রীৰ বৈধ নিশ্চিত টিকট থাকিব, কেৱল তেওঁলোকেহে ষ্টেচনত সোমাহ পাৰিব৷ যাত্রীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক তথা সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ যিসকল যাত্রীৰ ক’ভিড সংক্ৰমণৰ লক্ষণ নাথাকে, তেওঁলোকেহে ৰে’লত উঠিব পাৰিব৷ এই সকলো ৰে’লৰ সময়সূচীকে ধৰি বাকী তথ্য পাছত পৃথকে জনোৱা হ’ব৷

***

DJN/MKV/DB


(Release ID: 1622999) Visitor Counter : 311