PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
10 MAY 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্য সুবিধাসমূহৰ পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা কৰা হৈছে
দেশত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্য সুবিধাসমূহৰ পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা কৰা হৈছে৷ ১০.০৫.২০২০ তাৰিখ পৰ্যন্ত ৪৮৩খন জিলাত চিকিৎসালয় আৰু অন্যান্য সুবিধাকে ধৰি ৭৭৪০টা স্বাস্থ্য সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷ এই পৰ্যন্ত ১৯,৩৫৭জন লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৩০.৭৬%৷ ক’ভিড-১৯ত আক্ৰান্ত দেশৰ মুঠ নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ৬২,৯৩৯ জন৷ কালিৰে পৰা ৩২৭৭ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷
ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ সাহায্যৰ বাবে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ’ব কেন্দ্ৰীয় দল
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ পৰিঘটনা অধিক বৃদ্ধি হোৱা ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দলটোৱে মহামাৰীৰ ব্যৱস্থাপনা সন্দৰ্ভত ৰাজ্যসমূহক সাহায্য প্ৰদান কৰিব৷
ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ খতিয়ান ল’বলৈ মুখ্য সচিব আৰু স্বাস্থ্য সচিবসকলৰ সৈতে কেবিনেট সচিবৰ বৈঠক
কেবিনেট সচিবে ৰাজ্য চৰকাৰক অধিক পৰিমাণে শ্ৰমিক বিশেষ ৰে’ল চলাচল কৰোৱাত সহায় কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ৰাজ্যসমূহে চিকিৎসক, নাৰ্চ আৰু পেৰামেডিক কৰ্মীসকলৰ চলাচলত কোনো ধৰণৰ বাধাৰ সৃষ্টি নোহোৱাটো নিশ্চিত কৰিব লাগে৷
অধিক বিৱৰণৰ বাবে
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১১ মে’ ২০২০ তাৰিখে দুপৰীয়া ৩ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে পঞ্চমখন বৈঠকত অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰত এইদৰে প্ৰকাশ কৰা হয়৷
ভাৰতীয় ৰে’ল বিভাগে ৯ মে’, ২০২০ লৈকে (১৪৩০ ঘন্টাত) সমগ্ৰ দেশজুৰি ২৮৩ খন ‘শ্ৰমিক বিশেষ’ ৰে’লগাড়ীৰ চলাচল কৰাইছে
এই ২৮৩ খন ৰে’লগাড়ীৰ ২ খন অন্ধ্ৰ প্ৰদেশৰ পৰা, ৯০ খন বিহাৰৰপৰা, ১খন হিমাচল প্ৰদেশৰপৰা, ১৬ খন ঝাৰখণ্ডৰপৰা, ২১ খন মধ্য প্ৰদেশৰপৰা, ৩ খন মহাৰাষ্ট্ৰৰপৰা, ২১ খন ঊড়িষ্যাৰপৰা, ৪ খন ৰাজস্থানৰপৰা, ২ খন তেলেঙ্গানাৰপৰা, ১২১ খন উত্তৰ প্ৰদেশৰ পৰা আৰু ২ খন পশ্চিমবঙ্গৰপৰা চলাচল কৰিছে। এই ৰে’লগাড়ীসমূহে প্ৰয়াগৰাজ, চাপড়া, বালিয়া, গয়া, পুৰ্ণিয়া, বাৰানসী, ডৰভাঙ্গা, গোৰখপুৰ, লক্ষ্ণৌ, জউনপুৰ, হাটীয়া, বস্তি, কাটিহাৰ, দানাপুৰ, মুজাফৰপুৰ, সাহাৰ্চা আদিলৈ যাত্ৰী কঢ়িয়াইছে৷
অধিক বিৱৰণৰ বাবে
চিবিএছই পৰীক্ষাৰ উত্তৰবহী মূল্যায়নৰ বাবে চিবিএছই অনুমোদিত ৩০০০খন বিদ্যালয়ক অনুমতি প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে
গৃহ মন্ত্ৰালয়ে এই অনুমতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কৃতজ্ঞতা জনাইছে৷ পৰীক্ষাৰ উত্তৰবহী মূল্যায়নৰ বাবে ৩০০০খন বিদ্যালয় নিৰ্বাচিত কৰাৰ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
অধিক বিৱৰণৰ বাবে
আইন মন্ত্ৰীয়ে এটৰ্নী জেনেৰেল, ছ’লিচিটৰ জেনেৰেল আৰু ভাৰত চৰকাৰৰ সকলো আইন বিষয়াৰ সৈতে বৈঠকত মিলিত হয়
আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে আইন বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যাহ্বানৰ এই সময়ছোৱাত অত্যুৎসাহী পিআইএলসমূহ পৰিহাৰ কৰা উচিত৷
মিছন সাগৰ- ১০ মে’ ২০২০
ক’ভিড-১৯ মহামাৰীৰ মাজতে ভাৰত চৰকাৰৰ পদক্ষেপ হিচাপে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে মালদ্বীপ, মৰিছাছ, ছিছিলিছ, মাডাগাস্কাৰ আৰু কম’ৰ’ছলৈ খাদ্য-সামগ্ৰী, ক’ভিড সম্পৰ্কীয় ঔষধ, হাইড্ৰ’ক্সিক্ল’ৰ’কুইন টেবলেট, চিকিৎসা সাহায্য দলৰ সৈতে বিশেষ আয়ুৰ্বেদিক ঔষধ লৈ ৰাওনা হৈছে৷ এই যাত্ৰাৰ নাম দিয়া হৈছে ‘মিছন সাগৰ’৷ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ উক্ত দেশসমূহৰ সৈতে সু-সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে৷
খুচুৰা ব্যৱসায়ী, ভৱন আৰু নিৰ্মাণ-পেছাদাৰসকলে এমএছএমই-ৰ স্বীকৃতি বিচাৰি জনোৱা আবেদন পৰীক্ষা কৰা হ’ব : শ্ৰী গাডকাৰী
ভাৰতৰ খুচুৰা ব্যৱসায়ী সংস্থা, অনুশীনৰত অভিযন্তা, স্থপতিবিদ আৰু চহৰ পৰিকল্পক সংস্থা(ভাৰত)-ই খুচুৰা ব্যৱসায়ী, ভৱন আৰু নিৰ্মাণ-পেছাদাৰ প্ৰতিস্থানসমূহক ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিস্থান(এমএছএমই) হিচাপে স্বীকৃতি বিচৰি জনোৱা আবেদন খৰতকীয়া ভাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিস্থান, স্থলপথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাডকাৰীয়ে।
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ লকডাউনৰ মাজতো এপ্ৰিল ২০২০ত নেচনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডৰ বিক্ৰী ৭১%লৈ বৃদ্ধি হৈছে
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- হিমাচল প্ৰদেশঃ ৰাজ্য চৰকাৰৰ অনুৰোধত গোৱাত আৱদ্ধ হৈ থকা হিমাচল প্ৰদেশৰ লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিছে বিশেষ ৰে’লৰ৷
- পাঞ্জাৱঃ পাঞ্জাৱ বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰি-ব’ৰ্ড পৰীক্ষাৰ ফলাফলৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া হ’ব৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ মতে গ্ৰহণ কৰা হ’ব৷
- হাৰিয়ানাঃ দিব্যাংগসকলৰ সুৰক্ষাৰ বাবে তথা ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰা তেওঁলোকক ৰক্ষা কৰিবলৈ হাৰিয়ানা চৰকাৰে মুকলি কৰিছে নিৰ্দেশনাৱলী৷
- মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২০,২২৮ সংখ্যালৈ বৃদ্ধি পাইছে৷
- গুজৰাটঃ ৰাজ্যখনত এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৭৭৪৭ জন আৰু মৃত্যুৰ সংখ্যা হৈছে ৪৫২টা৷
- ৰাজস্থানঃ আজি ৩৩জন লোক ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷ এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৭৪১ জন৷ ২১৭৬ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ১৯১৭ জন লোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷
- মধ্য প্ৰদেশঃ ২৭৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৬১৪ জন৷ ইয়াৰে ১৬৭৬ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ২১৫ জনৰ মৃত্যু হৈছে৷
- গোৱাঃ কাৰখানা আইন ১৯৪৮ৰ অধীনত শ্ৰমিক আইনত শিথিলতা প্ৰদান কৰা ৰাজ্যসমূহৰ ভিতৰত গোৱা অন্যতম হিচাপে বিবেচিত হৈছে৷
- কেৰালাঃ কালিৰে পৰা তামিলনাডুৰ ৱালায়াৰ সীমাত আৱদ্ধ হৈ থকা লোকৰ বাবে ই-পাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কেৰালাৰ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে৷
- তামিলনাডুঃ কালিলৈকে ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৬৫৩৫ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৪৬৬৪ জন, মৃত্যু ৪৪, মুকলি কৰি দিয়া হৈছে ১৮২৪ জনক৷
- কৰ্ণাটকঃ চাৰিখন শ্ৰমিক বিশেষ ৰে’ল উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডলৈ ৰাওনা হৈছে৷ ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৮৪৭ জন৷
- অন্ধ্ৰ প্ৰদেশঃ মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১৯৮০ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১০১০ জন, আৰোগ্য হৈছে ৯২৫ জন আৰু মৃত্যু হৈছে ৪৫ জনৰ৷
- তেলেংগানাঃ মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১১৬৩ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৮৩ জন, মুকলি কৰি দিয়া হৈছে ৭৫১ জন, মৃত্যু হৈছে ৩০ জনৰ৷
- অসমঃ ক’ভিড-১৯ৰ বাবে অসম সামাজিক নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত চলিত কাৰ্যাৱলীসমূহৰ খতিয়ান ল’বলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে৷
- মণিপুৰঃ আৱদ্ধ হৈ থকা মণিপুৰী লোকসকলক লৈ আজি সন্ধিয়া চেন্নাইৰ পৰা জিৰিবামলৈ যাত্ৰা কৰিব বিশেষ ৰে’লে৷ বহিঃৰাজ্যফেৰৎসকলৰ বাবে ব্যৱস্থা কৰা হৈছে কোৱাৰেণ্টাইন ব্যৱস্থাৰ৷
- মিজোৰামঃ ক’ভিড-১৯ অধ্যাদেশ ২০২০ৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ অধীনত ১৩২৩ উলংঘাকাৰী লোকক জৰিমণা বিহা হৈছে৷
- নাগালেণ্ডঃ নাগালেণ্ডত পৰ্যাপ্ত পৰিমাণে মজুত আছে খাদ্য-সম্ভাৰ আৰু ঔষধ৷ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা বাণিজ্যিক বাহনত আৰোপ কৰা হোৱা নাই কোনো নিষেধাজ্ঞা৷ ১১ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ পুৱা ৬ বজাৰ পৰা পুৱা ৯ বজালৈ হাৰ্ডৱেৰৰ দোকানসমূহ খুলিবলৈ জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে৷
ফেক্ট চেক


(Release ID: 1622786)
Visitor Counter : 225
Read this release in:
Punjabi
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam