স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰবন্ধনত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় দল

Posted On: 09 MAY 2020 9:04PM by PIB Guwahati

ভিড-১৯ আক্ৰান্তৰ সংখ্যাধিক্যতা আৰু ক্ৰমবৰ্দ্ধমান ভিৰৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰিক ভাবে ইয়াৰ প্ৰবন্ধনত সহযোগিতা আগবঢ়াব পৰাকৈ ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। এই দলকেইটাই ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগে অব্যাহত ৰখা কভিড-১৯ বিৰোধী কাৰ্যক্ৰমত বিশেষজ্ঞ পৰামৰ্শদানৰে সহযোগিতা আগবঢ়াব।

এই দলসমূহত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ একোজন জ্যেষ্ঠ বিষয়া, একোগৰাকীকৈ যুটীয়া সচিব পৰ্যায়ৰ নডেল বিষয়া আৰু একোজনকৈ জন-স্বাস্থ্য বিশেষজ্ঞ থাকিব। সংশ্লিষ্ট ৰাজ্যসমূহৰ জিলা কিম্বা মহানৰীসমূহৰ কভিড-১৯ সংক্ৰমিত এলেকাসমূহত ৰাজ্যচৰকাৰৰ স্বাস্থ্য বিভাগসমূহে ৰূপায়ণ কৰা সামগ্ৰিক ব্যৱস্থাপনাত এই দলসমূহে সহযোগিতা আগবঢ়াব। সদ্যহতে এনে দল প্ৰেৰণ কৰা ৰাজ্যকেইখন হল--

1. গুজৰাট

2. তামিল নাডু

3. উত্তৰ প্ৰদেশ

4. দিল্লী

5. ৰাজস্থান

6. মধ্য প্ৰদেশ

7. পাঞ্জাৱ

8. পশ্চিম বংগ

9. অন্ধ্ৰ প্ৰদেশ

10.তেলেংগাণা

উল্লেখ্য যে কভিড-১৯ৰ সংক্ৰমণে অধিকভাবে প্ৰভাৱিত কৰা জিলাসমূহলৈ ইতিমধ্যেই এনে ২০টা দল প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছিল। শেহতীয়া ভাবে এটা উচ্চ পৰ্য়ায়ৰ বিশেষজ্ঞ দল মুম্বাইলৈও প্ৰেৰণ কৰা হৈছে।

*****

MV/SG/KB



(Release ID: 1622714) Visitor Counter : 183