প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ক’ভিড-১৯ৰ প্ৰতিৰোধ সন্দৰ্ভত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে কথা পাতে

Posted On: 08 MAY 2020 5:58PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান টাৰো ক’নোৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে উভয় দেশৰ প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে৷ শ্ৰী ৰাজনাথ সিঙে ক’ভিড-১৯ৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টালৈ ভাৰতৰ অৱদানৰ কথা শ্ৰীমান ক’নোক জানিবলৈ দিয়ে আৰু এই মহামাৰীৰ বিৰুদ্ধে গোলকীয় যুঁজত পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰসমূহ পৰ্যালোচনা কৰে৷ তেওঁলোক সহমতত উপনীত হয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বই উভয় দেশকে আন ৰাষ্ট্ৰৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰাৰ এক সুস্থ পৰিৱেশ প্ৰদান কৰে৷

ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ ফ্ৰেমৱৰ্কৰ অধীনত দ্বিপাক্ষিক সুৰক্ষা সহযোগিতাৰ পদক্ষেপক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে সহমত প্ৰকাশ কৰে৷

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/MS



(Release ID: 1622622) Visitor Counter : 156