গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত সমগ্ৰ দেশৰ ৮০ কোটি মানুহৰ বাবে বিনামূলীয়া খাদ্যশস্য আৰু মাহজাতীয় শস্য যোগানৰ কাম দ্ৰুতগতিত চলি আছে

আগৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় খাদ্য নিগমে ৭৪ লাখ মেট্ৰিকটন খাদ্য শস্য কঢ়িয়াই নিয়া ২৬৪১ খন ৰেকত সামগ্ৰী উঠাইছে, শ্ৰী ৰাম বিলাস পাছোৱানে কয়

মন্ত্ৰীগৰাকীয়ে কয় যে নাফেডে তিনিমাহৰ বাবে প্ৰায় ১৯.৫০ কোটি পৰিয়াললৈ বিনামূলীয়া মাহজাতীয় শস্য আগবঢ়োৱাৰ অভিযান আৰম্ভ কৰিছে

খাদ্য শস্যৰ নাটনি হোৱা নাই; যথানিয়মত ক্ৰয় প্ৰক্ৰিয়া চলি আছেঃ শ্ৰী পাছোৱান

Posted On: 08 MAY 2020 5:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া খাদ্যশস্যৰ যোগান

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত সকলো ৰাজ্যই যাতে প্ৰয়োজন অনুপাতে বিনামূলীয়া খাদ্যশস্যৰ বিতৰণ কৰিব পৰাকৈ যোগান পায়, সেই কথা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰ চৰকাৰে সকলোধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে কয় যে ভাৰতীয় খাদ্য নিগমে প্ৰায় ৭৩.৯৫ লাখ মেট্ৰিকটন খাদ্য শস্য (৫৫.৩৮ লাখ মেট্ৰিকটন চাউল আৰু ১৮.৫৭ লাখ মেট্ৰিকটন ঘেঁহু) কঢ়িয়াই নিয়া ২৬৪১ খন ৰেকত সামগ্ৰী উঠাইছে। ২৪.০৩.২০২০ তাৰিখৰ পৰা ০৮.০৫.২০২০ তাৰিখলৈকে কঢ়িওৱা এই খাদ্য সামগ্ৰীৰ ওজনে আগৰ সকলো অভিলেখ ভংগ কৰিছে।  

https://static.pib.gov.in/WriteReadData/userfiles/image/image001DN5M.jpg

তেওঁ কয় যে ২১ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত এপ্ৰিল মাহৰ বাবে বিতৰণৰ কাম ৯০% সম্পাদন কৰিছে। তেওঁ কয় যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ মধ্য প্ৰদেশ, ঊড়িষ্যা, পুডুচেৰী, হিমাচল প্ৰদেশ আদিয়ে প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত একেবাৰতে দুমাহৰ বাবে খাদ্য শস্য বিতৰণ কৰিছে।  

মন্ত্ৰীগৰাকীয়ে কয় যে ২০ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ৬ কোটি বিশেষ এছ এম এছ প্ৰেৰণ কৰা হৈছে যাতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা লোকসকলে এই অতিৰিক্ত সুবিধাৰ কথা গম পায়।

ভিড-১৯ এ সৃষ্টি কৰা অৰ্থনৈতিক অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনাগত তিনিমাহৰ বাবে চৰকাৰে এই ব্যৱস্থা হাতত লৈছে।

একেদৰে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওঁতাত থকা সমগ্ৰ দেশৰ ৮০ কোটি হিতাধিকাৰীৰ বাবে এপ্ৰিলৰ পৰা জুনলৈকে তিনিমাহৰ বাবে বিনামূলীয়া খাদ্যশস্য আৰু মাহজাতীয় শস্য যোগানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত মাহজাতীয় শস্যৰ বিতৰণ

শ্ৰী ৰাম বিলাস পাছোৱানে কয় যে খাদ্য শস্যৰ উপৰিও অনাগত তিনিমাহৰ বাবে দেশৰ প্ৰায় ১৯.৫০ কোটি পৰিয়াললৈ বিনামূলীয়া মাহজাতীয় শস্য আগবঢ়োৱাৰ অভিযান আৰম্ভ কৰিছে। তেওঁ কয় যে, গ্ৰাহক পৰিক্ৰমা বিভাগে এই বিশাল কামটো সম্পাদন কৰি আছে। এই আঁচনিৰ বাবে ১৬৫ টা নাফেডৰ গোদামত জমা হৈ থকা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি দিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে ২১ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৫১,১০৫ লাখ মেট্ৰিকটন মাহজাতীয় শস্য বিতৰণ কৰা হৈছে। তেওঁ কয় যে ৰাজ্যসমূহৰপৰা মাহজাতীয় শস্যৰ প্ৰয়োজনীয়তাৰ বিতং বিৱৰণ দেৰীকৈ লাভ কৰা বাবে আৰু লকডাউনৰ বাবে কোনো কোনো ৰাজ্যত পঠিয়াবলৈ অসুবিধা হোৱা বাবে মাহজাতীয় শস্যৰ বিতৰণ পলম হৈছে। অৰুণাচল প্ৰদেশৰ বিজয়ানগৰ আৰু লাডাখলৈ আকাশীযানেৰে মাহজাতীয় শস্যৰ যাগান ধৰা হৈছে। তদুপৰি উত্তৰ প্ৰদেশৰদৰে কিছুমান ৰাজ্যই সামাজিক সংস্পৰ্শ কম কৰাৰ বাবে খাদ্য শস্যৰ লগতে মাহজাতীয় শস্যৰ বিতৰণৰ সিদ্ধান্ত লোৱা বাবেও এই ক্ষেত্ৰত কিছু পলম হৈছে।

১৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল এক দেশ এক ৰেচন কাৰ্ডআঁচনিৰ অন্তৰ্ভুক্ত

শ্ৰী ৰাম বিলাস পাছোৱানে কয় যে পাঁচখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাৱ, হিমাচল প্ৰদেশ দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ নতুনকৈ এক দেশ এক ৰেচন কাৰ্ডআঁচনিৰ অন্তৰ্ভুক্ত হৈছে। আগৰেপৰা এক দেশ এক ৰেচন কাৰ্ডআঁচনিৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহ আছিল – অন্ধ্ৰ প্ৰদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কেৰেলা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তেলেঙ্গানা আৰু ত্ৰিপুৰা।

ভাৰতীয় খাদ্য নিগমৰদ্বাৰা যথানিয়মত খাদ্য শস্য ক্ৰয় প্ৰক্ৰিয়া চলি আছে

শ্ৰী ৰাম বিলাস পাছোৱানে কয় যে চাহিদা অনুসৰি খাদ্য শস্যৰ নাটনি হোৱা নাই আৰু যথানিয়মত ক্ৰয় প্ৰক্ৰিয়া চলি আছে। ২০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বিপণনৰ বতৰত ০৮.০৫.২০২০ তাৰিখলৈকে মুঠ ২২৬.৮৫ লাখ মেট্ৰিকটন ঘেঁহু ক্ৰয় কৰা হৈছে। চাউল আৰু ঘেঁহু ক্ৰয়ৰ প্ৰক্ৰিয়া সাধাৰণতে ১ এপ্ৰিলত অনুষ্ঠিত হয় যদিও এইবাৰ ভিড-১৯ ৰ বাবে ১৫ এপ্ৰিলত অনুষ্ঠিত হয়। কৃষকৰ সুবিধা হোৱাকৈ সামাজিক দূৰত্ব আৰু ব্যক্তিগত স্বচ্ছতা বজাই ৰাখি ৰাজ্যসমূহক ক্ৰয় প্ৰক্ৰিয়া চলাই নিবলৈ অনুৰোধ কৰা হৈছে।

শ্ৰী ৰাম বিলাস পাছোৱানে কয় যে ভিড-১৯ ৰ বাবে হোৱা লকডাউনে সৃষ্টি কৰা বিভিন্ন সমস্যা যেনে জুটৰ বস্তাৰ নাটনি আদি সমাধানৰ বাবে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কৰ্মীবল গঠন কৰি দায়িত্ব অৰ্পণ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002R6DD.jpg

*****

APS/PK/MS/BH/PRK


(Release ID: 1622412)