স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ মোকাবিলাৰ বাবে উত্তৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবঙ্গৰ প্ৰস্তুতি সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বুজ ল’লে ডঃ হৰ্ষবৰ্ধনে

Posted On: 07 MAY 2020 5:39PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনে, আজি উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী জয়প্ৰতাপ সিং আৰু উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী নৱকিশোৰ দাসৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী, শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপৰিও কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবঙ্গৰ উচ্চপদস্থ বিষয়াসকলে ক’ভিড – ১৯ ৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। দেশজুৰি এই মহামাৰীৰ মোকাবিলাত সকলোবোৰ ৰাজ্যৰে ভুমিকাক ড. হৰ্ষবৰ্ধনে প্ৰশংসা কৰে।

দেশত ৭ মে’ পৰ্যন্ত আক্ৰান্তৰ সংখ্যা হৈছে ৫২,৯৫২ জন। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩৫৬১ জন। সুস্থ হৈ ঘৰলৈ উভতি গৈছে ১৫,২৬৬ জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১০৮৪ জন। এইপৰ্যন্ত দেশত এই ভাইৰাছত সংক্ৰমিত হৈ ১৭৮৩ জন লোকৰ মৃত্যু হৈছে। ভাৰতত মৃত্যুৰ হাৰ হৈছে ৩.৩ শতাংশ। সুস্থ হৈ উঠাৰ হাৰ হৈছে ২৮.৮৩ শতাংশ। মন্ত্ৰীগৰাকীয়ে কয়, যিসকল লোকৰ এতিয়া চিকিৎসা চলি আছে, তেওঁলোকৰ ভিতৰত আইচিইউ-ত ৪.৮ শতাংশ, ভেণ্টিলেটৰত ১.১. শতাংশ, আৰু অক্সিজেনৰ সহায়ত ৩.৩ শতাংশ ৰোগী আছে। প্ৰতিদিনে ৩২৭ টা চৰকাৰী পৰীক্ষাগাৰত আৰু ১১৮ টা বেচৰকাৰী পৰীক্ষাগাৰত ৯৫,০০০ টা নমুনা পৰীক্ষা কৰা হৈছে। এইপৰ্যন্ত মুঠ ১৩,৫৭,৪৪২ টা নমুনা পৰীক্ষা কৰা হৈছে।

ড. হৰ্ষবৰ্ধনে জনাইছে, বিগত ৭ দিনত ১৮০ খন জিলাত, ৭ – ১৩ দিনত ১৮০ খন জিলাত, ১৪ – ২০ দিনত ১৬৪ খন জিলাত ২১ – ২৮ দিনত ১৩৬ খন জিলাত নতুন কোনো সংক্ৰমণৰ খবৰ নাই। আন্দামান আৰু নিকোবৰ, অৰুণাচল প্ৰদেশ, ছট্টিশগড়, গোৱা, ঝাড়খণ্ড, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কেৰালা, লাডাখ, মণিপুৰ, মেঘালয় আৰু মিজোৰামত বিগত ২৪ ঘণ্টাত নতুন কোনো সংক্ৰমণৰ খবৰ নাই। দমন আৰু দিউ, ছিকিম, নাগালেণ্ড আৰু লাক্ষাদ্বীপত আজি পৰ্যন্ত কোনো লোক সংক্ৰমিত হোৱা নাই। দেশত ১৩০ খন হটস্পট জিলা, ২৮৪ খন নন-হটস্পট জিলা আৰু ৩১৯খন অসংক্ৰমিত জিলা আছে। মন্ত্ৰীগৰাকীয়ে জনায়, দেশত বৰ্তমান ১,৩২,২১৯ খন আইছ’লেশ্যন বেড আৰু ১৭,৮৪০ খন আইচিইউ বেড সম্বলিত ক’ভিডৰ বাবে নিৰ্দিষ্ট ৮২১ খন হাস্পতাল আছে। ১৮৯৮ খন ক’ভিড স্বাস্থ্যকেন্দ্ৰ আছে। আৰু ৭৫৬৯ খন কোৰেণ্টাইন চেণ্টাৰ আছে।

ড. হৰ্ষবৰ্ধনে লগতে কয়, ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চল আৰু বিভিন্ন কেন্দ্ৰীয় প্ৰতিষ্ঠানত ২৯ লাখ ৬০০০ ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু ৬২ লাখ ৭৭,০০০ এন৯৫ মাস্ক আবণ্টন কৰা হৈছে।

ক’ভিড – ১৯ ৰ ফলত সংক্ৰমিতসকলৰ মৃত্যুৰ হাৰ যাতে কম হয়, মন্ত্ৰীগৰাকীয়ে তাৰ বাবে সকলো ৰাজ্যকে তীক্ষ্ণ তদাৰকী ব্যৱস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে। ছেভিয়াৰ একিউট ৰেস্পিৰেট’ৰি ইনফেকশ্যন আৰু ইনফ্লুয়েঞ্জাৰ দৰে অসুখৰ ক্ষেত্ৰত সকলোকে সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিছে তেওঁ। স্বাস্থ্যকৰ্মীসকল যাতে সংক্ৰমিত নহয়, সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে যথাযথ ব্যৱস্থা গ্ৰহণৰ ওপৰত জোৰ দিয়ে।

দেশৰ ভালেমান ৰাজ্যত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ বাবে স্থানীয় প্ৰশাসনক নমুনা পৰীক্ষা, কোৰেণ্টাইন আৰু সংক্ৰমিতসকলক যথাযথ চিকিৎসা দিয়াৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ক’ভিড – ১৯ ৰ বাদেও অন্যান্য অসুখৰ ক্ষেত্ৰত ৰোগীসকলে যাতে যথাযথ সেৱা লাভ কৰে, সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্ক থকাৰ আহ্বান জনায়। ৰাজ্যসমূহক জনোৱা হৈছে যে ক’ভিড আক্ৰান্ত কোনো ৰোগীৰ কোনো অভিযোগ থাকিলে 1075 আৰু 102 শীৰ্ষক হেল্পলাইনৰ মাধ্যমেৰে তেওঁলোকে ফোন কৰি সেই কথা জনাব পাৰিব। আজি অনুষ্ঠিত এই বৈঠকত উত্তৰপ্ৰদেশ আৰু উৰিষ্যাৰ বিভিন্ন জিলাৰ জিলা প্ৰশাসকসকলৰ উপৰিও কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী প্ৰীতি ছুডান, উৰিষ্যা আৰু উত্তৰপ্ৰদেশৰ স্বাস্থ্য দপ্তৰৰ প্ৰধান সচিব আৰু পশ্চিমবঙ্গৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ড. সৌমিত্ৰ মোহনো উপস্থিত থাকে।

*****

MV/RD



(Release ID: 1622347) Visitor Counter : 183