ৰেল মন্ত্ৰালয়

ৰাজ্যিক কৰ্তৃপক্ষক ক’ভিড কেয়াৰ চেণ্টাৰ প্ৰদানৰ প্ৰস্তুতি ভাৰতীয় ৰে’লৱেৰ

দেশজুৰি ৫,২৩১টা ডবা ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু কৰিছে ৰে’ল মন্ত্ৰালয়ে

২১৫টা ষ্টেচন ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ বাবে চিনাক্ত

২১৫টা ষ্টেচনৰ ৮৫টা ৰে’লৱেই চিকিৎসা সুবিধা প্ৰদান কৰাৰ বিপৰীতে ১৩০টা সংশ্লিষ্ট ৰাজ্যসমূহে নিজৰ চিকিৎসক আৰু চিকিসা সা-সঁজুলিৰ ব্যৱস্থা কৰাৰ বাবে সন্মত হ’লেহে প্ৰদান কৰা হ’ব

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু অন্যান্য প্ৰতিষ্ঠানৰ সৈতে নিৰ্দেশাৱলী প্ৰস্তুত কৰিছে ৰে’ল মন্ত্ৰালয়ে

ভাৰতীয় ৰে’লৱেই ক’ভিড-১৯ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে ২৫০০ চিকিৎসক আৰু ৩৫,০০০ পেৰামেডিকেল ষ্টাফ নিয়োজিত কৰিছে

অগ্ৰণী কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে নিজাকৈ পিপিই উৎপাদন কৰিছে ৰে’লৱেই

Posted On: 07 MAY 2020 3:18PM by PIB Guwahati

ৰে’ল মন্ত্ৰালয়ে ইয়াৰ ৫,২৩১টা ডবা ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰ কৰিলে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এই কেন্দ্ৰসমূহ অতি কম প্ৰভাৱিত ঘটনাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব৷ এই ডবাসমূহ সেইবোৰ ৰাজ্যত ব্যৱহাৰ কৰা হ’ব, য’ত সুবিধা কম তথা ক’ভিডৰ সন্দেহজনক আৰু আক্ৰান্ত লোকক আইচ’লেচনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে৷ ক’ভিড-১৯ বিৰোধী যুঁজত চৰকাৰক সকাহ দিয়াৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৫,২৩১টা ক’ভিড কেয়াৰ চেণ্টাৰ ৰাজ্যসমূহক প্ৰদানৰ প্ৰস্তুতি হাতত লয়৷ মাণ্ডলিক ৰে’লৱেই এই ডবাসমূহ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে৷

২১৫টা ষ্টেচনৰ ভিতৰত ৮৫টা ৰে’লৱেই চিকিসা সুবিধা প্ৰদান কৰাৰ বিপৰীতে ১৩০টা সংশ্লিষ্ট ৰাজ্যসমূহে নিজৰ চিকিসক আৰু চিকিসা সা-সঁজুলিৰ ব্যৱস্থা কৰাৰ বাবে সন্মত হ’লে ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব৷ ইতিমধ্যে ১৫৮টা ষ্টেচনত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰত পানী আৰু চাৰ্জিঙৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷

ইয়াৰ উপৰি ভাৰতীয় ৰে’লৱেই ক’ভিড-১৯ৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে ২,৫০০ চিকিসক আৰু ৩৫,০০০ পেৰামেডিকেল ষ্টাফ নিয়োজিত কৰিছে৷ বিভিন্ন মণ্ডলত সাময়িকভাৱে চিকিসক আৰু পেৰামেডিকেল ষ্টাফ নিযুক্তি দিয়া হৈছে৷ যিকোনো পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰাকৈ ক’ভিড-১৯ ৰোগীৰ চিকিসাৰ বাবে ৰে’লৱে ১৭খন সমৰ্পিত হাস্পতাল আৰু ৩৩ খন ব্লক হাস্পতালত ৫,০০০ বিছনা সাজু কৰা হৈছে৷

 

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰ সমূহে ৰে’লৱেক এই ডবা আৱণ্টন দিয়াৰ বাবে অনুৰোধ জনাব লাগিব৷ তাৰ ভিত্তিতে ৰে’লৱেই সেই ৰে’লখন সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্দিষ্ট ষ্টেচনত স্থাপন কৰাৰ লগতে জিলা উপায়ুক্ত, দণ্ডাধীশ বা এগৰাকী কৰ্তৃত্বশীল ব্যক্তিক দায়িত্ব অৰ্পণ কৰিব৷ অৱশ্যে ৰে’লখন সংস্থাপন কৰাৰ পাছতে পানী, বিদ্যুৎ, মেৰামতি, ৰন্ধন ব্যৱস্থাপনা আৰু নিৰাপত্তা সম্পৰ্কীয় কামবোৰ তত্বাৱধান কৰিব ৰে’লৱেই৷

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ লিংক

Link of Guidelines by Ministry of Health and Family Welfare:

পৰিশিষ্ট ক অনুসৰি ষ্টেচনৰ লিংক

Link of stations as Annexure A:

***

DJN/MKV/DB



(Release ID: 1622110) Visitor Counter : 186