প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰোনাৰ প্ৰতিষেধকৰ বিকাশ, ঔষধৰ আৱিষ্কাৰ, চিকিৎসা আৰু পৰীক্ষণৰ টাস্ক ফ’ৰ্চৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 05 MAY 2020 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি ক’ৰোনাৰ প্ৰতিষেধকৰ বিকাশ, ঔষধৰ আৱিষ্কাৰ, চিকিৎসা আৰু পৰীক্ষণত ভাৰতৰ প্ৰয়াস সন্দৰ্ভত এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে৷ ভাৰতীয় ঔষধ উদ্যোগসমূহ তেওঁলোকৰ গুণগতমান, নিৰ্মাণ সামৰ্থ আৰু বিশ্বজনীন উপস্থিতিৰ বাবে খ্যাত৷ ঠিক সেইদৰে ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান আৰু ষ্টাৰ্ট-আপসমূহেও এই ক্ষেত্ৰত নিজৰ উপস্থিতি জাহিৰ কৰিছে৷ ক’ৰোনাৰ প্ৰতিষেধক বিকাশত প্ৰায় ৩০টাত কৈও অধিক ভাৰতীয় প্ৰতিষেধক ফৰ্মুলেচন বিকাশৰ বিভিন্ন পৰ্যায়ত আছে আৰু ইয়াৰে কিছুমান ট্ৰায়েল পৰ্যায়ত আছে৷

ঠিক সেইদৰে ঔষধৰ বিকাশতো তিনিটা পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ প্ৰথমতে বিদ্যমান ঔষধসমূহক নতুনকৈ বিকশিত কৰা হৈছে৷ দ্বিতীয়তে গৱেষণাগাৰ বৈধতাকৰণৰ সৈতে উচ্চ দক্ষতাসম্পন্ন কম্পিউটেচনেল দৃষ্টিকোণৰ সৈতে ঔষধ আৰু অণুসমূহৰ সংযোগীকৰণৰ কৰা হৈছে৷ তৃতীয়তে উদ্ভিদৰ নিৰ্যাস আৰু সামগ্ৰীসমূহৰ সাধাৰণ এণ্টি-ভাইৰেল গুণাগুণ পৰীক্ষণ কৰা হৈছে৷

চিকিৎসা আৰু পৰীক্ষণৰ ক্ষেত্ৰত বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান তথা ষ্টাৰ্ট-আপসমূহে আৰটি-পিচিআৰ আৰু এণ্টিব’ডী চিনাক্তকৰণ, এই দুয়োটা বিষয়তে নতুন পৰীক্ষণ বিকশিত কৰিছে৷ তাৰোপৰি দেশৰ মুখ্য গৱেষণাগাৰসমূহত সংযুক্ত কৰি এই ধৰণৰ পৰীক্ষাৰ সামৰ্থও বৃদ্ধি কৰা হৈছে৷ বিক্ৰিয়কসমূহৰ আমদানিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহ চোৱা-চিতা কৰি আছে ভাৰতীয় ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহৰ সংঘই৷

প্ৰধানমন্ত্ৰীয়ে কৰা পুনৰীক্ষণত শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ সন্মিলিন প্ৰচেষ্টাত দ্ৰুত কিন্তু দক্ষতাপূৰ্ণ নিয়ামক প্ৰক্ৰিয়াৰ দ্বাৰা অতুলনীয় ফলাফল ওলোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷ এই সমন্বয় আৰু দ্ৰুতশীলতাসমূহ মানসম্পন্ন কাৰ্যকৰী প্ৰণালীৰ দ্বাৰা অনুবিদ্ধ হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰে৷

ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞান, ৰসায়ন আৰু জৈৱ প্ৰযুক্তিৰ সন্মিনলক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰি এই বিষয়ত এক হেকাথনৰ আয়োজন হোৱাটো আৱশ্যক বুলি পৰামৰ্শ প্ৰদান কৰে৷ হেকাথনৰ সফল প্ৰাৰ্থীক ষ্টাৰ্ট-আপসমূহে পৰৱৰ্তী বিকাশ আৰু উন্নয়নৰ বাবে অধিগ্ৰহণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰাথমিক বিজ্ঞানৰ পৰা ব্যৱহাৰিক বিজ্ঞানলৈ উদ্ভাৱনীমূলক আৰু প্ৰকৃত পদ্ধতিয়ে উদ্যোগমহলক আশ্বস্ত কৰি তুলিছে৷ ইয়াৰ জৰিয়তে আমি বিশ্বত বিজ্ঞানৰ ক্ষেত্ৰত অনুসৰণকাৰী নহৈ শ্ৰেষ্ঠতম হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিম৷   

***

VRRK/KP/MANN



(Release ID: 1621670) Visitor Counter : 224