PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 MAY 2020 6:22PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ১২,৭২৬ জন লোক আৰোগ্য হৈছে৷ আৰোগ্য হাৰ ২৭.৪১%৷ এই পৰ্যন্ত মুঠ নিশ্চিত ক’ভিড পজিটিভৰ সংখ্যা হ’ল ৪৬,৪৩৩৷ কালিৰে পৰা ভাৰতত ৩,৯০০ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷ কালি ১৯৫জন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে এই পৰ্যন্ত মৃত্যুৰ সংখ্যা হ’ল ১৫৬৮ জন৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা সৰ্বাধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক কাৰ্যকৰী অনুসৰণ, সক্ৰিয় আক্ৰান্তক সন্ধান আৰু চিকিৎসাগত ব্যৱস্থাপনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে 

মন্ত্ৰীমণ্ডলৰ গোটে ক’ভিড-১৯ৰ ব্যৱস্থাপনা, প্ৰস্তুতি আৰু শেহতীয়া স্থিতি পুনৰীক্ষণ কৰে

মন্ত্ৰীমণ্ডলৰ গোটে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ আজি খতিয়ান লয়৷ দেশত পৰ্যাপ্ত পৰিমাণে পিপিই, মাস্ক, ভেণ্টিলেটৰ, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ আছে বুলি মন্ত্ৰীমণ্ডলক অৱগত কৰোৱা হয়৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে এনএএম কণ্টেক্ট গ্ৰুপৰ অনলাইন সন্মিলনত অংশগ্ৰহণ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ মে’ ২০২০ তাৰিখে গোষ্ঠী নিৰপেক্ষ আন্দোলন (এনএএম)সম্পৰ্ক গোটৰ অনলাইন সন্মিলনত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সন্দৰ্ভত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সম্পৰ্ক গোটৰ ভিডিঅ’ কনফাৰেন্সৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

‘‘কেইবা দশকৰ পিছত আজি মানৱতাই অতিশয় সংকটময় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই মুহূৰ্তত বিশ্বজনীন ঐক্যৱদ্ধতা বৰ্তাই ৰখাত সংযুক্ত আন্দোলনে সহায় কৰিব পাৰে৷ এনএএম প্ৰায়েই বিশ্বৰ নৈতিক কণ্ঠস্বৰ হিচাপে বিবেচিত হৈ আহিছে৷ এই ভূমিকা বৰ্তাই ৰাখিবলৈ এনএএম সমন্বিত হৈ থকাটো আৱশ্যক৷ আজিৰ বিশ্বক প্ৰতিনিধিত্ব কৰিব পৰা এক আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ আৱশ্যক হ’ব৷ আমি কেৱল অৰ্থনৈতিক উত্তৰণেই নহয় বৰঞ্চ মানৱ কল্যাণৰো উত্তৰণৰ কৰিব লাগিব৷’’

অধিক বিৱৰণৰ বাবে

ৱেবিনাৰৰ জৰিয়তে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ

বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্থগিত প্ৰৱেশ পৰীক্ষাসমূহৰ তাৰিখসমূহ ঘোষণা কৰে৷ তেওঁ কয় যে ২৬ জুলাই ২০২০ তাৰিখে নীটৰ পৰীক্ষা অনুষ্ঠিত ব৷ ১৮, ২০, ২১, ২২ আৰু ২৩ জুলাই ২০২০ তাৰিখে জেইই মেইন পৰীক্ষা অনুষ্ঠিত ব৷ আনহাতে আগষ্টত জেইই (এডভান্সড)অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ অতি শীঘ্ৰেই ইউজিচি নেট ২০২০ আৰু চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিষয়ে ঘোষণা কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ ২০২০-২১ৰ শৈক্ষিক বৰ্ষত এনআইটি, আইআইটি আৰু আইআইআইটিসমূহৰ মাচুল বৃদ্ধিক লৈ কৰা এটা প্ৰশ্নৰ উত্তৰণ মন্ত্ৰীগৰাকীয়ে উক্ত শৈক্ষিক বৰ্ষটোত কোনো ধৰণৰ মাচুল বৃদ্ধি কৰা নহ’ব বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সুবিধা হোৱাকৈ হোৱাটছএপ আৰু ইমেইলযোগে অৰ্ডাৰ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহে

দেশৰ ৭২৬খন জিলাৰ ৬৩০০ত কৈও অধিক পিএমবিজেকেসমূহে ব্যয়সাধ্য মূল্যত গুণগতমানৰ ঔষধৰ যোগান ধৰি আছে৷ এই ঔষধসমূহৰ গড়ে ৫০%ৰ পৰা ৯০% পৰ্যন্ত মূল্য নিম্ন হয়৷

অধিক বিৱৰণৰ বাবে

পেঞ্চনাৰসকললৈ ৭৬৪ কোটি টকা মোকলাই দিলে ইপিএফঅ’য়ে

সমগ্ৰ দেশতে পেঞ্চনাৰসকলৰ সুবিধা হোৱাকৈ ইপিএফঅ’ৰ বিষয়া তথা কৰ্মচাৰীসকলে যুদ্ধকালীন গতিত ৭৬৪ কোটি টকা পেঞ্চনৰ ন’ডেল শাখাসমূহলৈ প্ৰেৰণ কৰিছে৷ বেংকৰ শাখাসমূহক পেঞ্চনাৰসকললৈ পেঞ্চন মুকলি নিশ্চিতিৰ বাবে নিৰ্দেশ দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এনচিচিৰ অৱদানৰ খতিয়ান ল’লে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

শ্ৰী ৰাজনাথ সিঙে আজি ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এনচিচিয়ে আগবঢ়োৱা অৱদানৰ পুনৰীক্ষণ কৰে৷ উল্লেখ্য, এনচিচি কেডেটসকল অত্যাৱশ্যকীয় সামগ্ৰী, চিকিৎসা সামগ্ৰীৰ যোগানৰ পৰা আৰম্ভ কৰি ট্ৰেফিক কৰ্তব্য আদিৰ পালনতো অৱদান আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

২৮ খন ৰাজ্য আৰু ৯ খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৩০ মাৰ্চৰ পৰা ৪ মে’ ২০২০ তাৰিখলৈ ডিএআৰপিজিৰ ক’ভিড-১৯ৰ ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ প্ৰতিবেদনৰ খতিয়ান ল’লে ড জিতেন্দ্ৰ সিঙে

এই সময়ছোৱাত ডিএআৰপিজিৰ ৰাষ্ট্ৰীয় ক’ভিড-১৯ ৰাজহুৱা অভিযোগ শাখাই ৫২,৩২৭টা অভিযোগ নিষ্পত্তি কৰিছে য’ত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহে ৪১,৬২৬টা অভিযোগ নিবাৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু বেচৰকাৰী বিমান সংস্থাবোৰৰ ৪৪৩ খন জড়িত হৈ আছে বিমান লাইফলাইন উড়ান সেৱাত

লাইফলাইন উড়ান সেৱাৰ কামত জড়িত হৈ আছে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু বেচৰকাৰী সংস্থাৰ ৪৪৩ খন বিমান। ইয়াৰ ভিতৰত ২৬৫খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰ। আজি পর্যন্ত এই সেৱাৰ মাধ্যমেৰে ,৩৪,৫৩১ কিলোমিটাৰ আকাশীপথ অতিক্ৰম কৰি এই মালবাহী বিমানকেইখনে ৮২১.০৭ টন পণ্য সামগ্ৰী কঢ়িয়াইছে৷

অধিক বিৱৰণৰ বাবে

আমদানিৰ বিকল্প নীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছেঃ শ্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত নতুন অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমদানিৰ বিকল্প নীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়ে এখন কৃষিভিত্তিক এম এচ এম নীতি প্ৰস্তুত কৰি আছেঃ শ্ৰী নীতিন গাডকাৰী

মন্ত্ৰীগৰাকীয়ে দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছ ঘাইপথৰ লগতে সমান্তৰালভাৱে ঔদ্যোগিক খণ্ড আৰু লজিষ্টিক পাৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে৷ তেওঁ উল্লেখ কৰে যে চীনৰ পৰা বিনিয়োগ ঘূৰাই আনি আন দেশত বিনিয়োগ কৰা জাপানী উদ্যোগসমূহক জাপানৰ চৰকাৰে বিশেষ সাহাৰ্য আগবঢ়াইছে। ভাৰতে এই সুবিধা গ্ৰহণ কৰিব পাৰে। লগতে তেওঁ দিল্লী-মুম্বাই গ্ৰীণ এক্সপ্ৰেছ ঘাইপথৰ লগতে সমান্তৰালভাৱে আধুনিক আৰু প্ৰযুক্তিগত ঔদ্যোগিক খণ্ড আৰু লজিষ্টিক পাৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।

অধিক বিৱৰণৰ বাবে

শীতলীকৰণ প্ৰকল্প-শৃংখলৰ উত্তৰকসকলৰ সৈতে শ্ৰীমতী হৰচিমৰৎ কৌৰ বাদলৰ ভিডিঅকনফাৰেন্স

সভাত মন্ত্ৰীগৰাকীয়ে, কভিড-১৯ সৃষ্ট পৰিস্থিতিত খাদ্য-সামগ্ৰীৰ যোগান-শৃংখলে সন্মুখীন হবলগীয়া হোৱা সমস্যাৰ পৰা সকাহ পোৱাৰ বাবে সংহত শীতলীকৰণ-শৃংখল ব্যৱস্থাপনাৰ সুবিধা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। সভাত, কেঁচামালৰ পৰ্যাপ্ততা আৰু ইয়াৰ চৰা দাম, কাৰ্যক্ৰম পৰিচালনাৰ ক্ষেত্ৰত লকডাউনে সৃষ্টি কৰা সমস্যা, শ্ৰমিক আৰু যোগান-ব্যৱস্থাপনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা, যাৱতীয় যা-জোগাৰত ব্যয় বৃদ্ধি আৰু কৃষকসকলক থলীতে ধন আদায় দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা নগদ ধনৰ নাটনিৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

মননশীল বিজ্ঞানৰ ক্ষেত্ৰত ডিএছটিয়ে কিদৰে দ্ৰুতগতিত এক স্থপতিবিদ হিচাপত গঢ় লৈ উঠিছে সেয়া ক’ভিড-১৯ৰ সংকটে প্ৰদৰ্শিত কৰিছেঃ অধ্যাপক আশুতোষ শৰ্মা

অধিক বিৱৰণৰ বাবে

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ বাপুধাম ক’লনী, ছেক্টৰ ৩০-বি আৰু অন্যান্য নিয়ন্ত্ৰিত মণ্ডলসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জ্যেষ্ঠ বিষয়াসকলক চণ্ডীগড় প্ৰশাসনৰ নিৰ্দেশ৷
  • পাঞ্জাৱঃ ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰিছে পৰামৰ্শৱলী৷
  • হাৰিয়ানাঃ আয়ুষ বিভাগে আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী অনুসাৰে ক’ৰোনা যোদ্ধাসকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে ঔষধ বিতৰণ কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে আৰ্ট অব্ লিভিঙে বিনামূলীয়া প্ৰদানৰ বাবে বৰঙণি হিচাপে আগবঢ়োৱা সাহায্য সামগ্ৰীৰ তিনিখন ট্ৰাকৰ ফ্লেগ অফ কৰে৷
  • কেৰালাঃ মুঠ নিশ্চিত আক্ৰান্তৰ সংখ্যা ৪৯৯ জন, সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩৪জন, মুকলি কৰি দিয়া হৈছে ৪৬৫ জনক, মৃত্যু হৈছে ৪ জনৰ৷
  • তামিলনাডুঃ আম্মা কেণ্টিনত কাম কৰা আৱিন মালিকৰ দেহত পোৱা হৈছে ক’ৰোনাৰ বীজাণু৷ কালিলৈকে আক্ৰান্তৰ সংখ্যা আছিল ৩৫৫০ জন, সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২১০৭ জন, মৃত্যু হৈছে ৩১ জনৰ৷
  • কৰ্ণাটকঃ আজি ৮ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ প্ৰতিবেদন পোৱা গৈছে৷ এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৬৫৯ জন, মৃত্যু হৈছে ২৮ জনৰ৷ মুকলি কৰি দিয়া গৈছে ৩২৪ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ সুৰাৰ মূল্য ৫০ শতাংশ বৃদ্ধি, ব্যৱসায়ৰ সময় হ্ৰাস কৰিছে কৰিছে ৰাজ্য চৰকাৰে৷ মুঠ আক্ৰান্তৰ সংখ্যা ১৭১৭ জন৷ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১০৯৪ জন৷ আৰোগ্য হৈছে ৫৮৯ জন আৰু মৃত্যু হৈছে ৩৪ জনৰ৷
  • তেলেংগানাঃ এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ১০৮৫ জন, সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৪৭১ জন, আৰোগ্য হৈছে ৫৮৫ জন, ২৯ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যাই ১৪,৫৪১ৰ সীমা স্পৰ্শ কৰিছে৷ ৰাজ্যখনত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা হৈছে ৫৮৩ জন৷
  • গুজৰাটঃ গুজৰাটত ক’ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা হৈছে ৫৮০৪ জন আৰু মৃত্যু হৈছে ৩১৯ জনৰ৷ আৰোগ হৈছে ১১৯৫ জন৷
  • ৰাজস্থানঃ মুঠ আক্ৰান্তৰ সংখ্যা ৩০৬১ জন, আৰোগ্য হৈছে ১৩৯৪ জন আৰু মৃত্যু হৈছে ৭৭ জনৰ৷
  • মধ্য প্ৰদেশঃ ১৬৫ লোকৰ মৃত্যুৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২৯৫২ জন৷ আৰোগ্য হৈছে ৭৯৮ জন৷
  • অৰুণাচল প্ৰদেশঃ বহিঃৰাজ্যত আৱদ্ধ লোকসকলক ঘূৰাই অনাৰ সুবিধাৰ বাবে চৰকাৰে সংশ্লিষ্ট ন’ডেল বিষয়াসকলৰ যোগাযোগৰ নম্বৰ প্ৰকাশ কৰিছে আৰু  covid19.itanagarsmartcity.in/index.php শীৰ্ষক এক ৱেৱছাইট মুকলি কৰিছে৷
  • অসমঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইন হৈ থকা প্ৰথম বেটচৰ ১২৪ জন কোটাৰ শিক্ষাৰ্থীক #ক’ভিড-১৯ৰ ফলাফল নিগেটিভ অহাৰ পিছত মুকলি কৰি দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে৷
  • মণিপুৰঃ মুখ্যমন্ত্ৰীয়ে কৃষি আৰু উদ্যান শস্য বিভাগৰ টাস্ক ফ’ৰ্চৰ বৈঠকত অংশগ্ৰহণ কৰে৷ অধিক সংখ্যক লোকক প্ৰশিক্ষণ প্ৰদান কৰি ৰাজ্যখনত ক’ভিড-১৯ৰ পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মিজোৰামঃ লাৱংটলাই জিলাৰ ১৭৩ জন লোক অসম, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা মিজোৰামলৈ ঘূৰি আহিছে আৰু তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে৷
  • নাগালেণ্ডঃ সংশোধিত নিৰ্দেশনাৱলী অনুসৰি ৰাজ্যখনৰ ভিতৰত নাগৰিকসকলৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে৷ টেক্সি আৰু ৰিক্সাসমূহক নিৰ্ধাৰিত নিয়মানুসৰি চলাচল কৰিবলৈ দিয়া হৈছে৷ যাত্ৰীবাহী বাছৰ বাতিল অব্যাহত আছে৷
  • ত্ৰিপুৰাঃ চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ যিয়ে গৃহ ৰাজ্যলৈ ঘূৰি আহিব বিচাৰে তেওঁলোকৰ পঞ্জীয়নৰ বাবে covid19.tripura.gov.in শীৰ্ষক এক নতুন পৰ্টেল মুকলি কৰিছে৷

ফেক্ট চেক



(Release ID: 1621291) Visitor Counter : 208