প্ৰতিৰক্ষা মন্ত্ৰালয়

‘ক’ৰোনা-যোদ্ধা’সকললৈ সশস্ত্ৰ সেনাবাহিনীৰ অভিবাদনক ভূয়সী প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ

Posted On: 03 MAY 2020 7:33PM by PIB Guwahati

দিন-ৰাতি একাকাৰ কৰি কৰোনা-আক্ৰন্তসকললৈ চিকিত্সা আগবঢ়োৱা চিকিত্সকলসকলৰ লগতে স্বাস্থ্য-কৰ্মী, আৰক্ষীকে ধৰি অন্যান্য ৰোনা-যোদ্ধাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সংশ্লিষ্টসকলক মানসিকভাবে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে সশস্ত্ৰ সেনাবাহিনীয়ে সমগ্ৰ দেশৰ জল-স্থল আৰু আকাশত শতাধিক অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভূয়সী প্ৰশংসা কৰে।  

এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, মহামাৰীৰ বিৰুদ্ধে দেহেকেহে যুঁজি থকা কৰোনা-যোদ্ধাসকলক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে সশস্ত্ৰ সেনাবাহিনীয়ে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। কভিড-১৯ৰ সৈতে যুঁজি থকা এইসকল অগ্ৰণী যোদ্ধাই আক্ষৰিক অৰ্থতে প্ৰশংসনীয় কাম কৰিছে, সেয়ে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে এনে অনুষ্ঠানৰ আয়োজনৰ বিশেষ প্ৰসংগিকতা আছে

বায়ুসেনা বাহিনী, নৌ-সেনা আৰু উপকূলৰক্ষী বাহিনীয়ে হেলিকপ্টাৰৰ জৰিয়তে চিকিত্সালয়সমূহত পুষ্প-বৰ্ষণ কৰি কৰোনা-যোদ্ধাসকলক শ্ৰদ্ধা নিবেদন কৰা কথাই কভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশেযে সংঘবদ্ধ ভাবে যুঁজাৰ পণ লৈছে সেই কথাই প্ৰতিপন্ন কৰিছে।

শ্ৰী সিঙে, এই কা্ৰ্য-ক্ৰঅনুষ্ঠিত কৰাৰ বাবে সশস্ত্ৰ সেনাবাহিনীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, সেনাবাহিনীৰ তৰফৰ পৰা বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে যুঁজাৰু বিমানৰ বিভিন্ন সমৰ-সজ্জা প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। ইয়াৰ ভিতৰত ছুখই-৩০, এমকেআই, মিগ-২৯ শ্ৰেণীৰ যুঁজাৰু বিমানৰ বিভিন্ন সজ্জা প্ৰত্যক্ষ কৰে দিল্লীবাসীয়ে। ইফালে, চি-১৩০জে হাৰ্কুলিছ পৰিবহণ বিমানে কৰা পৰিক্ৰমা প্ৰত্যক্ষ কৰে ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ এলেকাৰ বাসিন্দাসকলে। সেইদৰে, নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে আন্দামান নিকোবৰ, লাক্ষাদ্বীপ আৰু মিনিকয় দ্বীপমালাকে ধৰি দেশৰ উপকূলীয় অঞ্চলৰ ২৫টা স্থানত জাহাজসমূহ বিজুলীবাতিৰে পোহৰোৱাৰ দিহা কৰে।

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/KB



(Release ID: 1620910) Visitor Counter : 195